--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতালিবানৰ কৱলত থকা আফগানিস্তান পুনৰ উত্তপ্ত হৈ পৰিছে।যোৱা বছৰ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছতো নৰ্দাৰ্ণ এলায়েন্সৰ নেতা আহমেদ পাঞ্জশিৰত মাছুদে কেইবা মাহ ধৰি প্ৰতিৰোধ অব্যাহত ৰাখিছিল।তেওঁক সহায় কৰিছিল  আফগানিস্তানৰ  প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে।

এবছৰৰ পিছত পাঞ্জশিৰত পুনৰ যুঁজ আৰম্ভ হৈছে। বুধবাৰৰ পৰা উত্তৰ-পশ্চিম আফগানিস্তান অঞ্চলত তালিবান বাহিনী আৰু নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ (যাক নৰ্দাৰ্ণ এলায়েন্স বুলিও জনা যায়) যুঁজাৰুসকলৰ মাজত তুমুল  যুঁজ আৰম্ভ হোৱাৰ খবৰ আহিছে। তালিবানে দাবী কৰিছে যে সংঘৰ্ষত ইতিমধ্যে কমেও ৪০ জন মিত্ৰজোঁটৰ যুঁজাৰু নিহত হৈছে। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে ৰেকা, ডেৰা আৰু আফছাৰ অঞ্চলৰ অভিযানত নৰ্দাৰ্ণ এলায়েন্সৰ যুঁজাৰুসকল নিহত হৈছে।নৰ্দাৰ্ণ এলায়েন্সৰ নেতা আহমেদ মাছুদে প্ৰতিৰোধ অব্যাহত ৰাখিছে।  তালিবানে পৰ্বতৰে আৱৰি থকা পাঞ্জশিৰ উপত্যকা দখল কৰিবলৈ সক্ষম হৈছে।

যোৱা বছৰ আগষ্টত তালিবানৰ কাবুল অধিগ্ৰহণৰ পিছত  নৰ্দাৰ্ণ এলায়েন্সে অভিযোগ কৰিছিল যে উত্তৰ লাইট ইনফেণ্ট্ৰী (এনএলআই) আৰু পাকিস্তান সেনাৰ বিশেষ সেৱা গোট (এছএছজি) কমাণ্ডোসকলে তাত তালিবানৰ হৈ যুঁজ দিছিল। তেওঁলোকৰ সহায়তে তালিবানেপাঞ্জশিৰ দখল কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য অতীতত পাকিস্তান সেনাৰ এই দুটা বাহিনীয়ে কাৰ্গিল যুদ্ধত কৰাৰো উদাহৰণ আছে।

মাছুদৰ পিতৃ আহমেদ শ্বাহ মাছুদে প্ৰায় আঢ়ৈ দশক আগতে তালিবান বিৰোধী নৰ্দাৰ্ণ এলায়েন্স প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত, তালিবানে পাঞ্জশিৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পৰা নাছিল। ২০০১ চনত টুইন টাৱাৰ আক্ৰমণৰ দুদিন আগতে  সাংবাদিকৰ ছদ্মবেশত অহা আল-কায়েদাৰ মানৱ বোমা আক্ৰমণত আহমেদ শ্বাহ মাছুদ নিহত হৈছিল।  

পাঞ্জশিৰ উপত্যকাত এতিয়াও মাছুদৰ প্ৰতি অনুগত হাজাৰ হাজাৰ তাজিক মিলিছিয়া যোদ্ধা আছে। ইয়াৰ উপৰি নৰ্দাৰ্ণ এলায়েন্স আৰ্মীত কিছুসংখ্যক  আফগান সৈন্যও আছে। শেহতীয়া যুঁজৰ সময়তে তালিবানে দাবী কৰিছে যে মাছুদে এতিয়া সীমান্তৰ সিপাৰে তাজিকিস্তানত আশ্ৰয় লৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ