--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খানক আক্ৰমণৰ অভিযোগত অভিযুক্ত শ্বৰিফুল ইছলাম শ্বাহজাদক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। 

আক্ৰমণৰ পিছত আৰক্ষীৰ পৰা পলায়নৰ বাবে সঘনাই কাপোৰ সলাই থকাই নহয়, পূৰ্বেও চুৰি কাণ্ডৰ সৈতে জড়িত অভিযুক্ত। তদন্তত প্ৰকাশ পাইছে যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শ্বৰীফুলে মুম্বাইলৈ আহিছিল আৰু ইয়াৰ বহু ঠাইত তেওঁ কাম কৰি আহিছে। ইয়াৰ লগতে আৰক্ষীয়ে তেওঁক বাংলাদেশৰ মল্লযুঁজ খেলুৱৈ বুলিও দাবী কৰিছে। 

ছেইফ আলী খানৰ গোচৰত নতুনকৈ বহু তথ্য প্ৰকাশ। অভিনেতাজনক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত শ্বৰিফুল ইছলাম শ্বাহজাদে আৰক্ষীক জনোৱা মতে, তেওঁ বাংলাদেশৰ এজন মল্লযুঁজাৰু আৰু আগতে কম ওজনৰ শাখাত মল্লযুঁজ কৰিছিল। জিলা পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈকে বহু মেচ খেলিছিল তেওঁ। মল্লযুঁজাৰু হোৱাৰ বাবে তেওঁৰ চঞ্চলতা আৰু শক্তি আছিল, যাৰ বাবে তেওঁ আনকি বলীউডৰ অভিনেতা ছেইফ আলী খানৰ শৰীৰকো আগুৰি ধৰিবলৈ সক্ষম হৈছিল।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ মতে, ছেইফ আলী খানক আক্ৰমণ কৰাৰ পিছত অভিযুক্ত শ্বৰীফুল শ্বাহজাদে আৰক্ষীক ভ্ৰম কৰিবলৈ কেইবাবাৰো কাপোৰ সলনি কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ বহু ঠাই ভ্ৰমণ কৰিবলৈ ওলাই গৈছিল যাতে আৰক্ষীয়ে তেওঁক অনুসৰণ কৰিব নোৱাৰে। অভিযোগ কৰা হৈছে যে অভিযুক্তই ইয়াৰ পূৰ্বেও একেধৰণৰ কৌশল ব্যৱহাৰ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে ইয়াৰ পূৰ্বেও শ্বৰীফুল শ্বাহজাদৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু কৰা হৈছে। ২০২৪ চনৰ আগষ্ট মাহত ৱৰ্লিৰ এখন পাবত কাম কৰি থকা অৱস্থাত তেওঁ এজন গ্ৰাহকৰ আঙঠি চুৰি কৰিছিল। অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীৰ তদন্তত শ্বৰীফুলৰ নাম আহিল। এই ঘটনাৰ পিছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। হোটেলৰ কৰ্মচাৰীৰ মতে তেওঁ কথা বতৰা ভালেই আছিল। কিন্তু তেওঁ অলপ এক্সেন্ট্ৰিক স্বভাৱৰ আছিল। তেওঁৰ কামক লৈ কেতিয়াও কোনো প্ৰশ্ন উত্থাপন হোৱা নাছিল যদিও চুৰিটো সংঘটিত কৰাৰ পিছত তেওঁৰ প্ৰকৃত ৰংবোৰ চৰ্চালৈ আহিছিল। এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যে তেওঁ পূৰ্বে কোনো বৃহৎ অপৰাধৰ সৈতে জড়িত আছিল নে মুম্বাইৰ কোনো গেঙৰ সৈতে তেওঁ জড়িত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু