--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নানা পাটেকাৰ এনে এজন বলীউড অভিনেতা কৰ্মই যাৰ পৰিচয়। আজিলৈকে অভিনয় কৰা প্ৰত্যেকখন ছবিতে তেওঁক অনন্য আৰু পৃথক ৰূপত উপস্থাপন কৰিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ নিজৰ আগন্তুক ছবি ‘বনবাসৰ’ বিষয়ে অৱগত কৰে লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু কথাও সাক্ষাৎকাৰত প্ৰকাশ কৰে। অভিনেতাজনৰ সংলাপ আজিও মানুহৰ মুখে মুখে। ‘পৰিন্দা’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ বহু বঁটা লাভ কৰিছে

তেওঁ এক সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক অনিল শৰ্মাৰ বিষয়ে কিছু কাহিনী উল্লেখ কৰে। নানা পাটেকাৰ আৰু অনিল শৰ্মাৰ  আগন্তুক ছবি ‘বনবাস'ত উৎকৰ্ষ শৰ্মাইও অভিনয় কৰিছে। ছবিখনত  পিতৃ-পুত্ৰৰ সম্পৰ্কৰ গভীৰতা দেখুওৱা হৈছে। ছবিখনত সবল উপস্থাপন  তথা অভিনয় দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে।

গদ্দাৰ খ্যাত অনিল শৰ্মাই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছে। জি ষ্টুডিঅ’ৰ প্ৰযোজনা আৰু অনিল শৰ্মাৰ পৰিচালনাত ‘বনবাস’ ছবিখন নিৰ্মিত হৈছে। ‘গদ্দাৰ: এক প্ৰেম কথা’ আৰু ‘গদ্দাৰ ২’ৰ সফলতাৰ পিছত এই যুটিটোৰ তৃতীয়টো প্ৰজেক্ট ‘বনবাস'।

 নতুন ছবিৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে প্ৰবীণ অভিনেতা গৰাকী।  উল্লেখযোগ্য যে ২০২৪ চনৰ ২০ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। ছবিখনত নানা পাটেকাৰ , উৎকৰ্ষ শৰ্মাৰ উপৰিও চিমৰাট কৌৰ ৰান্ধৱাইও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু