--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাৰাহ খানে মুখ মেলিলে বলীউডত কি ভুল হৈছে। আজিকালি অভিনেতাৰ চাহিদা বাঢ়িছে। যদিও ফাৰাহে অভিনেতাসকলৰ পাৰিশ্ৰমিকৰ কথা কোৱা নাই৷

অভিনেতা-অভিনেত্ৰীসকলে নিজাববীয়াকৈ অধিক লোকক চেটলৈ অনাটোৱে প্ৰযোজকসকলৰ ওপৰত আৰ্থিক হেঁচা প্ৰয়োগ কৰে বুলি ফাৰাহে কয়। এই প্ৰসংগত পৰিচালকে কয়, “এজন অভিনেতাই ৮ জনীয়া দল লৈ চেটলৈ আহে বা এগৰাকী অভিনেত্ৰীয়ে ৯ জনীয়া দল লৈ চেটত প্ৰৱেশ কৰে। এই সকলোবোৰ আগতে নহ’লহেঁতেন।” 

সেই অতিৰিক্ত লোকসকল কোনো কাৰণতে ছবিখনৰ সৈতে জড়িত নহয় বুলিও কয় ফাৰাহে। এই বিষয়ত নিয়ন্ত্ৰণ আনিবলৈ দাবী জনায়।

তেওঁ ছবিৰ বাজেট কেনেকৈ বৃদ্ধি পাইছে আৰু ছবিখনৰ লভ্যাংশ সংগ্ৰহত বাধাৰ সৃষ্টি কৰিছে তাৰ এক সহজ বিৱৰণ দিয়ে। তেওঁৰ মতে, স্পট বয় এজনে প্ৰতিদিনে গড়ে ২৫ হাজাৰ টকা উপাৰ্জন কৰাৰ বিপৰীতে এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে ১৫ হাজাৰ টকা উপাৰ্জন কৰে। আনহাতে, ষ্টাইলিছৰ দাম প্ৰায় এক লাখ টকা। মুঠতে এজন শিল্পীৰ জনমূৰি খৰচ প্ৰতিদিনে কমেও ২০ৰ পৰা ২২ লাখ। এতিয়া এখন ছবিৰ শ্বুটিঙত প্ৰায় ৭০ দিন সময় লাগে। সকলো মিলি এই খৰচ প্ৰায় ১৫-২০ কোটি টকা পৰেগৈ। ফাৰহাই ছবিখনৰ বাজেটত অতিৰিক্ত খৰচ কমাবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ