--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাস্তাৰে ক’ৰবালৈ যাওঁতে চাগে মন কৰিছে যে অটোৰিক্সাৰ আঁৰত এনে বহু কথা লিখা থাকে, যাৰ বাবে হাঁহি উঠিব। কিছুমানে ধেমেলীয়া সুৰত কিবা এটা লিখে, আনহাতে বহুতে কঠোৰ বাক্য লিখি জনপ্ৰিয় হৈ পৰে। এই ভাইৰেল ছবিখনতো একেধৰণৰ কিবা এটা দেখা গ’ল। শেহতীয়াকৈ এজন অটোৰিক্সা চালকে মহিলাৰ বাবে পোষ্ট কৰা "বিশেষ" জাননীৰ বাবে যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে, যিখন জাননী ছ'চিয়েল মিডিয়াত বনজুইৰ দৰে বৰ্তমান বিয়পি পৰিছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বংশিকা গাৰ্গে এখন অটোৰিক্সাৰ ছবি পোষ্ট কৰিছিল, যাৰ পিছফালে লিখা আছিল, “ছ’ৰী গাৰ্লছ, মোৰ পত্নী বৰ কঠোৰ।” জাননীখনৰ শেষত মহিলাৰ ষ্টীকাৰত নিষেধাজ্ঞাৰ ফলক দেখা গৈছিল। এই বাৰ্তাটো পঢ়াৰ পাছত বহুতে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। পোষ্টটো দেখাৰ পিছত বহু ব্যৱহাৰকাৰীয়ে লিখিছিল ধেমেলীয়া মন্তব্য। আনকি কোনো কোনোৱে লাইভ ফটো তুলি চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰিছে।


পোষ্টটো দেখাৰ পাছত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "বিভিন্ন ঠাইত বহু বাহনত একেটা লাইন দেখা যায়।" আন এগৰাকী মহিলাই ক'লে, "এই ধৰণৰ আনুগত্য মই মোৰ স্বামীৰ পৰা আশা কৰোঁ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে,  দিল্লীৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "দিল্লীৰ শ শ ঠাইত এনে পোষ্টাৰ দেখা যায়।" 

বৰ্তমান সময়ত অটো চালকজনে লিখা এই বাৰ্তা ভাইৰেল হৈ আছে। বেছিভাগ ব্যৱহাৰকাৰীয়ে ধেমেলীয়া মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে অটো চালকজনে হয়তো গাড়ীত এই বাৰ্তা লিখি তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু