--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কক লৈ বলীউডত গুণগুণনি আৰম্ভ হৈছে। ছাবাই শুৱনি কৰিবহি নেকি ৰোশনৰ পৰিয়াল?সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে হৃত্বিকৰ অনুৰাগীসকলে। এইখিনিতে এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত হৃত্বিকৰ পৰিয়ালৰ লগত ছাবা আজাদক দেখা গৈছে। হৃত্বিক ৰোশনে দেওবাৰে তেওঁৰ কথিত প্ৰেমিকা ছাবা আজাদক তেওঁৰ পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিছিল। ছাবাক হৃত্বিকৰ পৰিয়ালে দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ দিছিল। ৰোশনৰ পৰিয়ালৰ পৰা এক সুন্দৰ দুপৰীয়াৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ফটোখনলৈ চাই এনে লাগিছে যেন সকলোৱে ছাবা আজাদক বহুত ভাল পাইছে। হৃত্বিক ৰোশনৰ খুড়াক তথা সংগীত পৰিচালক ৰাজেশ ৰোশনে ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছিল। ফটোখনত হৃত্বিক আৰু ছাবাক গোটেই পৰিয়ালটোৰ সৈতে বহি থকা দেখা গৈছে। ফটোখনত হৃত্বিক ৰোশনৰ মাতৃ পিংকি ৰোশন, খুড়াক ৰাজেশ ৰোশন, দুই পুত্ৰ হৃহান আৰু হৃদান, সম্পৰ্কীয় ভাই পশমিনা, ভতিজী সুৰানিকা আৰু অন্যান্য সদস্যসকলক দেখিবলৈ পোৱা গৈছে।হৃত্বিক ৰোশন পৰিয়ালৰ মাজত আৰামেৰে বহি আছে আৰু ছাবা আজাদে সম্পৰ্কীয় মানুহৰ সৈতে হাঁহি মাৰি বহি আছে।ৰাজেশ ৰোশনে ফটোখন শ্বেয়াৰ কৰি লিখিছিল, "সুখ সদায় নিজৰ লগতে থাকে... বিশেষকৈ দেওবাৰে..বিশেষকৈ দুপৰীয়াৰ আহাৰৰ সময়ত।" এই পোষ্টটোত হৃতিকে মন্তব্য কৰিছিল, "হাঃহাঃহাঃ, ঠিক, খুড়া।" সুৰনিকাই মন্তব্যত লিখিছিল, 'শ্ৰেষ্ঠ দেওবাৰ, শ্ৰেষ্ঠ পৰিয়াল, শ্ৰেষ্ঠ মধ্যাহ্ন ভোজন।' ছাবাই হৃত্বিক ৰোশনৰ পৰিয়ালক ভাল পাইছিল। তেওঁ মন্তব্যত লিখিছিল,'সৰ্বশ্ৰেষ্ঠ দেওবাৰ'।" ছাবা আৰু হৃত্বিকৰ এই নতুন ফটোখনেও অনুৰাগীসকলৰ মৰম পাইছে। হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ ডেটিঙৰ বাতৰি বিয়পি পৰিছিল যেতিয়া দুয়োকে একেলগে এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল। দুয়ো হাতে-হাত ধৰি ওলাই অহাৰ দৃশ্য লগালগ পাপ্পাৰাজীৰ কেমেৰাত বন্দী হয়। ৰেষ্টুৰেণ্টৰ পৰা বাহিৰ ওলোৱাৰ পাছত দুয়ো একেখন গাড়ীত উঠি গুচি যায়। দৃশ্যটো ভাইৰেল হৈ পৰে আৰু সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰে হৃত্বিকৰ হাতে হাত ধৰি কোন এই যুৱতী? কাৰ সৈতে ডেটিঙত ব্যস্ত হৃত্বিক? পাছত পোহৰলৈ আহে যে যুৱতীগৰাকী হৈছে ছাবা আজাদ অৱশ্যে তেওঁলোকৰ কোনোৱেই এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাই বা তেওঁলোকে এই বিষয়ে কোন কথা সদৰী কৰা নাই। ইয়াৰ মাজতে ছাবা আজাদে হৃত্বিকৰ পৰিয়ালক লগ কৰা কথাটোৱে এক সেউজীয়া ইংগিত বহন কৰিছে বুলি অনুৰাগীসকলে ভাবিবলৈ লৈছে। আৰু পঢ়কঃ ভোটদান ভালে-কুশলে হৈ যাবলৈ এটা সোণালী বান্দৰৰ সহায় লৈছে নিৰ্বাচন আয়োগে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ