--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানবাপীৰ পিছত  এইবাৰ এছআইয়ে আৰম্ভ কৰিলে  মধ্য প্ৰদেশৰ ভোজশালা চৌহদৰ জৰীপ । ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ এটা দলে শুকুৰবাৰে  মধ্য প্ৰদেশৰ জনজাতীয় অধ্যুষিত ধাৰ জিলাৰ ভোজশালা মন্দিৰ/কমল মৌলা মছজিদ চৌহদৰ জৰীপ আৰম্ভ কৰে। এক ডজনৰো অধিক সদস্যৰে গঠিত এএছআইৰ দলটোৱে পুৱা আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উক্ত স্থানত  উপস্থিত হয়। 

দলটোৱে দুপৰীয়ালৈকে জৰীপৰ কাম চলায় আৰু  আবেলিৰ নামাজৰ পূৰ্বে সেই ঠাইৰ পৰা আঁতৰি যায়। জৰীপৰ দ্বিতীয় পৰ্যায় শনিবাৰে  কৰা হ'ব৷ ১১ মাৰ্চত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এএছআইক উক্ত চৌহদৰ জৰীপ ছসপ্তাহৰ ভিতৰত সম্পূৰ্ণ  কৰিবলৈ নিৰ্দেশ দিছিল।   হিন্দুসকলৰ বাবে সেই শ্থানত  দেৱী বাগদেৱী (সৰস্বতী)ৰ বাবে উৎসৰ্গিত এটা মন্দিৰ আছে, আনহাতে মুছলমানসকলৰ বাবে আছে  কমল মৌলা মছজিদ। 

২০০৩ চনৰ এক ব্যৱস্থা অনুসৰি হিন্দুসকলে মঙলবাৰে সেই চৌহদত  পূজা কৰে আনহাতে মুছলমানসকলে শুকুৰবাৰে নামাজ পঢ়ে।  ধৰৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰ সিঙে কয়  যে তেওঁ এএছআই বিষয়াসকলৰ সৈতে আলোচনা কৰিব আৰু ধৰ্মীয়  বিশ্বাস সম্পৰ্কীয় কাৰ্যকলাপ চলাই নিয়াৰ বিষয়ত  পৰ্যাপ্ত ব্যৱস্থা কৰিব।

 আৰক্ষীৰ প্ৰচুৰ উপস্থিতিৰ সৈতে  এএছআই কৰ্মীসকলক মেটাল ডিটেক্টৰেৰে পৰীক্ষা কৰাৰ পিছত চৌহদটোৰ বিষয়ে নানান তথ্য সংগ্ৰহ খৰে। অভিযানটোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি   সমগ্ৰ অঞ্চলটো ৬০  টা কেমেৰাৰ সহায়ত নিৰীক্ষণ কৰা হৈছে। ভোজ উৎসৱ সমিতিৰ সমন্বয়ক গোপাল শৰ্মাই কয় যে "আজি জৰীপৰ প্ৰথম দিনাই ভোজশালাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জোখা হয়"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু