--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় অভিনেতাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ বহুতে হেৰুৱালে নিজৰ প্ৰিয় মোবাইল ফোনটো। শ্বাহৰুখ খানৰ অনুৰাগীসকলে বুধবাৰে এছআৰকেৰ জন্মদিন উপলক্ষ্যে মাজনিশা শ্বাহৰুখৰ বাসভৱন মান্নাটৰ বাহিৰত সমবেত হৈছিল। বহুতে হাতত প্লেকাৰ্ড লৈ অভিনেতাগৰাকীক অভিনন্দন জনাইছিল। 

বহুতে আকৌ  ফুল, কেক আদিও লৈ গৈছিল। মান্নাতৰ বাহিৰত  জনতাৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰাণপণে চেষ্টা চলাবলগীয়া হৈছিল।  মুম্বাই আৰক্ষীয়ে নিশা বলীউডৰ চুপাৰষ্টাৰৰ ঘৰৰ বাহিৰত এনে ভিৰৰ  মোকাবিলা কৰিবলৈ আনকি লাঠীচালনাও কৰিবলগীয়া হৈছিল।  ভিৰৰ মাজতে ঘূৰি ফুৰিছিল জেপ লুৰুকাৰ দল। 

জেপ লুৰুকাৰ সন্ত্ৰাসতে ১৭ জন শ্বাহৰুখ  অনুৰাগীয়ে হেৰুৱাবলগীয়া হৈছিল তেওঁলোকৰ মোবাইল ফোন। আন নালাগে  এখন ৰাষ্ট্ৰীয়  বাতৰি কাকতৰ ফটোগ্ৰাফাৰেই হেৰুৱাইছিল তেওঁৰ ফোনটো। তেঁৱেই প্ৰথমে  স্থানীয় বান্দ্ৰা আৰক্ষী চকীত ফোন চুৰি হোৱাৰ  অভিযোগ দাখিল কৰিছিল ।

 পিছত তেওঁৰ দৰে আন বহু  অনুৰাগীয়ে একেটা অভিযোগ লৈ থানালৈ আহে। মুঠ ১৭  জন লোকে তেওঁলোকৰ মোবাইল ফোন হেৰুৱাওৱাৰ কথা এতিয়া পোহৰলৈ আহিছে।  আৰক্ষীয়ে ইতিমধ্যে এই চুৰিৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।২ নৱেম্বৰ। শ্বাহৰুখ  অনুৰাগীসকলৰ বাবে এটা উৎসৱৰ দৰে। কাৰণ এই দিনটো  শ্বাহৰুখৰ জন্মদিন।  

প্ৰতি বছৰে এই দিনটোত ভক্তসকলে মান্নাতৰ সন্মুখত একত্ৰিত হয়।  শ্বাহৰুখ মান্নাটৰ চাদলৈ ওলাই আহি পৰম্পৰাগত ভঙ্গীত হাত জোকাৰি  সকলোৰে মৰম আৰু আশীৰ্বাদ গ্ৰহণ কৰে।এই বছৰো তাৰ ব্যতিক্ৰম ঘটা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ