--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাইফ আলী খানে হাতৰ পৰা কৰীনাৰ নামৰ টেটুটো আঁতৰাই দিলে কিয়? ছ’চিয়েল মিডিয়াত এই প্ৰশ্নৰ উত্থান ঘটিছে। সম্পৰ্কৰ আৰম্ভণিতে ছাইফে বাওঁহাতত কৰীনাৰ নাম টেটু কৰিছিল। কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ছাইফৰ এখন ছবি আহি দেখিলে যে টেটুটো নোহোৱা হৈ গৈছে! তাৰ পৰিৱৰ্তে নতুন টেটু এটাই ঠাই লৈছে। কৰীনাৰ নাম আঁতৰাই নতুন ডিজাইন কৰা হৈছে নে নামটো নিজেই পুনৰ ডিজাইন কৰা হৈছে, সেয়া এতিয়াও বিতংভাৱে জানিব পৰা হোৱা নাই।

ছাইফৰ নতুন টেটু দেখাৰ পিছত অনেকে উদ্বেগ প্ৰকাশ কৰে। বিশেষকৈ অনুৰাগীৰ ভয়, তাৰকাদম্পতিহালৰ মাজত ফাট মেলিছে নেকি? কিন্তু কিছুদিন পূৰ্বে এই যুটিৰ অন্তৰংগ ভিডিঅ’ পোহৰলৈ আহিছিল। কামলৈ যোৱাৰ আগতে চুমা খোৱাৰ ভিডিঅ’টোৱে প্ৰশংসাও লাভ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৰ্তমান ছৈফৰ ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে। ছবিখনত ছাইফে অভিনয় কৰা চৰিত্ৰটোত আছে এই বিশেষ টেটু। দেখাত বলী অভিনেতাজনে কেৱল চৰিত্ৰটোৰ প্ৰয়োজনীয়তাৰ বাবেই এই টেটুটো পাইছিল। জানিব পৰা মতে, ছাইফৰ হাতত কৰীনাৰ নাম টেটু কৰা হৈছে। এই অস্থায়ী টেটু কৰীনাৰ নামত কৰা হয়। শ্বুটিং শেষ হ’লে নতুন টেটুটো আঁতৰাই দিয়া হ’ব আৰু আকৌ ছাইফৰ হাতত কৰীনাৰ নামৰ টেটুটো দেখা যাব। কোৱা বাহুল্য যে ছৈফ-কৰিনাৰ বিবাহ এতিয়াও অক্ষত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ