--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১০ চনৰ পৰা ইনষ্টাগ্ৰামৰ যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ পিছত এই ছচিয়েল মিডিয়া বহুবাৰ সলনি হৈছে। ইনষ্টাগ্ৰাম পৰিগণতি হৈছে উপাৰ্জন আৰু মনোৰঞ্জনৰ মাধ্যম। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰৰ কাষৰ ছোৱালীজনীও ইনষ্টাগ্ৰাম তাৰকা হ’ব পাৰে। চাওঁ আহক ইনষ্টাগ্ৰামত বেছি ফ’ল’ৱাৰ্ছ থকা শীৰ্ষ দহৰ ভিতৰত কোন কোন মহিলা চেলিব্ৰেটি আছে?

মহিলাৰ ভিতৰত ইনষ্টাগ্ৰামত সৰ্বাধিক ফ’ল’ৱাৰ আছে ছেলেনা গোমেজৰ। এসময়ত ছ’চিয়েল মিডিয়াত প্ৰফাইল খুলিবলৈ বৰ অনিচ্ছুক আছিল ছেলেনা। কিন্তু খোলাৰ লগে লগে অনুসৰণকাৰীৰ সংখ্যা জাঁপ মাৰি বাঢ়ি গ’ল। ছেলেনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ দৈনন্দিন জীৱনৰ ছবি শ্বেয়াৰ কৰে। কেতিয়াবা তেওঁ ৰন্ধা-বঢ়া কৰা দেখা যায়, কেতিয়াবা ব্যায়াম কৰা দেখা যায়। ছ’চিয়েল মিডিয়াত প্ৰায়ে মানসিক স্বাস্থ্য আৰু হতাশাৰ কথা কয় ছেলেনাই।

ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ ফালৰ পৰা পঞ্চম স্থানত আছে কাইলী জেনাৰ। তেওঁৰ অনুগামীৰ সংখ্যা ৩৮ কোটি। ২০১৯ চনত ফৰ্বছে তেওঁক আটাইতকৈ কম বয়সীয়া ‘স্ব-নিৰ্মিত’ কোটিপতি হিচাপে ঘোষণা কৰিছিল। কাইলীৰ নিজাকৈ প্ৰসাধন সামগ্ৰী কোম্পানী আছে। ৰিয়েলিটি শ্ব’তো অংশ লৈছিল তেওঁ।

সপ্তম স্থানত আছে গায়িকা আৰিয়ানা গ্ৰেণ্ডে। তেওঁ প্ৰায়ে নিজৰ জীৱন, ঘৰ আৰু পোহনীয়া জন্তুৰ ছবি দিয়ে। ইনষ্টাগ্ৰামত আৰিয়ানাৰ ৩৫.৭ মিলিয়ন ফ’ল’ৱাৰ আছে।

যি কৰে সিয়েই খবৰ হৈ যায়। তেওঁ ইনষ্টাগ্ৰামত চৰ্চিত হোৱাটো স্বাভাৱিক। ফ’ল’ৱাৰৰ সংখ্যাৰ ফালৰ পৰা অষ্টম স্থানত আছে কিম কাৰ্দাছিয়ান। তেওঁৰ অনুগামীৰ সংখ্যা ৩৪ কোটি ৬০ লাখ।

কিমৰ পিছত আছে গায়িকা বিয়ন্স ন’লছ। ইনষ্টাগ্ৰামত তেওঁৰ ২৯.৭ মিলিয়ন ফ’ল’ৱাৰ আছে। শেহতীয়াকৈ ‘লেমনেড’ এলবামটো মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত বিয়’ন্সেৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পালে। ইনষ্টাগ্ৰামত জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁৰ এগৰাকী ভগ্নী ক্ল’ কাৰ্দাছিয়ানকো কিমৰ সৈতে ৰেংকিঙত ৰখা হৈছে। ক্ল’ৰ অনুগামীৰ সংখ্যা ২৯৫ মিলিয়ন। ইয়াৰ পূৰ্বে পপ গায়ক জাষ্টিন বিবাৰ অনুগামীৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষ দহৰ তালিকাত নৱম স্থানত আছিল। তেওঁৰ ঠাইত ক্ল’ই সেই ঠাই ল’লে। আন এগৰাকী ভগ্নী কেণ্ডেল জেনাৰো পিছ পৰি থকা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু