--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিশ্চয়তাত ভাৰতীয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ অভিনয় কেৰিয়াৰ৷অভিনয় জীৱনত দৰ্শকৰ তেনেই সামান্য মৰমহে লাভ কৰিবলৈ সক্ষম হোৱা কংগনাৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি তেজছ-এ বক্স অফিচত বাৰুকৈয়ে লোকচানৰ সমুখীন হয়৷এতিয়া নতুনকৈ কংগনাই আৰম্ভ কৰিছে এক নতুন বিতৰ্ক৷উল্লেখ্য যে ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত কংগনাক প্ৰায়ে সংবাদ মাধ্যমে প্ৰশ্ন কৰে। এতিয়ালৈকে কংগনাই এই দিশটো অস্বীকাৰ কৰি আহিছিল। কিন্তু এইবাৰ কংগনাই ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেজছ চিনেমাখন মুক্তি পোৱাৰ পাছত কংগনাই গুজৰাটৰ বিখ্যাত ভ্ৰমণ স্থানসমূহৰ লগতে দ্বাৰকাৰ জগত মন্দিৰত উপস্থিত হয় আৰু দ্বাৰকাধীশ মন্দিৰত মূৰ দোৱাই।নাগেশ্বৰ মহাদেৱ মন্দিৰতো উপস্থিত হৈ ভগৱানৰ আশীৰ্বাদ লয় অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিয়ে। তেওঁ কয়- ভগৱান শ্ৰী কৃষ্ণ যদি সন্তুষ্ট হয় তেন্তে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷

কিন্তু কেৰিয়াৰৰ এই বিপৰ্যয়ৰ সময়তো আগন্তুক ছবি সন্দৰ্ভত কংগনাই কয় যে- মোৰ আগন্তুক ছবি ইমাৰ্জেন্সি মই নিজেই পৰিচালনা কৰিছো। ইয়াত মইও অভিনয় কৰিছো। এই চিনেমাখন এখন থ্ৰিলাৰ।ইয়াৰ পাছতেই বিনোদনমূলক চিনেমা তনু ৱেডছ্‌ মনুৰ তৃতীয় খণ্ড আহি আছে।উল্লেখ্য যে দেশৰ চলচ্চিত্ৰ গৃহত তেজছৰ যি গতি হৈছে এনে পৰিস্থিতিত ইমাৰ্জেন্সি ছবিখনে কেনেদৰে ব্যৱসায় কৰিব সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু