--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক বিতৰ্কই লগ নেৰা হৈছে। কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পাছতো শান্তি নাইকিয়া হৈছে ৰাজ কুন্দ্ৰাৰ। তেওঁ এতিয়া মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ পৰা দূৰত অৱস্থান কৰি আছে। শেহতীয়াকৈ এক পোছাকৰ বাবে পুনৰ ট্ৰ'লৰ সন্মুখীন হৈছে ৰাজ। পিন্ধি থকা জেকেটেৰে সম্পূৰ্ণ চেহেৰা ঢাকি চিনেমা চাবলৈ উপস্থিত হয় ৰাজ কুন্দ্ৰা। ৰাজ কুন্দ্ৰা যি কাৰ্যত ছ'চিয়েল মিডিয়াত বেয়াকৈ ট্ৰ'ল খাইছে কুন্দ্ৰাই। জেকেটেৰে সম্পূৰ্ণ মুখ ঢকাৰ লগতে মূৰটোও ঢাকি আনিছে কুন্দ্ৰাই। চকুৰ অংশত আছে ছানগ্লাছৰ দৰে কোনো সামগ্ৰী। ৰাজ কুন্দ্ৰাক এনে ৰূপত দেখি সকলোৱে কৈছে যে ''কুন্দ্ৰা এতিয়া মুখ দেখুৱাৰ যোগ্য হৈ থকা নাই, সেয়ে সম্পূৰ্ণ মুখ ঢাকি আনিছে।'' ৰাজ কুন্দ্ৰা প্ৰথমে সেয়া কোন ব্যক্তি মানুহে ধৰিব পৰা নাছিল যদিও পাপ্পাৰাজীয়ে ধৰা পেলায় যে সেয়া ৰাজ কুন্দ্ৰা হয়। নেটিজেনসকলে কুন্দ্ৰাক এতিয়া ট্ৰ'ল কৰি সুধিছে "আপুনি এনে কাম কিয় কৰে যে মুখ লুকুৱাই ৰাখিব লগা হয়। একে সময়তে আন এজনে লিখিছে ''বাহিৰত মুখ উলিয়াব পৰা অৱস্থাত নাই ৰাজ কুন্দ্ৰা।'' আকৌ আন এজনে মন্তব্য কৰি কৈছিল, ''এনেকুৱা কাম কৰিলে মুখ লুকুৱাই ৰখাটোৱে স্বাভাৱিক।'' ৰাজ কুন্দ্ৰা অৱশ্যে ৰাজে ফেশ্বন কৰিবলৈ গৈ তেনে পোছাক পৰিধান কৰিছিল নে সঁচাকৈয়ে চেহেৰা লুকুৱাইছিল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। উল্লেখ্য যে বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা প্ৰখ্যাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ২০২১ চনৰ ১৯ জুলাইত অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি ৰাজ কুন্দ্ৰাই যোৱা ডেৰ বছৰত ১০০ খনতকৈও অধিক অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। গোচৰটোৰ সন্দৰ্ভত প্ৰায় দুমাহ কাৰাগাৰত থকাৰ পিছত ৰাজ কুন্দ্ৰাক ছেপ্টেম্বৰত জামিন দিয়া হৈছিল। আৰু পঢ়কঃ দুই ইঞ্জিনীয়াৰে চাকৰি এৰি বেচিবলৈ ল’লে বিৰিয়ানী! দোপতদোপে কৰিছে উন্নতি BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু