--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাজ্যজুৰি শুভ মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি "ডেউকা"৷ এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মান কৰা হৈছে এই ছবিখন ৷গুৱাহাটীৰ অনুৰাধা ছবিগৃহত শুকুৰবাৰৰ প্ৰথম দৰ্শনীত দেখিবলৈ পোৱা গ’ল ৰাইজৰ বিপূল সঁহাৰি ৷ 

অনুৰাধা ছবিগৃহত প্ৰথম দৰ্শনীত ছবি খন উপভোগ কৰে ছবিখনত অভিনয় কৰা কলা কুশলী সকলৰ লগতে দৰ্শকসকল ৷ ছবিখনৰ জৰিয়তে ৰাইজক উদ্দেশ্যি সমাজৰ বাবে এটা ভাল বাৰ্তা দিয়াৰ প্ৰচেষ্টা৷ দর্শকে ছবিখন আঁকোৱালি লব বুলি আশাবাদী ছবিখনৰ লগত জড়িত কলা কুশলী সকল ৷

এ.এম টেলিভিচনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালনা কৰিছে জিন্নি মহলীয়া যশী। চিত্ৰনাট্য অৰুণজিৎ বৰাৰ আৰু সংলাপ লিখিছে ৰাজদ্বীপে। সম্পাদনা কৰিছে ৰূপাংকৰ দাসে। বেকগ্ৰাউণ্ড স্কৰ আৰু চাউণ্ড ডিজাইন কৰিছে লিয়'ন শৰ্মাই। গীতবোৰৰ কথা ৰাজদ্বীপ আৰু প্ৰসেনজিতৰ।

দেৱজিৎ ভট্টাচাৰ্য, ৰিচা চেত্ৰী, চেতনা দাস, কল্পনা কলিতা, দেৱজিৎ পল, বৰ্ষা দাস, মৃণাল দাউলাগুফু, ভায়লিনা বৰুৱা, মৌনিতা বৰা, মনালিছা দাস, সীমাশ্ৰী বৰা, দীপক কুমাৰ ৰয়ৰ লগতে ৰূপম বৰুৱাই ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে, দীনেশ দাস, নিশিতা গোস্বামী, বৰ্ণালী পূজাৰী, বিকি, ৰূপজ্যোতি দাস, অৰুণজিৎ বৰা, ড° হিতেশ বৰুৱা আৰু ভাস্কৰজ্যোতিক আলহী অতিথিৰ ৰূপত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু