--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিনচেল নগৰীত গুঞ্জন, সুস্মিতা সেনৰ পাছত এইবাৰ তেওঁৰ ভায়েক ৰাজীৱ সেনৰ সংসাৰতো ফাট মেলিছে হেনো! ৰাজীৱ আৰু অভিনেত্ৰী চাৰু আছোপাৰ বিবাহ বিচ্ছেদৰ খবৰ এতিয়া সকলোৰে মুখে মুখে। পাছে ফাকুৱাৰ উত্‍সৱত সকলো মনোমালিন্য ধুই পেলালে ৰাজীৱ-আছোপাই। সুস্মিতাৰ ভায়েক তেওঁৰ পত্নী আৰু জীয়ৰীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ফটোখনৰ কেপচনত ৰাজীৱে লিখিছে, ‘জিয়ানাৰ প্ৰথম হোলী মাক-দেউতাকৰ সৈতে। সকলোকে হোলীৰ শুভেচ্ছা।’ এসপ্তাহ পূৰ্বে, ৰাজীৱ-চাৰুৰ বিবাহ বিচ্ছেদৰ কথা বিয়পি পৰিছিল বলউডত। চাৰুৱে জিয়ানাৰ সৈতে ৰাজস্থানত তেওঁৰ পিতৃৰ বাসগৃহলৈ গুচি যোৱা বুলিও উঠিছিল গুঞ্জন। ইফালে ৰাজীৱে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত জীয়েকক সম্বোধন কৰি লিখিছে, ‘মই তোমাক কিমান দিন ধৰি দেখা নাই সোণ।কিমান আৰু এনেকৈ দূৰে দূৰে থাকিম।’ স্বাভাৱিকতে ৰাজীৱৰ এই প’ষ্টৰ পাছত সৰ্বত্ৰে সন্দেহ বৃদ্ধি পাইছিল।   স্মৰ্তব্য যে, ২০১৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৰাজীৱ-চাৰুৱে। কিন্তু বিয়াৰ কেইমাহমান আগৰ পৰাই তেওঁলোকৰ মাজত সমস্যাই দেখা দিছিল। সাময়িক মীমাংসাৰ পাছত তেওঁলোকে বিবাহ পাশত আৱদ্ধও হৈছিল। ২০২০ চনত তেওঁলোকে প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰা নাছিল বুলিও বহুতে সন্দেহ কৰিছিল।সেই সময়ত তেওঁলোকৰ মাজত দেখা দিয়া সমস্যাৰ বিষয়ে স্বীকাৰো কৰিছিল ৰাজীৱ-চাৰুৱে। তেওঁলোকে আৰু একেলগে নাথাকে বুলিও জনাইছিল। কিন্তু কন্যা সন্তান জন্মৰ পাছত সকলো সলনি হৈ যায়।বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁলোকৰ ৩বছৰীয়া সম্পৰ্কত ইতিৰেখা টানিছিল সুস্মিতা-ৰোহমানে। তাৰ পাছতে একেটা পৰিয়ালৰ আন এখন বিবাহ বিচ্ছেদক লৈ চিন্তিত হৈ পৰিছিল অনুৰাগী। কিন্তু তাৰ আগতে দীৰ্ঘদিন ধৰি প্ৰচলিত অনুমানৰ তথা গুঞ্জন ৰ অন্ত পেলায় ৰাজীৱে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু