--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰবীণ ক্ৰিকেটাৰ ছোৱেব মালিকে ভাৰতীয় টেনিছ কিংবদন্তী ছানিয়া মিৰ্জাৰ সৈতে  বিবাহ বিচ্ছেদ কৰা বুলি বিভিন্ন মহলত খবৰ বাগৰি ফুৰাৰ সময়তে ছোৱেবে পাকিস্তানৰ  অভিনেত্ৰী ছানা জাভেদক বিয়া কৰোৱা বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে খবৰ প্ৰচাৰ কৰিছে। 

খবৰ অনুসৰি  মালিকে শনিবাৰে এক্স-ত এটা ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ছানাক বিয়া কৰোৱাৰ খবৰটো  শ্বেয়াৰ কৰিছে। পোষ্টটোত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ছবিবোৰ সন্নিষ্ট  কৰা হৈছে যাৰ শিৰোনাম হৈছে: "আৰু আমি এতিয়া এহাল যুটি হৈ পৰিছো।" ক্ৰিকেটাৰজনে যোৱা বছৰ অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাকলৈ  বিভিন্ন মহলত নানান চৰ্চা আৰম্ভ হৈছিল। আনকি মালিক আৰু জাভেদৰ ডেটিঙৰ উৰাবাতৰিও ওলাইছিল। 


৪১ বছৰীয়া ছোৱেবে  জাভেদৰ সমৰ্থনত বহু সময়ত মাত মাতি আহিছে। বিশেষককৈ  অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙৰ ছেটত কনিষ্ঠ আৰু মেক-আপ শিল্পীসকলক  অভদ্ৰ আচৰণ কৰা বুলি হোৱা সমালোচনাৰ সময়তে ছোৱেবে ছানাৰ কাষত থিয় দিছিল।মালিকে ২০২২ চনৰ মাৰ্চ মাহত টুইট কৰি কৈছিল, "মই ছানা জাভেদক বহু দিনৰে পৰা পৰা চিনি পাওঁ আৰু তেওঁৰ সৈতে একাধিকবাৰ কাম কৰাৰ সুযোগ পাইছো, মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কেৱল ক'ব পাৰোঁ যে তেওঁ সদায় মোৰ আৰু আমাৰ চাৰিওফালৰ লোকসকলৰ প্ৰতি দয়ালু আৰু নম্ৰ আছিল।" ছানাৰ সৈতে ছোৱেবৰ বিয়াৰ খবৰে এতিয়া ভাৰততো আলোড়ণৰ সৃষ্টি কৰিছে। 

ছানিয়া মিৰ্জাৰ সৈতে ছোৱেবৰ সম্পৰ্কৰ অৱনতি ঘটিছিল কিছু বছৰ আগৰে পৰাই। অৱশ্যে তেওঁলোকে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা কৰা নাই। এতিয়া ছোৱেবে ছানাক বিয়া পতাৰ খবৰে ছানিয়াৰ সৈতে যে ছোৱেবৰ সংসাৰ ভাঙিছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে। অৱশ্যে ছানিয়াই এতিয়ালৈকে এই বিষয়ত মাত মতা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু