--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কক লৈ বলীউডত গুণগুণনি আৰম্ভ হৈছে। ছাবাই শুৱনি কৰিবহি নেকি ৰোশনৰ পৰিয়াল?সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে হৃত্বিকৰ অনুৰাগীসকলে। এইখিনিতে এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত হৃত্বিকৰ পৰিয়ালৰ লগত ছাবা আজাদক দেখা গৈছে। হৃত্বিক ৰোশনে দেওবাৰে তেওঁৰ কথিত প্ৰেমিকা ছাবা আজাদক তেওঁৰ পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিছিল। ছাবাক হৃত্বিকৰ পৰিয়ালে দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ দিছিল। ৰোশনৰ পৰিয়ালৰ পৰা এক সুন্দৰ দুপৰীয়াৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ফটোখনলৈ চাই এনে লাগিছে যেন সকলোৱে ছাবা আজাদক বহুত ভাল পাইছে। হৃত্বিক ৰোশনৰ খুড়াক তথা সংগীত পৰিচালক ৰাজেশ ৰোশনে ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছিল। ফটোখনত হৃত্বিক আৰু ছাবাক গোটেই পৰিয়ালটোৰ সৈতে বহি থকা দেখা গৈছে। ফটোখনত হৃত্বিক ৰোশনৰ মাতৃ পিংকি ৰোশন, খুড়াক ৰাজেশ ৰোশন, দুই পুত্ৰ হৃহান আৰু হৃদান, সম্পৰ্কীয় ভাই পশমিনা, ভতিজী সুৰানিকা আৰু অন্যান্য সদস্যসকলক দেখিবলৈ পোৱা গৈছে।হৃত্বিক ৰোশন পৰিয়ালৰ মাজত আৰামেৰে বহি আছে আৰু ছাবা আজাদে সম্পৰ্কীয় মানুহৰ সৈতে হাঁহি মাৰি বহি আছে।ৰাজেশ ৰোশনে ফটোখন শ্বেয়াৰ কৰি লিখিছিল, "সুখ সদায় নিজৰ লগতে থাকে... বিশেষকৈ দেওবাৰে..বিশেষকৈ দুপৰীয়াৰ আহাৰৰ সময়ত।" এই পোষ্টটোত হৃতিকে মন্তব্য কৰিছিল, "হাঃহাঃহাঃ, ঠিক, খুড়া।" সুৰনিকাই মন্তব্যত লিখিছিল, 'শ্ৰেষ্ঠ দেওবাৰ, শ্ৰেষ্ঠ পৰিয়াল, শ্ৰেষ্ঠ মধ্যাহ্ন ভোজন।' ছাবাই হৃত্বিক ৰোশনৰ পৰিয়ালক ভাল পাইছিল। তেওঁ মন্তব্যত লিখিছিল,'সৰ্বশ্ৰেষ্ঠ দেওবাৰ'।" ছাবা আৰু হৃত্বিকৰ এই নতুন ফটোখনেও অনুৰাগীসকলৰ মৰম পাইছে। হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ ডেটিঙৰ বাতৰি বিয়পি পৰিছিল যেতিয়া দুয়োকে একেলগে এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল। দুয়ো হাতে-হাত ধৰি ওলাই অহাৰ দৃশ্য লগালগ পাপ্পাৰাজীৰ কেমেৰাত বন্দী হয়। ৰেষ্টুৰেণ্টৰ পৰা বাহিৰ ওলোৱাৰ পাছত দুয়ো একেখন গাড়ীত উঠি গুচি যায়। দৃশ্যটো ভাইৰেল হৈ পৰে আৰু সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰে হৃত্বিকৰ হাতে হাত ধৰি কোন এই যুৱতী? কাৰ সৈতে ডেটিঙত ব্যস্ত হৃত্বিক? পাছত পোহৰলৈ আহে যে যুৱতীগৰাকী হৈছে ছাবা আজাদ অৱশ্যে তেওঁলোকৰ কোনোৱেই এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাই বা তেওঁলোকে এই বিষয়ে কোন কথা সদৰী কৰা নাই। ইয়াৰ মাজতে ছাবা আজাদে হৃত্বিকৰ পৰিয়ালক লগ কৰা কথাটোৱে এক সেউজীয়া ইংগিত বহন কৰিছে বুলি অনুৰাগীসকলে ভাবিবলৈ লৈছে। আৰু পঢ়কঃ ভোটদান ভালে-কুশলে হৈ যাবলৈ এটা সোণালী বান্দৰৰ সহায় লৈছে নিৰ্বাচন আয়োগে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান