--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজবেকিস্তানত আৰম্ভ হৈছে ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিয়েই উজবেকিস্তান অভিমুখে উৰা মাৰিছিল। আজি সন্মিলনৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মোদীয়ে ভাৰতক এখন আগশাৰীৰ দেশত পৰিণত কৰিবলৈ সকলো সদস্য ৰাষ্ট্ৰৰে সহযোগিতা কামনা কৰে।

আঠখন ৰাষ্ট্ৰৰ গোটৰ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ইৰাণৰ ৰাষ্ট্ৰপতি  ইব্ৰাহিম ৰাইচি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু মধ্য এছিয়াৰ দেশসমূহৰ অন্যান্য নেতাসকল উপস্থি্ত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনৰ সময়ত  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, উজবেক ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।  তেওঁ আজি  উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভক ছাংহাই সহযোগিতা সংস্থা (এছচিঅ') সন্মিলনত সাক্ষাৎ কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ উজবেক ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভক সাক্ষাৎ কৰিবলৈও অপেক্ষা কৰি আছিল। তেওঁ লগতে কয়, "মই ২০১৮ চনত তেওঁৰ ভাৰত ভ্ৰমণৰ কথা মনত পেলাইছো। তেওঁ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনকো আকৰ্ষণীয় কৰি তুলিছিল। উক্ত অনুষ্ঠানত তেওঁ   সন্মানীয় অতিথি আছিল। তদুপৰি, সন্মিলনত অংশগ্ৰহণ কৰা আন কেইজনমান নেতাৰ সৈতে মই দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম ।" দুয়োখন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কত শীতলতাৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি ঝি  আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতেও মোদীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। 

২০০১ চনৰ জুন মাহত ছাংহাইত আৰম্ভ কৰা এছচিঅ'ৰ আঠখন  সদস্য ৰাষ্ট্ৰ আছে, সেই সদস্য ৰাষ্ট্ৰ সমূহৰ  ভিতৰত আছে  ছয়জন প্ৰতিষ্ঠাপক সদস্য, চীন, কাজাখস্তান, কিৰগিজস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। ভাৰত আৰু পাকিস্তানে ২০১৭ চনত সদস্যপদ  গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী  মোডীয়ে বৃহস্পতিবাৰে উজবেকিস্তানলৈ গৈছে।   সন্মিলনৰ সময়তে মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে  আলোচনাত মিলিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ