--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বৈপ্লৱিক পৰিৱৰ্তনৰ দিশে দেশৰ শিক্ষা ব্যৱস্থা৷পিছ,ৰ’ব! যদি আপুনি ভাবিছে যে এই বৈপ্লৱিক পৰিৱৰ্তন পাঠ্যক্ৰম অথবা আনুষ্ঠানিক কাৰ্যকলাপত অনা হ’ব তেন্তে ভুল ভাবিছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোৰে ছেল্‌ফী পইণ্ট স্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ এসপ্তাহৰ পাছত সোমবাৰে (১১ ডিচেম্বৰ) বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয়সমূহক প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক আহ্বান জনায়।

দ্য টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘উন্নত ভাৰত২০৪৭:- যুৱ কণ্ঠ’ৰ পৰামৰ্শ কাৰ্যসূচীত ভাষণ দিব। বিশ্ববিদ্যালয়সমূহক তেওঁলোকৰ কেম্পাছৰ পৰাই এই কাৰ্যসূচী চোৱাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।

ইপিনে কেম্পাছত চৰকাৰী অপপ্ৰচাৰৰ প্ৰচাৰৰ বাবে উচ্চ শিক্ষা নিয়ন্ত্ৰক (ইউজিচি)ৰ এই পদক্ষেপক একাংশ শিক্ষাবিদ আৰু সাংসদে সমালোচনা কৰিছে।ইউ জি চিৰ সম্পাদক মনীষ যোশীয়ে দেশৰ সকলো বিশ্ববিদ্যালয়লৈ লিখা এখন পত্ৰত কোৱা হৈছে যে, ‘আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনাৰ সুনামধন্য প্ৰতিষ্ঠানত অনুষ্ঠানটোৰ লাইভ টেলিকাষ্ট দেখুৱাবলৈ প্ৰয়োজনীয়  ব্যৱস্থা কৰক।’

এই সন্দৰ্ভত ডি এম কেৰ সাংসদ পি উইলছনে কয় যে ইউ জি চিয়ে বিশ্ববিদ্যালয়সমূহক চেলফি পইণ্ট স্থাপন কৰিবলৈ দিয়া নিৰ্দেশনা আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ চাবলৈ ছাত্ৰ-ছাত্ৰীক কোৱাটো চৰকাৰী অপপ্ৰচাৰৰ অংশ হিচাপে আখ্যা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক