--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাজ্যজুৰি শুভ মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি "ডেউকা"৷ এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মান কৰা হৈছে এই ছবিখন ৷গুৱাহাটীৰ অনুৰাধা ছবিগৃহত শুকুৰবাৰৰ প্ৰথম দৰ্শনীত দেখিবলৈ পোৱা গ’ল ৰাইজৰ বিপূল সঁহাৰি ৷ 

অনুৰাধা ছবিগৃহত প্ৰথম দৰ্শনীত ছবি খন উপভোগ কৰে ছবিখনত অভিনয় কৰা কলা কুশলী সকলৰ লগতে দৰ্শকসকল ৷ ছবিখনৰ জৰিয়তে ৰাইজক উদ্দেশ্যি সমাজৰ বাবে এটা ভাল বাৰ্তা দিয়াৰ প্ৰচেষ্টা৷ দর্শকে ছবিখন আঁকোৱালি লব বুলি আশাবাদী ছবিখনৰ লগত জড়িত কলা কুশলী সকল ৷

এ.এম টেলিভিচনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালনা কৰিছে জিন্নি মহলীয়া যশী। চিত্ৰনাট্য অৰুণজিৎ বৰাৰ আৰু সংলাপ লিখিছে ৰাজদ্বীপে। সম্পাদনা কৰিছে ৰূপাংকৰ দাসে। বেকগ্ৰাউণ্ড স্কৰ আৰু চাউণ্ড ডিজাইন কৰিছে লিয়'ন শৰ্মাই। গীতবোৰৰ কথা ৰাজদ্বীপ আৰু প্ৰসেনজিতৰ।

দেৱজিৎ ভট্টাচাৰ্য, ৰিচা চেত্ৰী, চেতনা দাস, কল্পনা কলিতা, দেৱজিৎ পল, বৰ্ষা দাস, মৃণাল দাউলাগুফু, ভায়লিনা বৰুৱা, মৌনিতা বৰা, মনালিছা দাস, সীমাশ্ৰী বৰা, দীপক কুমাৰ ৰয়ৰ লগতে ৰূপম বৰুৱাই ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে, দীনেশ দাস, নিশিতা গোস্বামী, বৰ্ণালী পূজাৰী, বিকি, ৰূপজ্যোতি দাস, অৰুণজিৎ বৰা, ড° হিতেশ বৰুৱা আৰু ভাস্কৰজ্যোতিক আলহী অতিথিৰ ৰূপত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ