--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ সাহিত্যিক ছলমান ৰুছদিক আক্ৰমণ কৰা লোকজনক ইৰাণ চৰকাৰে পুৰস্কৃত কৰিব। যোৱা আগষ্ট মাহত নিউয়ৰ্কত ৰুছদিক আক্ৰমণ কৰা হাদি মাতাৰ নামৰ এই লোকজনৰ বাবে এটা বঁটা ঘোষণা কৰিছে আলী হোছেইনী খোমেইনীৰ দেশখনে।

ইৰাণৰ চৰকাৰী টিভিয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি, চৰকাৰী সমৰ্থিত ট্ৰাষ্টে হাদীক ১০০০ বৰ্গমিটাৰ কৃষিভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে।

অৱশ্যে ৰুছদীক আক্ৰমণ কৰা ২৫ বছৰীয়া হাদী এতিয়া নিউয়ৰ্কৰ কাৰাগাৰত। তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে। এতিয়া তেওঁৰ বাবে বঁটা গ্ৰহণ কৰাটো সম্ভৱ নহয়।

ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা খোমেইনীৰ নামেৰে নামাকৰণ কৰা ট্ৰাষ্টৰ মুৰব্বী মহম্মদ ইছমাইল জাৰেইয়ে মঙলবাৰে কয়- ''ৰুছদী এতিয়া কাৰ্যতঃ মৃত্যুমুখী। আক্ৰমণটোৰ বাবেই এয়া সম্ভৱ হৈছে। গতিকে আমি হাদীক হাজাৰ হাজাৰ বৰ্গমিটাৰ কৃষিভূমি দিম। ইচ্ছা কৰিলে হাদীৰ নিৰ্দিষ্ট প্ৰতিনিধিৰ হাতত এই মাটি গতাই দিয়া হ’ব।’’

উল্লেখ্য যে আশীৰ দশকত ইৰাণত আলী খোমেইনীৰ পূৰ্বৰ আয়াতুল্লাহ খোমেইনীৰ শাসন চলি থকাৰ সময়ত ‘চাটানিক ভাৰ্চেজ’ উপন্যাসখন লিখাৰ ‘অপৰাধ’ৰ বাবে ৰুছদিৰ বিৰুদ্ধে ‘মৃত্যুৰ ফাতোৱা’ জাৰি কৰা হৈছিল। সেয়ে ৰুছদীয়ে এদশকৰো অধিক সময় আত্মগোপন কৰিবলগীয়া হৈছিল। সেই সময়ত তেওঁ জোচেফ এণ্টন ছদ্মনাম লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন