--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বলীউডৰ অন্যতম নিপুণ অভিনেতা পংকজ ত্ৰিপাঠী। কিছুদিন পাছত মুক্তি পাব অভিনেতা গৰাকীৰ নতুন ছবি ‘মে অটল হুঁ’। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিকত ত্ৰিপাঠীৰ ৰূপ ইতিমধ্যে প্ৰকাশ পাইছে। ১৯ জানুৱাৰীত মুক্তি পাব ছবিখনে। ফলত পংকজ ত্ৰিপাঠ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। পংকজে বাৰে বাৰে এটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁক বিভিন্ন সাক্ষাৎকাৰত সোধা হৈছে যে আচলতে তেওঁৰ ৰাজনীতিৰ প্ৰতি কিবা প্ৰৱণতা আছে নেকি? কলেজীয়া দিনত পংকজ ত্ৰিপাঠী ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ৰ সদস্য আছিল। এই বিষয়টো সম্পৰ্কত তেওঁ কয় যে বিহাৰত সকলোৱেই ৰাজনীতিবিদ।

পংকজে কয়,“ মই কেতিয়াও মন্ত্ৰী হ’ব বিচৰা নাছিলোঁ। অৱশ্যে ৰাজনীতিৰ পথত থকাৰ হেঁপাহ আছিল। কিন্তু আৰক্ষীৰ মাৰপিটৰ পাছত আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজনীতিৰ সকলো চখৰ অন্ত পৰিল। ইয়াৰ পিছত অধিক নাটক, ক্ৰীড়াৰ আগ্ৰহ বৃদ্ধি পায়। ইমানবোৰ নাটক আৰু অভিনয় চোৱাৰ পাছত এইসমূহৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিল। এটা সময়ত ময়ো আন্দোলনত যোগদান কৰিছিলোঁ। আনকি এসপ্তাহ জেলত কটাবলগীয়া হৈছিল।”

উল্লেখযোগ্য যে কিছুদিন আগতে তেওঁ অভিনয় বাদ দিয়াৰ কথা উল্লেখ কৰিছিল। পংকজে কয়, ‘মে অটল হুঁ’ৰ প্ৰচাৰ শেষ হ’লেই সকলো এৰি দিম। মই প্ৰথমে ৮ ঘণ্টা টোপনি বিচাৰো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement