--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীন জীৱন-যাপন পছন্দ কৰে ভাৰতৰ দক্ষিণৰ নায়িকা সামান্থা ৰুথ প্ৰভুৱে। তেওঁৰ কাম আৰু কথাত ইয়াৰ প্ৰমাণ বিদ্যমান। টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্ৰায়ে সমালোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় সামান্থাক। সামান্থাই যিয়েই নকৰক কিয় প্ৰায়ে নেতিবাচক মন্তব্যৰ সন্মুখীন হৈ আহিছে তেওঁ। এইবাৰ সামান্থাই সমালোচক সকলক উদ্দেশ্যি মন্তব্য কৰিছে। ভাৰতীয় সংবাদ মাধ্যম এক প্ৰতিবেদন অনুসৰি, সামান্থাই অলপতে মুম্বাইত এটা বঁটা প্ৰদৰ্শনীত উপস্থিত হৈছিল। সেই অনুষ্ঠানটোত তেওঁ পিন্ধা পোছাকৰ বাবে সামাজিক মাধ্যমত তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল সামান্থাই। এই সন্দৰ্ভত, ইনষ্টাগ্ৰাম ষ্ট’ৰীত মহিলাসকলৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনে হোৱা উচিত এই বিষয়ে এক দীঘলীয়া ষ্টেটাছ লিখিছে সামান্থাই। সামান্থাই লিখিছে, ‘চৌদিশে মহিলাক চোৱা দৃষ্টিভংগীক লৈ এগৰাকী নাৰী হিচাপে মোৰ অভিজ্ঞতা আছে। আমি এগৰাকী মহিলাক তেওঁৰ পোছাক, জাতি, শিক্ষা, সামাজিক স্থিতি , ছালৰ ৰং আদিক লৈ বিচাৰ কৰোঁ। কাৰোবাৰ পোছাক চাই তাৰ বিচাৰ কৰাটো অতি সহজ। ' তেওঁ লগতে লিখিছে যে , ‘কেৱল পোছাকেই নহয়, পোছাকৰ বিভিন্ন অংশক লৈয়ো মহিলাসকলকে নানা বিচাৰ কৰে। এইসকলোবোৰ বন্ধ কৰাটো কিমান গুৰুত্বপূৰ্ণ। আমি এতিয়া ২০২২ চনৰ নাগৰিক। আমি এগৰাকী মহিলাক আমাৰ ভাল দৃষ্টিভংগীৰে চাওঁ আহক। আমি নিজকে উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব নোৱাৰোঁনে? আমাৰ ব্যক্তিগত আদৰ্শ আনৰ ওপৰত জাপি দিয়াটো কিমান যুক্তিসংগত? আমি এজন ব্যক্তিক যিধৰণে চাওঁ বা বুজি পাওঁ, সেই দৃষ্টিভংগী এবাৰ সলনি কৰো আহক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু