--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ সাহিত্যিক ছলমান ৰুছদিক আক্ৰমণ কৰা লোকজনক ইৰাণ চৰকাৰে পুৰস্কৃত কৰিব। যোৱা আগষ্ট মাহত নিউয়ৰ্কত ৰুছদিক আক্ৰমণ কৰা হাদি মাতাৰ নামৰ এই লোকজনৰ বাবে এটা বঁটা ঘোষণা কৰিছে আলী হোছেইনী খোমেইনীৰ দেশখনে।

ইৰাণৰ চৰকাৰী টিভিয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি, চৰকাৰী সমৰ্থিত ট্ৰাষ্টে হাদীক ১০০০ বৰ্গমিটাৰ কৃষিভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে।

অৱশ্যে ৰুছদীক আক্ৰমণ কৰা ২৫ বছৰীয়া হাদী এতিয়া নিউয়ৰ্কৰ কাৰাগাৰত। তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে। এতিয়া তেওঁৰ বাবে বঁটা গ্ৰহণ কৰাটো সম্ভৱ নহয়।

ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা খোমেইনীৰ নামেৰে নামাকৰণ কৰা ট্ৰাষ্টৰ মুৰব্বী মহম্মদ ইছমাইল জাৰেইয়ে মঙলবাৰে কয়- ''ৰুছদী এতিয়া কাৰ্যতঃ মৃত্যুমুখী। আক্ৰমণটোৰ বাবেই এয়া সম্ভৱ হৈছে। গতিকে আমি হাদীক হাজাৰ হাজাৰ বৰ্গমিটাৰ কৃষিভূমি দিম। ইচ্ছা কৰিলে হাদীৰ নিৰ্দিষ্ট প্ৰতিনিধিৰ হাতত এই মাটি গতাই দিয়া হ’ব।’’

উল্লেখ্য যে আশীৰ দশকত ইৰাণত আলী খোমেইনীৰ পূৰ্বৰ আয়াতুল্লাহ খোমেইনীৰ শাসন চলি থকাৰ সময়ত ‘চাটানিক ভাৰ্চেজ’ উপন্যাসখন লিখাৰ ‘অপৰাধ’ৰ বাবে ৰুছদিৰ বিৰুদ্ধে ‘মৃত্যুৰ ফাতোৱা’ জাৰি কৰা হৈছিল। সেয়ে ৰুছদীয়ে এদশকৰো অধিক সময় আত্মগোপন কৰিবলগীয়া হৈছিল। সেই সময়ত তেওঁ জোচেফ এণ্টন ছদ্মনাম লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা