--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এসময়ত খদমদম লগাই কথা অভিনেত্ৰী ছানা খান৷ কিন্তু হঠাতে যেন বলীউডৰ ৰঙীণ জগত খনৰ প্ৰতি মোহভংগ ঘটিল ছানা খানৰ, ছানা আকৃষ্ট হ’ল ধৰ্মৰ প্ৰতি ৷  সেয়ে ছবি জগত এৰি ছানা জড়িত হৈ পৰিল ধৰ্ম-কৰ্মৰ সৈতে৷তেওঁ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীও আছিল ৷ ছানা খানে ২০২০ চনৰ নৱেম্বৰত মুফতি আনাছ ছাইদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ছানাৰ স্বামী এজন মৌলৱী আৰু ইছলামৰ গৱেষক। বিয়াৰ পিছত ছানা খানে  হিজাব পিন্ধিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ ছানাই ঘোষণা কৰিছে যে তেওঁ  গৰ্ভৱতী।  এক সাক্ষাৎকাৰত ছানাই কৈছে যে তেওঁ এটা সন্তান আশা কৰি আছে। কিন্তু এইবাৰ ছানাই কৈছে তেওঁলোকৰ  শিশুটো কেনে হ'ব৷এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, "মই বিচাৰো যে মোৰ পুত্ৰ আলিম হওক’’। ইছলামৰ মতে, আলিমৰ অৰ্থ হৈছে বুদ্ধিমান আৰু জ্ঞানী।  সাক্ষাৎকাৰটোত ছানাই কয়, "এয়া এটা সম্পূৰ্ণ বেলেগ অভিজ্ঞতা। ই অতি আৱেগিক অভিজ্ঞতা। এয়া এটা অতি সুন্দৰ মুহূৰ্ত। মই মোৰ পুত্ৰক দুয়োখন হাতেৰে সাৱটি  ল'বলৈ বাট চাই আছোঁ। ''

২০০৫ চনত ছানাই কম বাজেটৰ ছবি 'ইয়ে হে হাই চছাইটি'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছানাক সেই সময়ত কেইবাটাও বিজ্ঞাপনতো দেখা গৈছিল। হিন্দীৰ উপৰি ছানাই তামিল আৰু তেলেগুকে ধৰি পাঁচটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।তেওঁ মুঠ ১৪  খন ছবি আছে। ছানাই ৫০ টাতকৈও অধিক বিজ্ঞাপনতো কাম কৰিছে। কিন্তু এই মুহূৰ্তত অভিনেত্ৰীগৰাকীয়ে ব্যস্ত কেৱল ধৰ্মকলৈহে৷ পুৰণি দিনৰ কথাবোৰ এতিয়া আৰু তেওঁ মনত নেপেলায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ