--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশ্ৰাফুল আলম ওৰফে হিৰো আলম বাংলাদেশৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ। বিভিন্ন কাৰণত তেওঁৰ নাম শিৰোনামত থাকে। কেতিয়াবা বেসুৰ গোৱাৰ বাবে, কেতিয়াবা উপ-নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ বাবে।

আকৌ শিৰোনামত আহিছে আলমৰ নাম। কিন্তু এইবাৰ কাৰণটো অলপ বেলেগ। মঙলবাৰে তেওঁ নিজৰ ফেচবুকত ব্যক্তিগত মুহূৰ্ত শ্বেয়াৰ কৰে। ছবিখনত নিজৰ প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ থকা দেখা গৈছে।

ঢাকা বিশ্ববিদ্যালয়ৰ চাৰু কলা বিভাগৰ ছাত্ৰই নিৰ্মাণ কৰিছে হিৰো আলমৰ প্ৰতিমূৰ্তি। সেইটো দেখি তেওঁ আনন্দিত হৈ পৰিছে। হিৰো আলমে নিজৰ মূৰ্তিৰ সৈতে এখন চেলফি পোষ্ট কৰে।

সেইটো পোষ্ট কৰি তেওঁ লিখিছে, "মোৰ ভাস্কৰ্য্যটো ঢাকা বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা হৈছে।"

ঢাকা বিশ্ববিদ্যালয়ৰ চাৰু কলা বিভাগৰ ছাত্ৰ উত্তম কুমাৰে নায়ক আলমৰ ভাস্কৰ্য নিৰ্মাণ কৰে। ছাত্ৰগৰাকীয়ে বাংলাদেশৰ এটা সংবাদ মাধ্যমৰ আগত কয়- ''২০১৮ চনত মই নায়ক আলমৰ চৰিত্ৰটোক ষ্টাডী ৱৰ্ক হিচাপে লৈ এটা ভাস্কৰ্য নিৰ্মাণ কৰিছিলো। আনন্দৰ বাবে এয়া কৰিছিলো।’’

ভাস্কৰ্যৰ ছাত্ৰগৰাকীয়ে কয়- ''হিৰো আলমক চৰিত্ৰ হিচাপে গ্ৰহণ কৰাৰ কাৰণ হ’ল তেওঁৰ চেহেৰাত কিবা এটা আছে, যিটো আমি ভাস্কৰ্য শিল্পীসকলে বৰ ভাল পাওঁ। সাধাৰণ মানুহৰ সেইটো নাথাকে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক