--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদূলিমুখত লোকসভা নিৰ্বাচন৷ মাজত নাই এমাহো সময়৷ এনেসময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক  গ্ৰেপ্তাৰ কৰিলে ইডিয়ে। আগন্তুক কিছুমাহৰ বাবে কেজৰিৱাল কাৰাৰুদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰ আপৰ বাবে হৈ পৰিছে এটা বৃহৎ আঘাত। কাৰণ দলটোৰ লগতে বিৰোধী মৰ্চা ইণ্ডিয়াৰো এগৰাকী প্ৰধান তাৰকা প্ৰচাৰক আছিল কেজৰিৱাল। কিন্তু এই ৰাজনৈতিক আঘাতকো শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে আপ আৰু বিৰোধী মৰ্চাই! কেজৰিৱালৰ গ্ৰেপ্তাৰক এটা প্ৰধান ইচ্ছ্যু হিচাপে জনতাৰ মাজলৈ নিলে সেয়া আপৰ বাবে সুফলদায়ক হ'ব পাৰে। কেজৰিৱাল বিজেপি চৰকাৰৰ ৰাজনৈতিক শত্ৰুতাৰ বলি হ’ল বুলি আপে আৰু ইণ্ডিয়াই দেশবাসীক পতিয়ন নিয়াব পাৰিব লাগিব। যদি এয়া কৰাত বিৰোধী মৰ্চা সফল হয় বহুকেইখন আসনত লাভৱান হ’ব পাৰিব মৰ্চাটো। কেজৰিৱালৰ নামত সহানুভূতিৰ ভোট পাব পাৰিব আপ আৰু ইণ্ডিয়াই।

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ইচ্ছুটোক বিজেপিৰ বিৰুদ্ধে ঢৌ সৃষ্টি কৰাতো ব্যবহাৰ কৰিব পাৰে ইণ্ডিয়াই। অৱশ্যে এই ইচ্ছ্যুত একত্ৰ হৈ কাম কৰিব লাগিব ইণ্ডিয়াৰ প্ৰতিটো দলে। ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেজৰিৱালৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। 

এনে পদক্ষেপে বিৰোধী মৰ্চাক কেজৰিৱালৰ ইচ্ছ্যুটোক লৈ আগবাঢ়ি যোৱাত নিশ্চিতভাৱে সহায় কৰিব। লগতে বিৰোধী মৰ্চাক পূৰ্বৰ তুলনাত অধিক ঐক্যবদ্ধ কৰিব। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ইচ্ছ্যুটোক বিৰোধী মৰ্চাই কেনেদৰে ব্যৱহাৰ কৰে সেয়া আগন্তুক এটা সপ্তাহত স্পষ্ট হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান