--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৬ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ কিয়নো দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অৱশেষত কালি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। পদত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ল আপ নেতা অৰবিন্দ কেজৰিৱাল। কালি নিশা প্ৰায় ৯ বজাত দুঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক। পাছত কেজৰিৱালে ইডিৰ মুখ্য কাৰ্যালয়ৰ লকআপত কটাবলগীয়া হৈছিল নিশা। আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতত ইডিয়ে হাজিৰ কৰোৱাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। য’ত অৰবিন্দ কেজৰিৱালক দিল্লীৰ সুৰা কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ডৰূপে আদালতত যুক্তি আগবঢ়াই ইডিৰ অধিবক্তাই। 

ইপিনে, কালি কেজৰিৱালক গ্ৰেপ্তাৰৰ পূৰ্বৰ পৰাই অৱনতি ঘটিছিল পৰিস্থিতিৰ। কেজৰিৱালৰ বাসভৱনৰ চৌদিশে জাৰি কৰা হৈছিল ১৪৪ ধাৰা। মোতায়েন কৰা হৈছিল ৰেপিড একচন ফ’ৰ্চ। একেদৰে ইডিৰ মুখ্য কাৰ্যালয়তো গঢ়ি তোলা হৈছিল অভেদ্য নিৰাপত্তা। তাৰ মাজতে দিল্লীৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছিল আপ নেতা–কৰ্মীয়ে। আজিও অব্যাহত থাকিল আপ নেতা–কৰ্মীৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীতো আপ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। আৰক্ষীয়ে আটক কৰিলে বহুসংখ্যক আপ নেতা–কৰ্মীক। দিল্লীৰ সুৰা কেলেংকাৰি সন্দৰ্ভত কেজৰিৱালৰ বিৰুদ্ধে ৫টা মূল অভিযোগ তদন্তকাৰী সংস্থা ইডিৰ। অভিযোগ অনুসৰি সুৰা মাফিয়াই আপৰ দলীয় পুঁজিলৈ আগবঢ়াইছিল ৩৩৮ কোটি টকা। 

আনহাতে, সুৰা কেলেংকাৰি সন্দৰ্ভত অন্যতম অভিযুক্ত সমীৰ মহেন্দ্ৰ’য়ে কেজৰিৱালৰ বিৰুদ্ধে দিছিল সাক্ষাৎ। ইডিৰ অভিযোগমতে দিল্লীৰ সুৰা নীতিক লৈ মূল বৈঠক অনুষ্ঠিত হৈছিল কেজৰিৱালৰ বাসভৱনতে। আনহাতে, কেজৰিৱালৰ অনুমোদন মতে লভ্যাংশৰ হাৰ বৃদ্ধি পাইছিল ৬ৰ পৰা ১২ শতাংশলৈ বুলিও অভিযোগ তুলিছে ইডিয়ে৷ আনহাতে, ইডিৰ মতে মুখ্যমন্ত্ৰীৰ উদ্যোগতে নতুন সুৰা নীতিক লৈ অনুষ্ঠিত হৈছিল কেবিনেটৰ বৈঠক। যাৰ ভিত্তিত কালি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। ইপিনে, লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেজৰিৱালক গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। ইয়াক মোদী চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছে বিৰোধীয়ে। 

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ সৰব হৈ পৰিছে বিজেপিও। বিৰোধীক দুৰ্নীতিগ্ৰস্ত আখ্যাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থন গেৰুৱা দলৰ নেতৃত্বৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ