--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১০ চনৰ পৰা ইনষ্টাগ্ৰামৰ যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ পিছত এই ছচিয়েল মিডিয়া বহুবাৰ সলনি হৈছে। ইনষ্টাগ্ৰাম পৰিগণতি হৈছে উপাৰ্জন আৰু মনোৰঞ্জনৰ মাধ্যম। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰৰ কাষৰ ছোৱালীজনীও ইনষ্টাগ্ৰাম তাৰকা হ’ব পাৰে। চাওঁ আহক ইনষ্টাগ্ৰামত বেছি ফ’ল’ৱাৰ্ছ থকা শীৰ্ষ দহৰ ভিতৰত কোন কোন মহিলা চেলিব্ৰেটি আছে?

মহিলাৰ ভিতৰত ইনষ্টাগ্ৰামত সৰ্বাধিক ফ’ল’ৱাৰ আছে ছেলেনা গোমেজৰ। এসময়ত ছ’চিয়েল মিডিয়াত প্ৰফাইল খুলিবলৈ বৰ অনিচ্ছুক আছিল ছেলেনা। কিন্তু খোলাৰ লগে লগে অনুসৰণকাৰীৰ সংখ্যা জাঁপ মাৰি বাঢ়ি গ’ল। ছেলেনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ দৈনন্দিন জীৱনৰ ছবি শ্বেয়াৰ কৰে। কেতিয়াবা তেওঁ ৰন্ধা-বঢ়া কৰা দেখা যায়, কেতিয়াবা ব্যায়াম কৰা দেখা যায়। ছ’চিয়েল মিডিয়াত প্ৰায়ে মানসিক স্বাস্থ্য আৰু হতাশাৰ কথা কয় ছেলেনাই।

ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ ফালৰ পৰা পঞ্চম স্থানত আছে কাইলী জেনাৰ। তেওঁৰ অনুগামীৰ সংখ্যা ৩৮ কোটি। ২০১৯ চনত ফৰ্বছে তেওঁক আটাইতকৈ কম বয়সীয়া ‘স্ব-নিৰ্মিত’ কোটিপতি হিচাপে ঘোষণা কৰিছিল। কাইলীৰ নিজাকৈ প্ৰসাধন সামগ্ৰী কোম্পানী আছে। ৰিয়েলিটি শ্ব’তো অংশ লৈছিল তেওঁ।

সপ্তম স্থানত আছে গায়িকা আৰিয়ানা গ্ৰেণ্ডে। তেওঁ প্ৰায়ে নিজৰ জীৱন, ঘৰ আৰু পোহনীয়া জন্তুৰ ছবি দিয়ে। ইনষ্টাগ্ৰামত আৰিয়ানাৰ ৩৫.৭ মিলিয়ন ফ’ল’ৱাৰ আছে।

যি কৰে সিয়েই খবৰ হৈ যায়। তেওঁ ইনষ্টাগ্ৰামত চৰ্চিত হোৱাটো স্বাভাৱিক। ফ’ল’ৱাৰৰ সংখ্যাৰ ফালৰ পৰা অষ্টম স্থানত আছে কিম কাৰ্দাছিয়ান। তেওঁৰ অনুগামীৰ সংখ্যা ৩৪ কোটি ৬০ লাখ।

কিমৰ পিছত আছে গায়িকা বিয়ন্স ন’লছ। ইনষ্টাগ্ৰামত তেওঁৰ ২৯.৭ মিলিয়ন ফ’ল’ৱাৰ আছে। শেহতীয়াকৈ ‘লেমনেড’ এলবামটো মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত বিয়’ন্সেৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পালে। ইনষ্টাগ্ৰামত জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁৰ এগৰাকী ভগ্নী ক্ল’ কাৰ্দাছিয়ানকো কিমৰ সৈতে ৰেংকিঙত ৰখা হৈছে। ক্ল’ৰ অনুগামীৰ সংখ্যা ২৯৫ মিলিয়ন। ইয়াৰ পূৰ্বে পপ গায়ক জাষ্টিন বিবাৰ অনুগামীৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষ দহৰ তালিকাত নৱম স্থানত আছিল। তেওঁৰ ঠাইত ক্ল’ই সেই ঠাই ল’লে। আন এগৰাকী ভগ্নী কেণ্ডেল জেনাৰো পিছ পৰি থকা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক