--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতালিবানৰ কৱলত থকা আফগানিস্তান পুনৰ উত্তপ্ত হৈ পৰিছে।যোৱা বছৰ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছতো নৰ্দাৰ্ণ এলায়েন্সৰ নেতা আহমেদ পাঞ্জশিৰত মাছুদে কেইবা মাহ ধৰি প্ৰতিৰোধ অব্যাহত ৰাখিছিল।তেওঁক সহায় কৰিছিল  আফগানিস্তানৰ  প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে।

এবছৰৰ পিছত পাঞ্জশিৰত পুনৰ যুঁজ আৰম্ভ হৈছে। বুধবাৰৰ পৰা উত্তৰ-পশ্চিম আফগানিস্তান অঞ্চলত তালিবান বাহিনী আৰু নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ (যাক নৰ্দাৰ্ণ এলায়েন্স বুলিও জনা যায়) যুঁজাৰুসকলৰ মাজত তুমুল  যুঁজ আৰম্ভ হোৱাৰ খবৰ আহিছে। তালিবানে দাবী কৰিছে যে সংঘৰ্ষত ইতিমধ্যে কমেও ৪০ জন মিত্ৰজোঁটৰ যুঁজাৰু নিহত হৈছে। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে ৰেকা, ডেৰা আৰু আফছাৰ অঞ্চলৰ অভিযানত নৰ্দাৰ্ণ এলায়েন্সৰ যুঁজাৰুসকল নিহত হৈছে।নৰ্দাৰ্ণ এলায়েন্সৰ নেতা আহমেদ মাছুদে প্ৰতিৰোধ অব্যাহত ৰাখিছে।  তালিবানে পৰ্বতৰে আৱৰি থকা পাঞ্জশিৰ উপত্যকা দখল কৰিবলৈ সক্ষম হৈছে।

যোৱা বছৰ আগষ্টত তালিবানৰ কাবুল অধিগ্ৰহণৰ পিছত  নৰ্দাৰ্ণ এলায়েন্সে অভিযোগ কৰিছিল যে উত্তৰ লাইট ইনফেণ্ট্ৰী (এনএলআই) আৰু পাকিস্তান সেনাৰ বিশেষ সেৱা গোট (এছএছজি) কমাণ্ডোসকলে তাত তালিবানৰ হৈ যুঁজ দিছিল। তেওঁলোকৰ সহায়তে তালিবানেপাঞ্জশিৰ দখল কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য অতীতত পাকিস্তান সেনাৰ এই দুটা বাহিনীয়ে কাৰ্গিল যুদ্ধত কৰাৰো উদাহৰণ আছে।

মাছুদৰ পিতৃ আহমেদ শ্বাহ মাছুদে প্ৰায় আঢ়ৈ দশক আগতে তালিবান বিৰোধী নৰ্দাৰ্ণ এলায়েন্স প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত, তালিবানে পাঞ্জশিৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পৰা নাছিল। ২০০১ চনত টুইন টাৱাৰ আক্ৰমণৰ দুদিন আগতে  সাংবাদিকৰ ছদ্মবেশত অহা আল-কায়েদাৰ মানৱ বোমা আক্ৰমণত আহমেদ শ্বাহ মাছুদ নিহত হৈছিল।  

পাঞ্জশিৰ উপত্যকাত এতিয়াও মাছুদৰ প্ৰতি অনুগত হাজাৰ হাজাৰ তাজিক মিলিছিয়া যোদ্ধা আছে। ইয়াৰ উপৰি নৰ্দাৰ্ণ এলায়েন্স আৰ্মীত কিছুসংখ্যক  আফগান সৈন্যও আছে। শেহতীয়া যুঁজৰ সময়তে তালিবানে দাবী কৰিছে যে মাছুদে এতিয়া সীমান্তৰ সিপাৰে তাজিকিস্তানত আশ্ৰয় লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে