--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজবেকিস্তানত আৰম্ভ হৈছে ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিয়েই উজবেকিস্তান অভিমুখে উৰা মাৰিছিল। আজি সন্মিলনৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মোদীয়ে ভাৰতক এখন আগশাৰীৰ দেশত পৰিণত কৰিবলৈ সকলো সদস্য ৰাষ্ট্ৰৰে সহযোগিতা কামনা কৰে।

আঠখন ৰাষ্ট্ৰৰ গোটৰ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ইৰাণৰ ৰাষ্ট্ৰপতি  ইব্ৰাহিম ৰাইচি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু মধ্য এছিয়াৰ দেশসমূহৰ অন্যান্য নেতাসকল উপস্থি্ত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনৰ সময়ত  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, উজবেক ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।  তেওঁ আজি  উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভক ছাংহাই সহযোগিতা সংস্থা (এছচিঅ') সন্মিলনত সাক্ষাৎ কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ উজবেক ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভক সাক্ষাৎ কৰিবলৈও অপেক্ষা কৰি আছিল। তেওঁ লগতে কয়, "মই ২০১৮ চনত তেওঁৰ ভাৰত ভ্ৰমণৰ কথা মনত পেলাইছো। তেওঁ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনকো আকৰ্ষণীয় কৰি তুলিছিল। উক্ত অনুষ্ঠানত তেওঁ   সন্মানীয় অতিথি আছিল। তদুপৰি, সন্মিলনত অংশগ্ৰহণ কৰা আন কেইজনমান নেতাৰ সৈতে মই দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম ।" দুয়োখন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কত শীতলতাৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি ঝি  আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতেও মোদীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। 

২০০১ চনৰ জুন মাহত ছাংহাইত আৰম্ভ কৰা এছচিঅ'ৰ আঠখন  সদস্য ৰাষ্ট্ৰ আছে, সেই সদস্য ৰাষ্ট্ৰ সমূহৰ  ভিতৰত আছে  ছয়জন প্ৰতিষ্ঠাপক সদস্য, চীন, কাজাখস্তান, কিৰগিজস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। ভাৰত আৰু পাকিস্তানে ২০১৭ চনত সদস্যপদ  গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী  মোডীয়ে বৃহস্পতিবাৰে উজবেকিস্তানলৈ গৈছে।   সন্মিলনৰ সময়তে মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে  আলোচনাত মিলিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান