--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীন জীৱন-যাপন পছন্দ কৰে ভাৰতৰ দক্ষিণৰ নায়িকা সামান্থা ৰুথ প্ৰভুৱে। তেওঁৰ কাম আৰু কথাত ইয়াৰ প্ৰমাণ বিদ্যমান। টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্ৰায়ে সমালোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় সামান্থাক। সামান্থাই যিয়েই নকৰক কিয় প্ৰায়ে নেতিবাচক মন্তব্যৰ সন্মুখীন হৈ আহিছে তেওঁ। এইবাৰ সামান্থাই সমালোচক সকলক উদ্দেশ্যি মন্তব্য কৰিছে। ভাৰতীয় সংবাদ মাধ্যম এক প্ৰতিবেদন অনুসৰি, সামান্থাই অলপতে মুম্বাইত এটা বঁটা প্ৰদৰ্শনীত উপস্থিত হৈছিল। সেই অনুষ্ঠানটোত তেওঁ পিন্ধা পোছাকৰ বাবে সামাজিক মাধ্যমত তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল সামান্থাই। এই সন্দৰ্ভত, ইনষ্টাগ্ৰাম ষ্ট’ৰীত মহিলাসকলৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনে হোৱা উচিত এই বিষয়ে এক দীঘলীয়া ষ্টেটাছ লিখিছে সামান্থাই। সামান্থাই লিখিছে, ‘চৌদিশে মহিলাক চোৱা দৃষ্টিভংগীক লৈ এগৰাকী নাৰী হিচাপে মোৰ অভিজ্ঞতা আছে। আমি এগৰাকী মহিলাক তেওঁৰ পোছাক, জাতি, শিক্ষা, সামাজিক স্থিতি , ছালৰ ৰং আদিক লৈ বিচাৰ কৰোঁ। কাৰোবাৰ পোছাক চাই তাৰ বিচাৰ কৰাটো অতি সহজ। ' তেওঁ লগতে লিখিছে যে , ‘কেৱল পোছাকেই নহয়, পোছাকৰ বিভিন্ন অংশক লৈয়ো মহিলাসকলকে নানা বিচাৰ কৰে। এইসকলোবোৰ বন্ধ কৰাটো কিমান গুৰুত্বপূৰ্ণ। আমি এতিয়া ২০২২ চনৰ নাগৰিক। আমি এগৰাকী মহিলাক আমাৰ ভাল দৃষ্টিভংগীৰে চাওঁ আহক। আমি নিজকে উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব নোৱাৰোঁনে? আমাৰ ব্যক্তিগত আদৰ্শ আনৰ ওপৰত জাপি দিয়াটো কিমান যুক্তিসংগত? আমি এজন ব্যক্তিক যিধৰণে চাওঁ বা বুজি পাওঁ, সেই দৃষ্টিভংগী এবাৰ সলনি কৰো আহক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ