--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ গুঞ্জন উঠিছে। ৰশ্মিকা মান্দানাৰ বিয়া! এই গুঞ্জন পাছে আজিৰ নহয় দীৰ্ঘদিন ধৰি চলি আহিছে ৰশ্মিকাৰ বিয়াৰ কথা। এইবাৰ সেয়েহে একেবাৰে ছীল-মোহৰ মাৰিবলৈ ওলাইছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তাকে লৈ এতিয়া অন্তহীন উছাহ অনুৰাগীৰ মাজত। হয়, দাক্ষিণাত্যৰ দুই তাৰকা বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। ৰশ্মিকা মান্দানাৰ আৰু বিজয় দেৱাৰাকোণ্ডাৰ বিয়া। উল্লেখ্য যে, ‘ডিয়াৰ কমৰেড’, ‘গীত গোবিন্দম’ৰ দৰে বহুল প্ৰচলিত প্ৰেমৰ ছবিত একেলগে কাম কৰিছে বিজয় আৰু ৰশ্মিকাই। এই ছবিকেইখনে ব’ক্স অফিছত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰূপালী পৰ্দাৰ সেই প্ৰেম এতিয়া বাস্তৱ জীৱনলৈ ৰূপান্তৰ ঘটিছে বুলি বিষয়টো চৰ্চিত হৈছে। অনুৰাগীৰ মাজতো বৈছে উছাহৰ ঢল। একেলগে জিমলৈ যোৱাৰ পৰা চহৰৰ প্ৰান্তে-প্ৰান্তে লহৰি ফুৰা লৈকে, বিজয়-ৰশ্মিকাৰ কীৰ্তিকলাপৰ আলোচনাৰ যেন আৰম্ভণিহে আছে শেষ নাই। জানিবলৈ পোৱা মতে, দুয়ো বৰ্তমান মুম্বাইতে দিন কটাইছে। দুই জনপ্ৰিয় নায়ক-নায়িকাক একেলগে বিভিন্ন ঠাইলৈ যোৱাও দেখিবলৈ পোৱা গৈছে। ছবিৰ কামৰ ব্যস্ততাৰ মাজতে মুম্বাইত বিয়াৰ বাবেও দুই তাৰকাই সমানে প্ৰস্তুতি চলোৱা বুলি সামাজিক মাধ্যমত গুঞ্জন উঠিছে। ছবি উদ্যোগতো চৰ্চা-আলোচনা এতিয়া তুংগত, তথাপি মৌন ৰশ্মিকা-বিজয়। মৌনতাৰ বেহু ভেদি দুই তাৰকাই কেতিয়া বিয়াত বহে ঠিক নাই, আকোঁৰগোজ অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে শ্বেহনাইৰ মাত শুনিবলৈ! স্মৰ্তব্য যে, জাতীয় ক্ৰাছ খ্যাত ৰশ্মিকাই শেহতীয়াকৈ ‘পুষ্পাঃ দ্য ৰাইজ’ ছবিখনৰ জৰিয়তে পুনৰ চৰ্চালৈ আহিছে। ছবিখনত কৰা সাৱলীল অভিনয়ে মুগ্ধ কৰিছে অনুৰাগীক। আল্লু অৰ্জুৰ সৈতে কৰা প্ৰেমৰ স্নেপশ্ব’টবোৰেও আমোদ দিছে দৰ্শকক। পাছে আল্লুৰ সৈতে এই স্নেপশ্ব’ট কেৱল ৰূপালী পৰ্দাৰহে চমক। নহ’লেনো ৰশ্মিকাৰ গালত এটা চুম্বনৰ বাবে ইমান অভিনয় কৰিবলগা হয়নে অৰ্জুনে! অনুৰাগীয়ে ঠিকে ধৰিছিল, আচল কথাৰ গুৰি ক’ৰবাত, ৰশ্মিকাই বৰমালা পিন্ধাব বিজয় দেবাৰাকোণ্ডাক। কিন্তু ৰশ্মিকাৰ ইতিহাসো বৰ আমেজভৰা নহয়। ৰকশ্বিট ছেট্টীৰে বিয়া হোৱাৰ কথা আছিল সুন্দৰী ৰশ্মিকাৰ। বিয়াৰ আনুষ্ঠানিকতালৈ কেইটামান দিন বাকী থাকোতেই অকাতৰে আঁতৰি আহিছিল ৰশ্মিকাই। পাছে এইবাৰো আকৌ সেই ঘটনাৰ পুনৰাবৃত্তি নহওক। বিজয়ে ৰশ্মিকাৰ মন জয় কৰিলেহে কৰা ...

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু