--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে  লোকসভাৰ নিৰ্বাচনৰ  প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে   ঘৃণামূলক ভাষণ প্ৰদান কৰা বুলি অভিযোগ কৰি  দাখিল কৰা  আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু উচ্চতম ন্যায়ালয় শৰ্মাৰ বিচাৰপীঠে মঙলবাৰে আবেদনকাৰীক এই বিষয়ত  "উপযুক্ত  কৰ্তৃপক্ষ" অৰ্থাৎ নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ "পৰামৰ্শ" দিয়ে। আবেদনকাৰী ফাতিমাৰ হৈ উপস্থিত থকা অধিবক্তা আনন্দ এছ জোন্ধলে মঙলবাৰে উচ্চতম ন্যায়ালয়ক কয়   যে মোদীয়ে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ উলংঘা কৰি লোকসভাৰ  নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সাম্প্ৰদায়িক মেৰুকৰণ কৰিব পৰা ভাষণ দিছিল। 

যি নিৰ্বাচনী আচৰণ বিধিৰ বিৰোধী। অধিবক্তা জোণ্ডলে এনে অপৰাধৰ বাবে  মোদীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত  ছবছৰৰ নিষেধাজ্ঞা জাৰি কৰিব লাগে বুলি আবেদনকাৰীৰ হৈ দাবী জনাইছিল।   এই সন্দৰ্ভত দুই ন্যায়াধীশৰ বিচাৰপীঠে প্ৰশ্ন কৰে, "আপুনি এই বিষয়ত  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে নে? এই আবেদন কৰাৰ আগতে আপুনি প্ৰথমে উপযুক্ত কৰ্তৃপক্ষৰ ওচৰলৈ যাব লাগিব।’’ ন্যায়াধীশ নাথ আৰু শৰ্মাৰ বিচাৰপীঠে  লগে লগে   আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য  প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত মোদীয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত  ধৰ্মৰ বিষয়টো উত্থাপন কৰা বুলি  অভিযোগ উত্থাপিত হৈছে।

যোৱা মাহৰ শেষৰ ফালে নিৰ্বাচন আয়োগে নিৰ্বাচনী  আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বিজেপিৰ সভাপতি জে পি নাড্ডাৰ পৰা ব্যাখ্যা বিচাৰিছিল। অৱশ্যে, জাননীখনত প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ কৰা হোৱা নাছিল। মোদীয়ে তেওঁৰ ভাষণত  বাৰে বাৰে 'মুছলমানসকলৰ বাবে সংৰক্ষণ', 'বাবৰি মছজিদ বন্ধ কৰি ৰাম মন্দিৰত তলা ওলমাই দিয়া', 'দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীসকলক বিতৰণ কৰা'ৰ দৰে মন্তব্য কৰাৰ  অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ