--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় অভিনেতাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ বহুতে হেৰুৱালে নিজৰ প্ৰিয় মোবাইল ফোনটো। শ্বাহৰুখ খানৰ অনুৰাগীসকলে বুধবাৰে এছআৰকেৰ জন্মদিন উপলক্ষ্যে মাজনিশা শ্বাহৰুখৰ বাসভৱন মান্নাটৰ বাহিৰত সমবেত হৈছিল। বহুতে হাতত প্লেকাৰ্ড লৈ অভিনেতাগৰাকীক অভিনন্দন জনাইছিল। 

বহুতে আকৌ  ফুল, কেক আদিও লৈ গৈছিল। মান্নাতৰ বাহিৰত  জনতাৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰাণপণে চেষ্টা চলাবলগীয়া হৈছিল।  মুম্বাই আৰক্ষীয়ে নিশা বলীউডৰ চুপাৰষ্টাৰৰ ঘৰৰ বাহিৰত এনে ভিৰৰ  মোকাবিলা কৰিবলৈ আনকি লাঠীচালনাও কৰিবলগীয়া হৈছিল।  ভিৰৰ মাজতে ঘূৰি ফুৰিছিল জেপ লুৰুকাৰ দল। 

জেপ লুৰুকাৰ সন্ত্ৰাসতে ১৭ জন শ্বাহৰুখ  অনুৰাগীয়ে হেৰুৱাবলগীয়া হৈছিল তেওঁলোকৰ মোবাইল ফোন। আন নালাগে  এখন ৰাষ্ট্ৰীয়  বাতৰি কাকতৰ ফটোগ্ৰাফাৰেই হেৰুৱাইছিল তেওঁৰ ফোনটো। তেঁৱেই প্ৰথমে  স্থানীয় বান্দ্ৰা আৰক্ষী চকীত ফোন চুৰি হোৱাৰ  অভিযোগ দাখিল কৰিছিল ।

 পিছত তেওঁৰ দৰে আন বহু  অনুৰাগীয়ে একেটা অভিযোগ লৈ থানালৈ আহে। মুঠ ১৭  জন লোকে তেওঁলোকৰ মোবাইল ফোন হেৰুৱাওৱাৰ কথা এতিয়া পোহৰলৈ আহিছে।  আৰক্ষীয়ে ইতিমধ্যে এই চুৰিৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।২ নৱেম্বৰ। শ্বাহৰুখ  অনুৰাগীসকলৰ বাবে এটা উৎসৱৰ দৰে। কাৰণ এই দিনটো  শ্বাহৰুখৰ জন্মদিন।  

প্ৰতি বছৰে এই দিনটোত ভক্তসকলে মান্নাতৰ সন্মুখত একত্ৰিত হয়।  শ্বাহৰুখ মান্নাটৰ চাদলৈ ওলাই আহি পৰম্পৰাগত ভঙ্গীত হাত জোকাৰি  সকলোৰে মৰম আৰু আশীৰ্বাদ গ্ৰহণ কৰে।এই বছৰো তাৰ ব্যতিক্ৰম ঘটা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু