--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইটো পুনৰ্জন্মৰ দৰেই। মধ্যপ্ৰদেশৰ যুৱকে জন্মদিনত নিজকে সৰ্ববৃহৎ উপহাৰ দিলে। 'অলকা'ৰ পৰা হৈ পৰিল 'অস্তিত্ব'। বিয়াৰ প্ৰমাণ পত্ৰও লাভ কৰিলে। মধ্য প্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰিছিল অলকা ছোনীৰ। জন্মৰ কেইবছৰমান পিছত তেওঁ উপলব্ধি কৰে যে যদিও তেওঁ নাৰী হিচাপে জন্ম লৈছিল, তথাপিও তেওঁৰ মাজত তেওঁৰ পুৰুষত্ব লাহে লাহে বাঢ়িছে।

আস্থা নামৰ এগৰাকী মহিলাৰ সৈতেও তেওঁৰ সম্পৰ্ক হয়। বহু বছৰ সম্পৰ্কত থকাৰ পিছত দীৰ্ঘদিনীয়া প্ৰেমিকজনে বিয়াৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। ৪৭ সংখ্যক জন্মদিনত অস্ত্ৰোপচাৰৰ অন্তত আলকাৰৰ পুনৰ জন্ম হয়। নিজৰ নাম সলনি কৰি অস্তিত্ব হয়।

স্থানীয় সংবাদ সংস্থাৰ মতে, বৃহস্পতিবাৰে পৰিয়াল দুটাৰ উপস্থিতিত দুয়োটা পৰিয়ালে বিবাহৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। আস্থাই কয় যে তেওঁ বহু বছৰ ধৰি অস্তিত্বৰ সৈতে কথা পাতি আহিছে। আস্থা আছিল অস্তিত্বৰ ভনীয়েকৰ বান্ধৱী। সেই ভিত্তিতে তেওঁ অস্তিত্বৰ ঘৰলৈ গৈছিল। প্ৰথমতে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল যদিও সম্পৰ্কটো প্ৰেমলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল।

আস্থাই কয় যে বহু বছৰ সম্পৰ্কত থকাৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে দুয়োজনে ইজনে সিজনৰ লগত বহুবাৰ নিজৰ পৰিস্থিতি আৰু সম্পৰ্কৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিছিল। বিবাহৰ প্ৰমাণ পত্ৰ পোৱাৰ পিছত সোমবাৰে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ব অস্তিত্ব আৰু আস্থা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement