--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ আগশাৰীৰ তাৰকাৰ কন্যা। ৯০ দশকত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী। ইখনৰ পিছত সিখন হিট ছবিৰে ভৰি পৰিছিল কেৰিয়াৰ। কিন্তু কেৰিয়াৰ গঢ়িবলৈ পৰিয়ালৰ বিৰুদ্ধে যাবলগীয়া হোৱা অভিনেত্ৰীগৰাকীয়ে সেই কেৰিয়াৰৰ শিখৰত উপনীত হৈও অভিনয় জগতৰ পৰা আঁতৰি আহিছিল।

কাপুৰ পৰিয়ালক বালিউডক অন্যতম স্তম্ভ হিচাপে গণ্য কৰা হয়। সেই পৰিয়ালটোৰ কন্যা কৰিশ্মা কাপুৰে নব্বৈৰ দশকত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছিল। কিন্তু অভিনয়ৰ ক্ষেত্ৰখনত সোমাবলৈ কৰিশ্মাই পৰিয়ালৰ সকলো সদস্যৰ মতামতৰ বিপৰীতে যাব লগা হৈছিল।

বলীউডৰ অভিনেতা ৰণধীৰ কাপুৰৰ কন্যা কৰিশ্মা। পৃথ্বীৰাজ কাপুৰ, ৰাজ কাপুৰ, শম্মি কাপুৰ, ৰণধীৰ কাপুৰ, ঋষি কাপুৰ আদি বলীউডৰ শীৰ্ষ অভিনেতা আটাইকেইজনেই কাপুৰ পৰিয়ালৰ সদস্য। কিন্তু সেই পৰিয়ালটোৰ কন্যাই চিনেমাত অভিষেক ঘটাব বুলি শুনি সকলোৱে আপত্তি কৰিলে।

এটা পুৰণি সাক্ষাৎকাৰত কৰিশ্মাই কয় যে তেওঁ কাপুৰ পৰিয়ালৰ কন্যা হ’লেও অভিনয়ক পেছা হিচাপে বাছি লোৱাটো কোনেও নিবিচাৰে। কৰিশ্মাৰ ভগ্নী কৰীনা কাপুৰ খানেও এই কথা কয়। ছিমি গাডৱালৰ সৈতে হোৱা এক পুৰণি সাক্ষাৎকাৰত কৰীনাই কয় যে ৰাজ কাপুৰৰ পৰিয়ালত জন্ম লোৱাৰ পিছতো বলীউডত প্ৰৱেশ কৰাটো কৰিশ্মাৰ বাবে সহজ নাছিল।

কাপুৰ পৰিয়ালৰ সদস্যই তেওঁলোকৰ পৰিয়ালৰ কোনো মহিলা সদস্য অভিনয়ৰ লগত জড়িত হোৱাটো নিবিচাৰিছিল। এয়া আছিল তেওঁলোকৰ পাৰিবাৰিক পৰম্পৰা। কৰিশ্মাই তেওঁৰ বিৰোধিতা কৰি নিজৰ সপোন পূৰণক গুৰুত্ব দিয়ে।

কৰিশ্মা অকলশৰীয়া নহয়, তেওঁৰ ভগ্নী কৰীনাও বৰ্তমানৰ পাৰিবাৰিক পৰম্পৰাৰ বিৰুদ্ধে অভিনয় কৰিবলৈ ল’লে। যদিও বৰ্তমান কৰিশ্মা অভিনয় জগতৰ সৈতে জড়িত নহয়, তথাপিও কৰীনাক অভিনয় কৰা দেখা যায়।

চলিত বৰ্ষৰ ২১ ছেপ্টেম্বৰত কৰীনাই ৪৩ বছৰ সম্পূৰ্ণ কৰিলে। সেইদিনা তেওঁ অ’টিটি প্লেটফৰ্মত অভিষেক ঘটায়। কৰীনাৰ জন্মদিনত নেটফ্লিক্সত মুক্তি পালে ‘জেন জান’ চিনেমা। বঙালী পৰিচালক সুজয় ঘোষৰ পৰিচালনাত কৰীনাক অভিনয় কৰা দেখা গৈছে।

১৯৯১ চনত ‘প্ৰেম কায়েদি’ নামৰ এখন ৰোমান্টিক ধাৰাবাহিক ছবি ছবিগৃহত মুক্তি লাভ কৰে। ১৬ বছৰ বয়সত এই ছবিখনত অভিনয় কৰি কৰিশ্মাই বলীউডত অভিষেক ঘটায়। ছবিখনে বক্স অফিচত মধ্যমীয়া ব্যৱসায় কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে কৰিশ্মাই একেৰাহে ছবিত ব্যৰ্থ হৈছিল। কিন্তু ১৯৯২ চনত মুক্তি পোৱা ‘জিগাৰ’ আৰু ১৯৯৩ চনত মুক্তি পোৱা ‘আনাদি’ ছবিখনে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ সফলতাৰ প্ৰথম মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱানৰ সৈতে কাম আৰম্ভ কৰাৰ পিছতে কৰিশমাৰ জীৱনে এক বেলেগ মোড় লৈছিল। ডেভিদৰ পৰিচালনাত ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে অভিনেত্ৰীগৰাকী। নব্বৈৰ দশকৰ উপাৰ্জনৰ ভিত্তিত কৰিশ্মাই বলীউডৰ অভিনেত্ৰীৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছিল। কিন্তু কেৰিয়াৰৰ সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছত হঠাতে অভিনয়ৰ পৰা আঁতৰি আহিল অভিনেত্ৰীগৰাকীয়ে।

শুনা যায় যে সঞ্জয় কাপুৰৰ সৈতে বিবাহ আৰু ব্ৰেকআপে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত প্ৰভাৱ পেলায়। গতিকে অভিনয়ৰ পৰা আঁতৰি আহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু