--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খানক আক্ৰমণৰ অভিযোগত অভিযুক্ত শ্বৰিফুল ইছলাম শ্বাহজাদক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। 

আক্ৰমণৰ পিছত আৰক্ষীৰ পৰা পলায়নৰ বাবে সঘনাই কাপোৰ সলাই থকাই নহয়, পূৰ্বেও চুৰি কাণ্ডৰ সৈতে জড়িত অভিযুক্ত। তদন্তত প্ৰকাশ পাইছে যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শ্বৰীফুলে মুম্বাইলৈ আহিছিল আৰু ইয়াৰ বহু ঠাইত তেওঁ কাম কৰি আহিছে। ইয়াৰ লগতে আৰক্ষীয়ে তেওঁক বাংলাদেশৰ মল্লযুঁজ খেলুৱৈ বুলিও দাবী কৰিছে। 

ছেইফ আলী খানৰ গোচৰত নতুনকৈ বহু তথ্য প্ৰকাশ। অভিনেতাজনক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত শ্বৰিফুল ইছলাম শ্বাহজাদে আৰক্ষীক জনোৱা মতে, তেওঁ বাংলাদেশৰ এজন মল্লযুঁজাৰু আৰু আগতে কম ওজনৰ শাখাত মল্লযুঁজ কৰিছিল। জিলা পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈকে বহু মেচ খেলিছিল তেওঁ। মল্লযুঁজাৰু হোৱাৰ বাবে তেওঁৰ চঞ্চলতা আৰু শক্তি আছিল, যাৰ বাবে তেওঁ আনকি বলীউডৰ অভিনেতা ছেইফ আলী খানৰ শৰীৰকো আগুৰি ধৰিবলৈ সক্ষম হৈছিল।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ মতে, ছেইফ আলী খানক আক্ৰমণ কৰাৰ পিছত অভিযুক্ত শ্বৰীফুল শ্বাহজাদে আৰক্ষীক ভ্ৰম কৰিবলৈ কেইবাবাৰো কাপোৰ সলনি কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ বহু ঠাই ভ্ৰমণ কৰিবলৈ ওলাই গৈছিল যাতে আৰক্ষীয়ে তেওঁক অনুসৰণ কৰিব নোৱাৰে। অভিযোগ কৰা হৈছে যে অভিযুক্তই ইয়াৰ পূৰ্বেও একেধৰণৰ কৌশল ব্যৱহাৰ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে ইয়াৰ পূৰ্বেও শ্বৰীফুল শ্বাহজাদৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু কৰা হৈছে। ২০২৪ চনৰ আগষ্ট মাহত ৱৰ্লিৰ এখন পাবত কাম কৰি থকা অৱস্থাত তেওঁ এজন গ্ৰাহকৰ আঙঠি চুৰি কৰিছিল। অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীৰ তদন্তত শ্বৰীফুলৰ নাম আহিল। এই ঘটনাৰ পিছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। হোটেলৰ কৰ্মচাৰীৰ মতে তেওঁ কথা বতৰা ভালেই আছিল। কিন্তু তেওঁ অলপ এক্সেন্ট্ৰিক স্বভাৱৰ আছিল। তেওঁৰ কামক লৈ কেতিয়াও কোনো প্ৰশ্ন উত্থাপন হোৱা নাছিল যদিও চুৰিটো সংঘটিত কৰাৰ পিছত তেওঁৰ প্ৰকৃত ৰংবোৰ চৰ্চালৈ আহিছিল। এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যে তেওঁ পূৰ্বে কোনো বৃহৎ অপৰাধৰ সৈতে জড়িত আছিল নে মুম্বাইৰ কোনো গেঙৰ সৈতে তেওঁ জড়িত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ