--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ গুঞ্জন উঠিছে। ৰশ্মিকা মান্দানাৰ বিয়া! এই গুঞ্জন পাছে আজিৰ নহয় দীৰ্ঘদিন ধৰি চলি আহিছে ৰশ্মিকাৰ বিয়াৰ কথা। এইবাৰ সেয়েহে একেবাৰে ছীল-মোহৰ মাৰিবলৈ ওলাইছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তাকে লৈ এতিয়া অন্তহীন উছাহ অনুৰাগীৰ মাজত। হয়, দাক্ষিণাত্যৰ দুই তাৰকা বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। ৰশ্মিকা মান্দানাৰ আৰু বিজয় দেৱাৰাকোণ্ডাৰ বিয়া। উল্লেখ্য যে, ‘ডিয়াৰ কমৰেড’, ‘গীত গোবিন্দম’ৰ দৰে বহুল প্ৰচলিত প্ৰেমৰ ছবিত একেলগে কাম কৰিছে বিজয় আৰু ৰশ্মিকাই। এই ছবিকেইখনে ব’ক্স অফিছত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰূপালী পৰ্দাৰ সেই প্ৰেম এতিয়া বাস্তৱ জীৱনলৈ ৰূপান্তৰ ঘটিছে বুলি বিষয়টো চৰ্চিত হৈছে। অনুৰাগীৰ মাজতো বৈছে উছাহৰ ঢল। একেলগে জিমলৈ যোৱাৰ পৰা চহৰৰ প্ৰান্তে-প্ৰান্তে লহৰি ফুৰা লৈকে, বিজয়-ৰশ্মিকাৰ কীৰ্তিকলাপৰ আলোচনাৰ যেন আৰম্ভণিহে আছে শেষ নাই। জানিবলৈ পোৱা মতে, দুয়ো বৰ্তমান মুম্বাইতে দিন কটাইছে। দুই জনপ্ৰিয় নায়ক-নায়িকাক একেলগে বিভিন্ন ঠাইলৈ যোৱাও দেখিবলৈ পোৱা গৈছে। ছবিৰ কামৰ ব্যস্ততাৰ মাজতে মুম্বাইত বিয়াৰ বাবেও দুই তাৰকাই সমানে প্ৰস্তুতি চলোৱা বুলি সামাজিক মাধ্যমত গুঞ্জন উঠিছে। ছবি উদ্যোগতো চৰ্চা-আলোচনা এতিয়া তুংগত, তথাপি মৌন ৰশ্মিকা-বিজয়। মৌনতাৰ বেহু ভেদি দুই তাৰকাই কেতিয়া বিয়াত বহে ঠিক নাই, আকোঁৰগোজ অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে শ্বেহনাইৰ মাত শুনিবলৈ! স্মৰ্তব্য যে, জাতীয় ক্ৰাছ খ্যাত ৰশ্মিকাই শেহতীয়াকৈ ‘পুষ্পাঃ দ্য ৰাইজ’ ছবিখনৰ জৰিয়তে পুনৰ চৰ্চালৈ আহিছে। ছবিখনত কৰা সাৱলীল অভিনয়ে মুগ্ধ কৰিছে অনুৰাগীক। আল্লু অৰ্জুৰ সৈতে কৰা প্ৰেমৰ স্নেপশ্ব’টবোৰেও আমোদ দিছে দৰ্শকক। পাছে আল্লুৰ সৈতে এই স্নেপশ্ব’ট কেৱল ৰূপালী পৰ্দাৰহে চমক। নহ’লেনো ৰশ্মিকাৰ গালত এটা চুম্বনৰ বাবে ইমান অভিনয় কৰিবলগা হয়নে অৰ্জুনে! অনুৰাগীয়ে ঠিকে ধৰিছিল, আচল কথাৰ গুৰি ক’ৰবাত, ৰশ্মিকাই বৰমালা পিন্ধাব বিজয় দেবাৰাকোণ্ডাক। কিন্তু ৰশ্মিকাৰ ইতিহাসো বৰ আমেজভৰা নহয়। ৰকশ্বিট ছেট্টীৰে বিয়া হোৱাৰ কথা আছিল সুন্দৰী ৰশ্মিকাৰ। বিয়াৰ আনুষ্ঠানিকতালৈ কেইটামান দিন বাকী থাকোতেই অকাতৰে আঁতৰি আহিছিল ৰশ্মিকাই। পাছে এইবাৰো আকৌ সেই ঘটনাৰ পুনৰাবৃত্তি নহওক। বিজয়ে ৰশ্মিকাৰ মন জয় কৰিলেহে কৰা ...

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ