--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এসময়ত খদমদম লগাই কথা অভিনেত্ৰী ছানা খান৷ কিন্তু হঠাতে যেন বলীউডৰ ৰঙীণ জগত খনৰ প্ৰতি মোহভংগ ঘটিল ছানা খানৰ, ছানা আকৃষ্ট হ’ল ধৰ্মৰ প্ৰতি ৷  সেয়ে ছবি জগত এৰি ছানা জড়িত হৈ পৰিল ধৰ্ম-কৰ্মৰ সৈতে৷তেওঁ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীও আছিল ৷ ছানা খানে ২০২০ চনৰ নৱেম্বৰত মুফতি আনাছ ছাইদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ছানাৰ স্বামী এজন মৌলৱী আৰু ইছলামৰ গৱেষক। বিয়াৰ পিছত ছানা খানে  হিজাব পিন্ধিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ ছানাই ঘোষণা কৰিছে যে তেওঁ  গৰ্ভৱতী।  এক সাক্ষাৎকাৰত ছানাই কৈছে যে তেওঁ এটা সন্তান আশা কৰি আছে। কিন্তু এইবাৰ ছানাই কৈছে তেওঁলোকৰ  শিশুটো কেনে হ'ব৷এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, "মই বিচাৰো যে মোৰ পুত্ৰ আলিম হওক’’। ইছলামৰ মতে, আলিমৰ অৰ্থ হৈছে বুদ্ধিমান আৰু জ্ঞানী।  সাক্ষাৎকাৰটোত ছানাই কয়, "এয়া এটা সম্পূৰ্ণ বেলেগ অভিজ্ঞতা। ই অতি আৱেগিক অভিজ্ঞতা। এয়া এটা অতি সুন্দৰ মুহূৰ্ত। মই মোৰ পুত্ৰক দুয়োখন হাতেৰে সাৱটি  ল'বলৈ বাট চাই আছোঁ। ''

২০০৫ চনত ছানাই কম বাজেটৰ ছবি 'ইয়ে হে হাই চছাইটি'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছানাক সেই সময়ত কেইবাটাও বিজ্ঞাপনতো দেখা গৈছিল। হিন্দীৰ উপৰি ছানাই তামিল আৰু তেলেগুকে ধৰি পাঁচটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।তেওঁ মুঠ ১৪  খন ছবি আছে। ছানাই ৫০ টাতকৈও অধিক বিজ্ঞাপনতো কাম কৰিছে। কিন্তু এই মুহূৰ্তত অভিনেত্ৰীগৰাকীয়ে ব্যস্ত কেৱল ধৰ্মকলৈহে৷ পুৰণি দিনৰ কথাবোৰ এতিয়া আৰু তেওঁ মনত নেপেলায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু