--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ইৰাণৰ পৰা পোহৰলৈ আহিছে ভয়ংকৰ গোচৰ। কঠোৰ ধৰ্মীয় আইনৰ অচিলাৰে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে এগৰাকী পপ গায়কক। ইৰাণৰ আদালতে টাটালু নামেৰে পৰিচিত বিখ্যাত গায়ক আমিৰ টাটালুক ঈশ্বৰ নিন্দা কৰাৰ দোষত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷

ইৰাণৰ কাকত ইটেমাদে দেওবাৰে প্ৰকাশ কৰা খবৰ অনুসৰি আমিৰৰ বিৰুদ্ধে হজৰত মহম্মদক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে ইৰাণৰ উচ্চতম ন্যায়ালয়ে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আদালতে তেওঁক ঈশ্বৰ নিন্দা আৰু অন্যান্য অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছিল৷ প্ৰথমে ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিছিল৷ তাৰ পাছত গোচৰটোত পুনৰ ৰায়দান হয় আৰু শেষত আমিৰক প্ৰদান কৰা হয় মৃত্যুদণ্ডৰ শাস্তি বিহে৷

উল্লেখ্য যে ৩৭ বছৰীয়া গায়ক টাটালুৱে ২০১৮ চনৰ পৰা তুৰ্কীৰ ইস্তানবুল চহৰত বাস কৰিছিল। ২০২৩ চনত তুৰ্কী আৰক্ষীয়ে তেওঁক ইৰাণৰ হাতত গতাই দিয়ে, তাৰ পাছত তেওঁৰ বিৰুদ্ধে ঈশ্বৰ নিন্দাকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়।

বেশ্যাবৃত্তিৰ প্ৰচাৰ আৰু অন্যান্য অভিযোগৰ লগতে ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা আৰু অশ্লীল সামগ্ৰী প্ৰকাশ কৰাৰ অভিযোগত টাটালুক কাৰাদণ্ড বিহা হয়। অৱশ্যে ইৰাণ ইণ্টাৰনেশ্যনেলে কয় যে দেশৰ ন্যায়পালিকাই টাটালুক ঈশ্বৰ নিন্দা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি দিয়া বুলি দাবী কৰা বাতৰিক অস্বীকাৰ কৰিছে। চূড়ান্ত ৰায় এতিয়াও দিয়া হোৱা নাই বুলি সদৰি কৰিছে।

টাটালু ৰেপ, পপ আৰু আৰ এণ্ড বিৰ সংমিশ্ৰণৰ বাবে পৰিচিত৷ ইয়াৰোপৰি তেওঁ শৰীৰৰ টেটুৰ বাবেও পৰিচিত৷ ২০১৫ চনত টাটালুৱে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সমৰ্থনত এটা গীত প্ৰকাশ কৰিছিল, যিটো গীত পিছলৈ ২০১৮ চনত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত উন্মোচিত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ