--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীৰ হাতত নিজৰ নাম দেখি উচ্ছসিত ছানী লিয়নী। অনুৰাগীজনৰ সৈতে সাক্ষাত্‍ৰ মুহূৰ্ত বন্দী হৈছে কেমেৰাত। আনন্দিত ছানীয়ে ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। কেৱল সেয়াই নহয় ভৱিষ্যতে সেই যুৱকজনে কইনা বিচাৰি পাব নে নাই তাক লৈয়ো ব্যাংগ কৰে ছানী লিয়নীয়ে। ছানী লিয়নীয়ে শ্বেয়াৰ কৰা একেটা ভিডিঅ'ত দেখা গৈছিল যে, এগৰাকী অনুৰাগীয়ে প্ৰিয় অভিনেত্ৰীগৰাকীৰ নাম তেওঁৰ হাতত টাটু কৰাইছিল। তাকে দেখি অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। ভিডিঅ’টোত ছানীয়ে কয়, ‘ইয়ালৈ আহক। এইটো চাওক। বৰ ভাল হৈছে। বহুত বহুত ধন্যবাদ তোমাক।’ ছানী লিয়নীৰ পৰা এনে প্ৰশংসা লাভ কৰি আনন্দিত,আহ্লাদিত, উচ্ছসিত অনুৰাগীও। ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক গুলপীয়া শাৰীৰে দক্ষিণৰ পোছাকত দেখিবলৈ পোৱা গৈছে। পিন্ধিছে চকু চাত মাৰি ধৰা অলংকাৰ। উল্লেখ্য যে, দিনদিয়েক আগেয়ে তেলেগু ছবি 'ৰেণুকাছ ৱেডিং' ছবিৰ দৃশ্যগ্ৰহণৰ বাবে তিৰুপতিলৈ গৈছিল ছানীয়ে। তাতেই অনুৰাগীজনে তেওঁৰ প্ৰিয় অভিনেত্ৰীগৰাকীক সাক্ষাতৰ বাবে দৌৰি গৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ভাৰতীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাত্‍কাৰত তেওঁ কয়, তেওঁলোকে মোক ইমান মৰম-ভালপোৱা দিছে।যেনেকৈ তেওঁলোকে মোক মনৰ পৰা অভিনেত্ৰী বুলি ধৰি লৈছে তাতে মই ধন্য।মই ভাৱো, যিসকলে প্ৰথম বা দ্বিতীয় ছবিৰ পৰাই আপোনাৰ সৈতে থাকে, তেওঁলোকে গোটেই যাত্ৰাপথতে লগত থাকি যায়।ময়ো সময়ৰ লগে লগে অভিনেত্ৰী হিচাপে নিজকে ভালকৈ গঢ়িল তুলিছো। যিমানে সময় গৈছে তেনদৰেই অনুৰাগীয়ে মোক ভালপোৱা দি গৈছে। অলপতে, বিক্ৰম ভাট পৰিচালিত ৱেব ছিৰিজ ‘অনামিকা’ত দেখিবলৈ পোৱা গৈছে ছানী লিয়নীক।বৰ্তমান মালায়লম ছবি ‘ৰঙ্গিলা’ৰ শ্বুটিঙত ব্যস্ত তেওঁ। ছবিখনৰ পৰিচালনা কৰিছে সন্তোষ নায়াৰে। ইয়াৰোপৰি, তামিল ছবি ‘ভীৰমাদেৱী’ ছবিখনৰ মুখ্য চৰিত্ৰতো অভিনয় কৰিব ছানী লিয়নীয়ে।   prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক