--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইকেইদিন এটা খবৰে বলীউড গৰম কৰি ৰাখিছে। খবৰটো হ'ল ছলমান খানৰ পিতৃ ছেলিম খান আৰু সোণাক্ষী সিনহাৰ পিতৃ শত্ৰুঘ্ন সিনহা অতি সোনকালে আত্মীয় হ'বলৈ গৈ আছে। বলীউডত কিছুদিন ধৰি ইখনৰ পিছত সিখন বিয়াৰ খবৰ আহি আছে। ছলমান খানৰ বিয়া এতিয়ালৈকে হোৱা নাই। সকলোৱে আটাইতকৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা বিয়াখনেই হৈছে ভাইজানৰ বিয়া। ছেলিম খানৰ তিনি পুত্ৰৰ ভিতৰত কেৱল ছলমান খানেই বিয়া নপতাকৈ আছে। মানুহৰ মাজত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে ছলমান খানে কেতিয়া বিয়া পাতিব?

ইয়াৰ মাজতে হঠাতে ছেলিম খান আৰু শত্ৰুঘ্ন সিনহা আত্মীয় হ'বলৈ গৈ আছে বুলি ওলোৱা খবৰে মানুহৰ মাজত প্ৰশ্ন উত্থাপন কৰাইছে যে ছলমান খানে কেতিয়া বিয়া পাতিব সোণাক্ষী সিনহাক? সোণাক্ষীৰ জীৱনৰ প্ৰথম চিনেমাখনৰ নায়ক আছিল ছলমান খান। ''থাপ্পৰ ছে ডৰ নেহী লাগটা চাহাব..প্যাৰ ছে লগতা হে'' বুলি কোৱা সোণাক্ষী সঁচাকৈয়ে প্ৰেমত পৰিল নেকি ডাবাং খানৰ?

শত্ৰুঘ্ন সিনহা আৰু ছেলিম খান বহুত ভাল বন্ধু আৰু অহা কেইদিনমানত দুয়োজনে তেওঁলোকৰ বন্ধুত্বৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে। ছ'চিয়েল মিডিয়াত ছলমানৰ পিতৃ ছেলিম খান আৰু সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহা আত্মীয় হ'ব বুলি পোহৰলৈ অহাৰ পিছৰে পৰা সকলোৱে জানিবলৈ উৎসাহিত হৈ পৰিছে যে ছলমান আৰু সোনাক্ষীয়ে কেতিয়া বিবাহপাশত আৱদ্ধ হ'ব? অৱশ্যে এনে খবৰ অধিক ৰূপত জানিব বিচৰাসকলে খুঁচৰি খুঁচৰি উদ্ধাৰ কৰে যে ছেলিম আৰু শত্ৰুঘ্ন আত্মীয় হ'ব সঁচা কিন্তু সেয়া ছলমান আৰু সোণাক্ষীৰ বিয়াৰ জৰিয়তে নহয়।

জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিনহা

ছেলিম খানৰ সৰু পুত্ৰ ছোহেইল খানৰ খুলশালী জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব সোণাক্ষী। বিগত কিছুদিন ধৰি জাহিৰ ইকবালক সোণাক্ষীয়ে ডেট কৰি আছে বুলি খবৰ পোহৰলৈ আহিছিল। অতি সোনকালেই ৩৩ বছৰীয়া জাহিৰ ইকবালক পতি বৰণ কৰিব ৩৪ বছৰীয়া সোণাক্ষীয়ে। গতিকে এটা কথা নিশ্চিত যে ছলমানৰ জৰিয়তে নহয় জাহিৰ ইকবালৰ জৰিয়তেহে একে পৰিয়ালৰ সদস্য হ'ব ছেলিম খান আৰু শত্ৰুঘ্ন সিনহা।

আৰু পঢ়কঃ কলি যুগৰ ৰাম প্ৰধানমন্ত্ৰী মোদী! ১০ লাখ চাকি জ্বলাই আদৰণি প্ৰধানমন্ত্ৰীক, ক’ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ