--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিনচেল নগৰীত গুঞ্জন, সুস্মিতা সেনৰ পাছত এইবাৰ তেওঁৰ ভায়েক ৰাজীৱ সেনৰ সংসাৰতো ফাট মেলিছে হেনো! ৰাজীৱ আৰু অভিনেত্ৰী চাৰু আছোপাৰ বিবাহ বিচ্ছেদৰ খবৰ এতিয়া সকলোৰে মুখে মুখে। পাছে ফাকুৱাৰ উত্‍সৱত সকলো মনোমালিন্য ধুই পেলালে ৰাজীৱ-আছোপাই। সুস্মিতাৰ ভায়েক তেওঁৰ পত্নী আৰু জীয়ৰীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ফটোখনৰ কেপচনত ৰাজীৱে লিখিছে, ‘জিয়ানাৰ প্ৰথম হোলী মাক-দেউতাকৰ সৈতে। সকলোকে হোলীৰ শুভেচ্ছা।’ এসপ্তাহ পূৰ্বে, ৰাজীৱ-চাৰুৰ বিবাহ বিচ্ছেদৰ কথা বিয়পি পৰিছিল বলউডত। চাৰুৱে জিয়ানাৰ সৈতে ৰাজস্থানত তেওঁৰ পিতৃৰ বাসগৃহলৈ গুচি যোৱা বুলিও উঠিছিল গুঞ্জন। ইফালে ৰাজীৱে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত জীয়েকক সম্বোধন কৰি লিখিছে, ‘মই তোমাক কিমান দিন ধৰি দেখা নাই সোণ।কিমান আৰু এনেকৈ দূৰে দূৰে থাকিম।’ স্বাভাৱিকতে ৰাজীৱৰ এই প’ষ্টৰ পাছত সৰ্বত্ৰে সন্দেহ বৃদ্ধি পাইছিল।   স্মৰ্তব্য যে, ২০১৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৰাজীৱ-চাৰুৱে। কিন্তু বিয়াৰ কেইমাহমান আগৰ পৰাই তেওঁলোকৰ মাজত সমস্যাই দেখা দিছিল। সাময়িক মীমাংসাৰ পাছত তেওঁলোকে বিবাহ পাশত আৱদ্ধও হৈছিল। ২০২০ চনত তেওঁলোকে প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰা নাছিল বুলিও বহুতে সন্দেহ কৰিছিল।সেই সময়ত তেওঁলোকৰ মাজত দেখা দিয়া সমস্যাৰ বিষয়ে স্বীকাৰো কৰিছিল ৰাজীৱ-চাৰুৱে। তেওঁলোকে আৰু একেলগে নাথাকে বুলিও জনাইছিল। কিন্তু কন্যা সন্তান জন্মৰ পাছত সকলো সলনি হৈ যায়।বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁলোকৰ ৩বছৰীয়া সম্পৰ্কত ইতিৰেখা টানিছিল সুস্মিতা-ৰোহমানে। তাৰ পাছতে একেটা পৰিয়ালৰ আন এখন বিবাহ বিচ্ছেদক লৈ চিন্তিত হৈ পৰিছিল অনুৰাগী। কিন্তু তাৰ আগতে দীৰ্ঘদিন ধৰি প্ৰচলিত অনুমানৰ তথা গুঞ্জন ৰ অন্ত পেলায় ৰাজীৱে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক