--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ইৰাণৰ পৰা পোহৰলৈ আহিছে ভয়ংকৰ গোচৰ। কঠোৰ ধৰ্মীয় আইনৰ অচিলাৰে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে এগৰাকী পপ গায়কক। ইৰাণৰ আদালতে টাটালু নামেৰে পৰিচিত বিখ্যাত গায়ক আমিৰ টাটালুক ঈশ্বৰ নিন্দা কৰাৰ দোষত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷

ইৰাণৰ কাকত ইটেমাদে দেওবাৰে প্ৰকাশ কৰা খবৰ অনুসৰি আমিৰৰ বিৰুদ্ধে হজৰত মহম্মদক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে ইৰাণৰ উচ্চতম ন্যায়ালয়ে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আদালতে তেওঁক ঈশ্বৰ নিন্দা আৰু অন্যান্য অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছিল৷ প্ৰথমে ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিছিল৷ তাৰ পাছত গোচৰটোত পুনৰ ৰায়দান হয় আৰু শেষত আমিৰক প্ৰদান কৰা হয় মৃত্যুদণ্ডৰ শাস্তি বিহে৷

উল্লেখ্য যে ৩৭ বছৰীয়া গায়ক টাটালুৱে ২০১৮ চনৰ পৰা তুৰ্কীৰ ইস্তানবুল চহৰত বাস কৰিছিল। ২০২৩ চনত তুৰ্কী আৰক্ষীয়ে তেওঁক ইৰাণৰ হাতত গতাই দিয়ে, তাৰ পাছত তেওঁৰ বিৰুদ্ধে ঈশ্বৰ নিন্দাকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়।

বেশ্যাবৃত্তিৰ প্ৰচাৰ আৰু অন্যান্য অভিযোগৰ লগতে ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা আৰু অশ্লীল সামগ্ৰী প্ৰকাশ কৰাৰ অভিযোগত টাটালুক কাৰাদণ্ড বিহা হয়। অৱশ্যে ইৰাণ ইণ্টাৰনেশ্যনেলে কয় যে দেশৰ ন্যায়পালিকাই টাটালুক ঈশ্বৰ নিন্দা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি দিয়া বুলি দাবী কৰা বাতৰিক অস্বীকাৰ কৰিছে। চূড়ান্ত ৰায় এতিয়াও দিয়া হোৱা নাই বুলি সদৰি কৰিছে।

টাটালু ৰেপ, পপ আৰু আৰ এণ্ড বিৰ সংমিশ্ৰণৰ বাবে পৰিচিত৷ ইয়াৰোপৰি তেওঁ শৰীৰৰ টেটুৰ বাবেও পৰিচিত৷ ২০১৫ চনত টাটালুৱে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সমৰ্থনত এটা গীত প্ৰকাশ কৰিছিল, যিটো গীত পিছলৈ ২০১৮ চনত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত উন্মোচিত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু