--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ মাজতে বিহাৰৰ ৰাজনীতিত শোকৰ ছাঁ নামিছে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ মৃত্যু ঘটিছে। মৃত্যুৰ  সময়ত তেওঁৰ বয়স হৈছিল  ৭২ বছৰ। তেওঁ যোৱা ৭ মাহ ধৰি কৰ্কট ৰোগত হৈ আক্ৰান্ত আছিল তেওঁ । এইমছত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সুশীল মোদীৰ মৃত্যুত বিহাৰৰ ৰাজনৈতিক মহলত  শোকৰ ছাঁ পৰিছে।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সুশীল মোদীৰ মৃত্যুত  শোক প্ৰকাশ কৰিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও শোক প্ৰকাশ কৰি বাৰ্তা দিছে। 

সুশীল মোদীয়ে তেওঁৰ দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত দুবাৰকৈ বিহাৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিজেপি-জেডি(ইউ) চৰকাৰৰ অন্যতম নেতা আছিল। তেওঁ বিজেপি আৰু নীতিশ কুমাৰৰ দলৰ মাজৰ সম্পৰ্কৰ গঢ়ি তোলাত এটা সময়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।  তেওঁক শেহতীয়াকৈ বিজেপিয়ে ৰাজ্যসভাৰ সাংসদ হিচাবে নিৰ্বাচিত কৰি পঠিয়াইছিল ।  সুশীল মোদীয়ে তেওঁৰ স্বাস্থ্যৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল। সুশীল মোদীয়ে পূৰ্বে কৈছিল "মই যোৱা ৬ মাহ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছো। মানুহক সকলো কথা কোৱাৰ সময় হৈছে। মই লোকসভা নিৰ্বাচনত একো কৰিব নোৱাৰো। মই প্ৰধানমন্ত্ৰীক সকলো কথা কৈছো। তথাপিও, মই মোৰ জীৱন দেশ, বিহাৰ আৰু দললৈ উৎসৰ্গিত কৰিছো।’’ সুশীল মোদীয়ে  যোৱা এমাহ ধৰি দিল্লীৰ এইমছৰ আইচিইউত চিকিৎসাধীন হৈ আছিল।

বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ৰে  পৰাই তেওঁ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭৩ চনত  সুশীল মোদী পাটনা বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি হৈছিল। তেওঁ ১৯৯০ ৰ পৰা ২০০৪ চনৰ ভিতৰত তিনিবাৰ বিধায়ক আছিল। তেওঁ বিহাৰৰ বিৰোধী দলপতি হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০০৩ চনৰ পৰা ২০০৫ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও আছিল। ৰাজনৈতিক মহলে বিহাৰৰ ৰাজনীতিৰ এজন দক্ষ নেতাৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, হিন্দুস্তান আৱামী মৰ্চাৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি, উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা আৰু বহু ৰাজনৈতিক নেতাই সুশীল মোদীৰ মৃত্যুত এক্স-হেণ্ডেলত শোক প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু