--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঞ্জয় দত্তই এখনৰ পাছত আন এখন দক্ষিণৰ ছৱি কৰিবলৈ লৈছে। কেৱল বলীউডতে নহয়, দক্ষিণতো তেওঁৰ  যাদু বিয়পি পৰিছে। যোৱা বছৰৰ ছুপাৰহিট ছবি ‘কে জি এফ ২’ত তেওঁক খলনায়ক হিচাপে অভিনয় কৰা দেখা গৈছিল।

থালাপথী বিজয়ৰ 'লিও’ ছবিতো চহী কৰে সঞ্জয়ে। এইবাৰ তেওঁৰ আন এখন নতুন দক্ষিণৰ ছবিৰ বিষয়ে জানিব পৰা গ’ল। এই ছবিখনত তেওঁ তেলেগু ছুপাৰষ্টাৰ প্ৰভাসৰ সৈতে অভিনয় কৰিব। অৱশ্যে তেওঁ খলনায়কৰ চৰিত্ৰত থাকিব নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

ছবিখনৰ নাম এতিয়াও নিৰ্ণয় হোৱা নাই। পৰিচালক মাৰুথী। যদিও নিৰ্মাতাসকলে আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও ২০২২ চনৰ অক্টোবৰৰ পৰা ছবিখনৰ কাম আৰম্ভ হৈছে। প্ৰভাস আৰু মালবিকা মোহনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

সঞ্জয়ে অভিনয় কৰা চৰিত্ৰটোও অতি গুৰুত্বপূৰ্ণ। গোপন সূত্ৰ অনুসৰি, তেওঁ প্ৰভাসৰ ককাকৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। মাৰ্চ মাহৰ শেষৰ ফালে সঞ্জয় আৰু প্ৰভাসৰ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

যদিও বৰ্তমান ছবিখনৰ বিষয়ে নিৰ্মাতাসকলে কোনো কথা প্ৰকাশ কৰা নাই, তথাপিও ছবিখনৰ চেটৰ কিছুমান ছবি ভাইৰেল হৈ পৰিছে। কোনোবাই শ্বুটিং স্থানৰ পৰা প্ৰভাস আৰু পৰিচালকৰ ফটো তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে, ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিল। লিক হোৱা ফুটেজত পৰিচালক আৰু সঞ্জয়ে ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন