--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিশ্চয়তাত ভাৰতীয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ অভিনয় কেৰিয়াৰ৷অভিনয় জীৱনত দৰ্শকৰ তেনেই সামান্য মৰমহে লাভ কৰিবলৈ সক্ষম হোৱা কংগনাৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি তেজছ-এ বক্স অফিচত বাৰুকৈয়ে লোকচানৰ সমুখীন হয়৷এতিয়া নতুনকৈ কংগনাই আৰম্ভ কৰিছে এক নতুন বিতৰ্ক৷উল্লেখ্য যে ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত কংগনাক প্ৰায়ে সংবাদ মাধ্যমে প্ৰশ্ন কৰে। এতিয়ালৈকে কংগনাই এই দিশটো অস্বীকাৰ কৰি আহিছিল। কিন্তু এইবাৰ কংগনাই ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেজছ চিনেমাখন মুক্তি পোৱাৰ পাছত কংগনাই গুজৰাটৰ বিখ্যাত ভ্ৰমণ স্থানসমূহৰ লগতে দ্বাৰকাৰ জগত মন্দিৰত উপস্থিত হয় আৰু দ্বাৰকাধীশ মন্দিৰত মূৰ দোৱাই।নাগেশ্বৰ মহাদেৱ মন্দিৰতো উপস্থিত হৈ ভগৱানৰ আশীৰ্বাদ লয় অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিয়ে। তেওঁ কয়- ভগৱান শ্ৰী কৃষ্ণ যদি সন্তুষ্ট হয় তেন্তে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷

কিন্তু কেৰিয়াৰৰ এই বিপৰ্যয়ৰ সময়তো আগন্তুক ছবি সন্দৰ্ভত কংগনাই কয় যে- মোৰ আগন্তুক ছবি ইমাৰ্জেন্সি মই নিজেই পৰিচালনা কৰিছো। ইয়াত মইও অভিনয় কৰিছো। এই চিনেমাখন এখন থ্ৰিলাৰ।ইয়াৰ পাছতেই বিনোদনমূলক চিনেমা তনু ৱেডছ্‌ মনুৰ তৃতীয় খণ্ড আহি আছে।উল্লেখ্য যে দেশৰ চলচ্চিত্ৰ গৃহত তেজছৰ যি গতি হৈছে এনে পৰিস্থিতিত ইমাৰ্জেন্সি ছবিখনে কেনেদৰে ব্যৱসায় কৰিব সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ