--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৬ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ কিয়নো দিল্লীৰ সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অৱশেষত কালি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। পদত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ল আপ নেতা অৰবিন্দ কেজৰিৱাল। কালি নিশা প্ৰায় ৯ বজাত দুঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক। পাছত কেজৰিৱালে ইডিৰ মুখ্য কাৰ্যালয়ৰ লকআপত কটাবলগীয়া হৈছিল নিশা। আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতত ইডিয়ে হাজিৰ কৰোৱাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। য’ত অৰবিন্দ কেজৰিৱালক দিল্লীৰ সুৰা কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ডৰূপে আদালতত যুক্তি আগবঢ়াই ইডিৰ অধিবক্তাই। 

ইপিনে, কালি কেজৰিৱালক গ্ৰেপ্তাৰৰ পূৰ্বৰ পৰাই অৱনতি ঘটিছিল পৰিস্থিতিৰ। কেজৰিৱালৰ বাসভৱনৰ চৌদিশে জাৰি কৰা হৈছিল ১৪৪ ধাৰা। মোতায়েন কৰা হৈছিল ৰেপিড একচন ফ’ৰ্চ। একেদৰে ইডিৰ মুখ্য কাৰ্যালয়তো গঢ়ি তোলা হৈছিল অভেদ্য নিৰাপত্তা। তাৰ মাজতে দিল্লীৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছিল আপ নেতা–কৰ্মীয়ে। আজিও অব্যাহত থাকিল আপ নেতা–কৰ্মীৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীতো আপ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। আৰক্ষীয়ে আটক কৰিলে বহুসংখ্যক আপ নেতা–কৰ্মীক। দিল্লীৰ সুৰা কেলেংকাৰি সন্দৰ্ভত কেজৰিৱালৰ বিৰুদ্ধে ৫টা মূল অভিযোগ তদন্তকাৰী সংস্থা ইডিৰ। অভিযোগ অনুসৰি সুৰা মাফিয়াই আপৰ দলীয় পুঁজিলৈ আগবঢ়াইছিল ৩৩৮ কোটি টকা। 

আনহাতে, সুৰা কেলেংকাৰি সন্দৰ্ভত অন্যতম অভিযুক্ত সমীৰ মহেন্দ্ৰ’য়ে কেজৰিৱালৰ বিৰুদ্ধে দিছিল সাক্ষাৎ। ইডিৰ অভিযোগমতে দিল্লীৰ সুৰা নীতিক লৈ মূল বৈঠক অনুষ্ঠিত হৈছিল কেজৰিৱালৰ বাসভৱনতে। আনহাতে, কেজৰিৱালৰ অনুমোদন মতে লভ্যাংশৰ হাৰ বৃদ্ধি পাইছিল ৬ৰ পৰা ১২ শতাংশলৈ বুলিও অভিযোগ তুলিছে ইডিয়ে৷ আনহাতে, ইডিৰ মতে মুখ্যমন্ত্ৰীৰ উদ্যোগতে নতুন সুৰা নীতিক লৈ অনুষ্ঠিত হৈছিল কেবিনেটৰ বৈঠক। যাৰ ভিত্তিত কালি ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। ইপিনে, লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেজৰিৱালক গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। ইয়াক মোদী চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছে বিৰোধীয়ে। 

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ সৰব হৈ পৰিছে বিজেপিও। বিৰোধীক দুৰ্নীতিগ্ৰস্ত আখ্যাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থন গেৰুৱা দলৰ নেতৃত্বৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী