--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে  লোকসভাৰ নিৰ্বাচনৰ  প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে   ঘৃণামূলক ভাষণ প্ৰদান কৰা বুলি অভিযোগ কৰি  দাখিল কৰা  আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু উচ্চতম ন্যায়ালয় শৰ্মাৰ বিচাৰপীঠে মঙলবাৰে আবেদনকাৰীক এই বিষয়ত  "উপযুক্ত  কৰ্তৃপক্ষ" অৰ্থাৎ নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ "পৰামৰ্শ" দিয়ে। আবেদনকাৰী ফাতিমাৰ হৈ উপস্থিত থকা অধিবক্তা আনন্দ এছ জোন্ধলে মঙলবাৰে উচ্চতম ন্যায়ালয়ক কয়   যে মোদীয়ে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ উলংঘা কৰি লোকসভাৰ  নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সাম্প্ৰদায়িক মেৰুকৰণ কৰিব পৰা ভাষণ দিছিল। 

যি নিৰ্বাচনী আচৰণ বিধিৰ বিৰোধী। অধিবক্তা জোণ্ডলে এনে অপৰাধৰ বাবে  মোদীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত  ছবছৰৰ নিষেধাজ্ঞা জাৰি কৰিব লাগে বুলি আবেদনকাৰীৰ হৈ দাবী জনাইছিল।   এই সন্দৰ্ভত দুই ন্যায়াধীশৰ বিচাৰপীঠে প্ৰশ্ন কৰে, "আপুনি এই বিষয়ত  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে নে? এই আবেদন কৰাৰ আগতে আপুনি প্ৰথমে উপযুক্ত কৰ্তৃপক্ষৰ ওচৰলৈ যাব লাগিব।’’ ন্যায়াধীশ নাথ আৰু শৰ্মাৰ বিচাৰপীঠে  লগে লগে   আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য  প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত মোদীয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত  ধৰ্মৰ বিষয়টো উত্থাপন কৰা বুলি  অভিযোগ উত্থাপিত হৈছে।

যোৱা মাহৰ শেষৰ ফালে নিৰ্বাচন আয়োগে নিৰ্বাচনী  আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বিজেপিৰ সভাপতি জে পি নাড্ডাৰ পৰা ব্যাখ্যা বিচাৰিছিল। অৱশ্যে, জাননীখনত প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ কৰা হোৱা নাছিল। মোদীয়ে তেওঁৰ ভাষণত  বাৰে বাৰে 'মুছলমানসকলৰ বাবে সংৰক্ষণ', 'বাবৰি মছজিদ বন্ধ কৰি ৰাম মন্দিৰত তলা ওলমাই দিয়া', 'দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীসকলক বিতৰণ কৰা'ৰ দৰে মন্তব্য কৰাৰ  অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু