--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশ্ৰাফুল আলম ওৰফে হিৰো আলম বাংলাদেশৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ। বিভিন্ন কাৰণত তেওঁৰ নাম শিৰোনামত থাকে। কেতিয়াবা বেসুৰ গোৱাৰ বাবে, কেতিয়াবা উপ-নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ বাবে।

আকৌ শিৰোনামত আহিছে আলমৰ নাম। কিন্তু এইবাৰ কাৰণটো অলপ বেলেগ। মঙলবাৰে তেওঁ নিজৰ ফেচবুকত ব্যক্তিগত মুহূৰ্ত শ্বেয়াৰ কৰে। ছবিখনত নিজৰ প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ থকা দেখা গৈছে।

ঢাকা বিশ্ববিদ্যালয়ৰ চাৰু কলা বিভাগৰ ছাত্ৰই নিৰ্মাণ কৰিছে হিৰো আলমৰ প্ৰতিমূৰ্তি। সেইটো দেখি তেওঁ আনন্দিত হৈ পৰিছে। হিৰো আলমে নিজৰ মূৰ্তিৰ সৈতে এখন চেলফি পোষ্ট কৰে।

সেইটো পোষ্ট কৰি তেওঁ লিখিছে, "মোৰ ভাস্কৰ্য্যটো ঢাকা বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা হৈছে।"

ঢাকা বিশ্ববিদ্যালয়ৰ চাৰু কলা বিভাগৰ ছাত্ৰ উত্তম কুমাৰে নায়ক আলমৰ ভাস্কৰ্য নিৰ্মাণ কৰে। ছাত্ৰগৰাকীয়ে বাংলাদেশৰ এটা সংবাদ মাধ্যমৰ আগত কয়- ''২০১৮ চনত মই নায়ক আলমৰ চৰিত্ৰটোক ষ্টাডী ৱৰ্ক হিচাপে লৈ এটা ভাস্কৰ্য নিৰ্মাণ কৰিছিলো। আনন্দৰ বাবে এয়া কৰিছিলো।’’

ভাস্কৰ্যৰ ছাত্ৰগৰাকীয়ে কয়- ''হিৰো আলমক চৰিত্ৰ হিচাপে গ্ৰহণ কৰাৰ কাৰণ হ’ল তেওঁৰ চেহেৰাত কিবা এটা আছে, যিটো আমি ভাস্কৰ্য শিল্পীসকলে বৰ ভাল পাওঁ। সাধাৰণ মানুহৰ সেইটো নাথাকে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি