--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰবীণ ক্ৰিকেটাৰ ছোৱেব মালিকে ভাৰতীয় টেনিছ কিংবদন্তী ছানিয়া মিৰ্জাৰ সৈতে  বিবাহ বিচ্ছেদ কৰা বুলি বিভিন্ন মহলত খবৰ বাগৰি ফুৰাৰ সময়তে ছোৱেবে পাকিস্তানৰ  অভিনেত্ৰী ছানা জাভেদক বিয়া কৰোৱা বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে খবৰ প্ৰচাৰ কৰিছে। 

খবৰ অনুসৰি  মালিকে শনিবাৰে এক্স-ত এটা ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ছানাক বিয়া কৰোৱাৰ খবৰটো  শ্বেয়াৰ কৰিছে। পোষ্টটোত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ছবিবোৰ সন্নিষ্ট  কৰা হৈছে যাৰ শিৰোনাম হৈছে: "আৰু আমি এতিয়া এহাল যুটি হৈ পৰিছো।" ক্ৰিকেটাৰজনে যোৱা বছৰ অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাকলৈ  বিভিন্ন মহলত নানান চৰ্চা আৰম্ভ হৈছিল। আনকি মালিক আৰু জাভেদৰ ডেটিঙৰ উৰাবাতৰিও ওলাইছিল। 


৪১ বছৰীয়া ছোৱেবে  জাভেদৰ সমৰ্থনত বহু সময়ত মাত মাতি আহিছে। বিশেষককৈ  অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙৰ ছেটত কনিষ্ঠ আৰু মেক-আপ শিল্পীসকলক  অভদ্ৰ আচৰণ কৰা বুলি হোৱা সমালোচনাৰ সময়তে ছোৱেবে ছানাৰ কাষত থিয় দিছিল।মালিকে ২০২২ চনৰ মাৰ্চ মাহত টুইট কৰি কৈছিল, "মই ছানা জাভেদক বহু দিনৰে পৰা পৰা চিনি পাওঁ আৰু তেওঁৰ সৈতে একাধিকবাৰ কাম কৰাৰ সুযোগ পাইছো, মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কেৱল ক'ব পাৰোঁ যে তেওঁ সদায় মোৰ আৰু আমাৰ চাৰিওফালৰ লোকসকলৰ প্ৰতি দয়ালু আৰু নম্ৰ আছিল।" ছানাৰ সৈতে ছোৱেবৰ বিয়াৰ খবৰে এতিয়া ভাৰততো আলোড়ণৰ সৃষ্টি কৰিছে। 

ছানিয়া মিৰ্জাৰ সৈতে ছোৱেবৰ সম্পৰ্কৰ অৱনতি ঘটিছিল কিছু বছৰ আগৰে পৰাই। অৱশ্যে তেওঁলোকে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা কৰা নাই। এতিয়া ছোৱেবে ছানাক বিয়া পতাৰ খবৰে ছানিয়াৰ সৈতে যে ছোৱেবৰ সংসাৰ ভাঙিছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে। অৱশ্যে ছানিয়াই এতিয়ালৈকে এই বিষয়ত মাত মতা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক