--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ আগশাৰীৰ তাৰকাৰ কন্যা। ৯০ দশকত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী। ইখনৰ পিছত সিখন হিট ছবিৰে ভৰি পৰিছিল কেৰিয়াৰ। কিন্তু কেৰিয়াৰ গঢ়িবলৈ পৰিয়ালৰ বিৰুদ্ধে যাবলগীয়া হোৱা অভিনেত্ৰীগৰাকীয়ে সেই কেৰিয়াৰৰ শিখৰত উপনীত হৈও অভিনয় জগতৰ পৰা আঁতৰি আহিছিল।

কাপুৰ পৰিয়ালক বালিউডক অন্যতম স্তম্ভ হিচাপে গণ্য কৰা হয়। সেই পৰিয়ালটোৰ কন্যা কৰিশ্মা কাপুৰে নব্বৈৰ দশকত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছিল। কিন্তু অভিনয়ৰ ক্ষেত্ৰখনত সোমাবলৈ কৰিশ্মাই পৰিয়ালৰ সকলো সদস্যৰ মতামতৰ বিপৰীতে যাব লগা হৈছিল।

বলীউডৰ অভিনেতা ৰণধীৰ কাপুৰৰ কন্যা কৰিশ্মা। পৃথ্বীৰাজ কাপুৰ, ৰাজ কাপুৰ, শম্মি কাপুৰ, ৰণধীৰ কাপুৰ, ঋষি কাপুৰ আদি বলীউডৰ শীৰ্ষ অভিনেতা আটাইকেইজনেই কাপুৰ পৰিয়ালৰ সদস্য। কিন্তু সেই পৰিয়ালটোৰ কন্যাই চিনেমাত অভিষেক ঘটাব বুলি শুনি সকলোৱে আপত্তি কৰিলে।

এটা পুৰণি সাক্ষাৎকাৰত কৰিশ্মাই কয় যে তেওঁ কাপুৰ পৰিয়ালৰ কন্যা হ’লেও অভিনয়ক পেছা হিচাপে বাছি লোৱাটো কোনেও নিবিচাৰে। কৰিশ্মাৰ ভগ্নী কৰীনা কাপুৰ খানেও এই কথা কয়। ছিমি গাডৱালৰ সৈতে হোৱা এক পুৰণি সাক্ষাৎকাৰত কৰীনাই কয় যে ৰাজ কাপুৰৰ পৰিয়ালত জন্ম লোৱাৰ পিছতো বলীউডত প্ৰৱেশ কৰাটো কৰিশ্মাৰ বাবে সহজ নাছিল।

কাপুৰ পৰিয়ালৰ সদস্যই তেওঁলোকৰ পৰিয়ালৰ কোনো মহিলা সদস্য অভিনয়ৰ লগত জড়িত হোৱাটো নিবিচাৰিছিল। এয়া আছিল তেওঁলোকৰ পাৰিবাৰিক পৰম্পৰা। কৰিশ্মাই তেওঁৰ বিৰোধিতা কৰি নিজৰ সপোন পূৰণক গুৰুত্ব দিয়ে।

কৰিশ্মা অকলশৰীয়া নহয়, তেওঁৰ ভগ্নী কৰীনাও বৰ্তমানৰ পাৰিবাৰিক পৰম্পৰাৰ বিৰুদ্ধে অভিনয় কৰিবলৈ ল’লে। যদিও বৰ্তমান কৰিশ্মা অভিনয় জগতৰ সৈতে জড়িত নহয়, তথাপিও কৰীনাক অভিনয় কৰা দেখা যায়।

চলিত বৰ্ষৰ ২১ ছেপ্টেম্বৰত কৰীনাই ৪৩ বছৰ সম্পূৰ্ণ কৰিলে। সেইদিনা তেওঁ অ’টিটি প্লেটফৰ্মত অভিষেক ঘটায়। কৰীনাৰ জন্মদিনত নেটফ্লিক্সত মুক্তি পালে ‘জেন জান’ চিনেমা। বঙালী পৰিচালক সুজয় ঘোষৰ পৰিচালনাত কৰীনাক অভিনয় কৰা দেখা গৈছে।

১৯৯১ চনত ‘প্ৰেম কায়েদি’ নামৰ এখন ৰোমান্টিক ধাৰাবাহিক ছবি ছবিগৃহত মুক্তি লাভ কৰে। ১৬ বছৰ বয়সত এই ছবিখনত অভিনয় কৰি কৰিশ্মাই বলীউডত অভিষেক ঘটায়। ছবিখনে বক্স অফিচত মধ্যমীয়া ব্যৱসায় কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে কৰিশ্মাই একেৰাহে ছবিত ব্যৰ্থ হৈছিল। কিন্তু ১৯৯২ চনত মুক্তি পোৱা ‘জিগাৰ’ আৰু ১৯৯৩ চনত মুক্তি পোৱা ‘আনাদি’ ছবিখনে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ সফলতাৰ প্ৰথম মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱানৰ সৈতে কাম আৰম্ভ কৰাৰ পিছতে কৰিশমাৰ জীৱনে এক বেলেগ মোড় লৈছিল। ডেভিদৰ পৰিচালনাত ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে অভিনেত্ৰীগৰাকী। নব্বৈৰ দশকৰ উপাৰ্জনৰ ভিত্তিত কৰিশ্মাই বলীউডৰ অভিনেত্ৰীৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছিল। কিন্তু কেৰিয়াৰৰ সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছত হঠাতে অভিনয়ৰ পৰা আঁতৰি আহিল অভিনেত্ৰীগৰাকীয়ে।

শুনা যায় যে সঞ্জয় কাপুৰৰ সৈতে বিবাহ আৰু ব্ৰেকআপে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত প্ৰভাৱ পেলায়। গতিকে অভিনয়ৰ পৰা আঁতৰি আহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement