--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানবাপীৰ পিছত  এইবাৰ এছআইয়ে আৰম্ভ কৰিলে  মধ্য প্ৰদেশৰ ভোজশালা চৌহদৰ জৰীপ । ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ এটা দলে শুকুৰবাৰে  মধ্য প্ৰদেশৰ জনজাতীয় অধ্যুষিত ধাৰ জিলাৰ ভোজশালা মন্দিৰ/কমল মৌলা মছজিদ চৌহদৰ জৰীপ আৰম্ভ কৰে। এক ডজনৰো অধিক সদস্যৰে গঠিত এএছআইৰ দলটোৱে পুৱা আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উক্ত স্থানত  উপস্থিত হয়। 

দলটোৱে দুপৰীয়ালৈকে জৰীপৰ কাম চলায় আৰু  আবেলিৰ নামাজৰ পূৰ্বে সেই ঠাইৰ পৰা আঁতৰি যায়। জৰীপৰ দ্বিতীয় পৰ্যায় শনিবাৰে  কৰা হ'ব৷ ১১ মাৰ্চত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এএছআইক উক্ত চৌহদৰ জৰীপ ছসপ্তাহৰ ভিতৰত সম্পূৰ্ণ  কৰিবলৈ নিৰ্দেশ দিছিল।   হিন্দুসকলৰ বাবে সেই শ্থানত  দেৱী বাগদেৱী (সৰস্বতী)ৰ বাবে উৎসৰ্গিত এটা মন্দিৰ আছে, আনহাতে মুছলমানসকলৰ বাবে আছে  কমল মৌলা মছজিদ। 

২০০৩ চনৰ এক ব্যৱস্থা অনুসৰি হিন্দুসকলে মঙলবাৰে সেই চৌহদত  পূজা কৰে আনহাতে মুছলমানসকলে শুকুৰবাৰে নামাজ পঢ়ে।  ধৰৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰ সিঙে কয়  যে তেওঁ এএছআই বিষয়াসকলৰ সৈতে আলোচনা কৰিব আৰু ধৰ্মীয়  বিশ্বাস সম্পৰ্কীয় কাৰ্যকলাপ চলাই নিয়াৰ বিষয়ত  পৰ্যাপ্ত ব্যৱস্থা কৰিব।

 আৰক্ষীৰ প্ৰচুৰ উপস্থিতিৰ সৈতে  এএছআই কৰ্মীসকলক মেটাল ডিটেক্টৰেৰে পৰীক্ষা কৰাৰ পিছত চৌহদটোৰ বিষয়ে নানান তথ্য সংগ্ৰহ খৰে। অভিযানটোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি   সমগ্ৰ অঞ্চলটো ৬০  টা কেমেৰাৰ সহায়ত নিৰীক্ষণ কৰা হৈছে। ভোজ উৎসৱ সমিতিৰ সমন্বয়ক গোপাল শৰ্মাই কয় যে "আজি জৰীপৰ প্ৰথম দিনাই ভোজশালাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জোখা হয়"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement