--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপন কৰিছে। বলীউড অভিনেত্ৰীগৰাকীয়ে জীৱনৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি কৰিছে সুন্দৰকৈ। অভ্যৰ্থনা, বন্ধ আৰু নতুন বাসগৃহত প্ৰৱেশকে আদি কৰি কেইবাটাও দিশত নতুনত্বৰ সন্ধান পাইছে কেটৰিনা ই। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ বিকি-কেটৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেইবাখনো চলচ্চিত্ৰৰ সময়সূচী পিছুৱাই দিছে দুই তাৰকাই। বিয়াৰ সামৰণি পৰিল, নিজম পৰিল ৰভাতলী এতিয়া পুনৰ কামলৈ উভতি যোৱাৰ সময় দুই বলীউড তাৰকাৰ।

ন কইনাক ঘৰতে এৰি এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত ইতিমধ্যে যোগদান কৰিছে বিকীয়ে। দীৰ্ঘ বিৰতিৰ অন্তত শ্বুটিং স্থলীলৈ গৈ বিকীৰ লাগিল কেনা। আৰক্ষী চকীত বিকীৰ নামত পঞ্জীয়ন হৈছে এটা অভিযোগ। ইন্দোৰৰ বাসিন্দা জয় সিং যাদৱ নামৰ এগৰাকী ব্যক্তিয়ে বিকীৰ বিৰুদ্ধে কৰিছে এই অভিযোগ। বলীউড লাইফৰ খবৰ অনুসৰি, অভিনেতাজনে অনুমতি অবিহনে এখন চলচ্চিত্ৰত যাদৱৰ মটৰ চাইকেলৰ নম্বৰপ্লেট ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল আৰক্ষী চকীত। যাদৱৰ অভিযোগ অনুসৰি সেই নম্বৰৰ মটৰচাইকেলখন তেওঁৰ আছিল। চলচ্চিত্ৰখনৰ নায়ক বিকী কৌশলক মটৰচাইকেলখন চলাই থকা দেখা গৈছে। অভিনেত্ৰী চাৰা আলীয়ো বিকীৰ পাছফালে আছিল। মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই স্বামীৰ বিৰুদ্ধে অহা এনে প্ৰতিকূল বাৰ্তাই উদ্বিগ্ন কৰি তুলিছে কেটৰিনাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু