--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপন কৰিছে। বলীউড অভিনেত্ৰীগৰাকীয়ে জীৱনৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি কৰিছে সুন্দৰকৈ। অভ্যৰ্থনা, বন্ধ আৰু নতুন বাসগৃহত প্ৰৱেশকে আদি কৰি কেইবাটাও দিশত নতুনত্বৰ সন্ধান পাইছে কেটৰিনা ই। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ বিকি-কেটৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেইবাখনো চলচ্চিত্ৰৰ সময়সূচী পিছুৱাই দিছে দুই তাৰকাই। বিয়াৰ সামৰণি পৰিল, নিজম পৰিল ৰভাতলী এতিয়া পুনৰ কামলৈ উভতি যোৱাৰ সময় দুই বলীউড তাৰকাৰ।

ন কইনাক ঘৰতে এৰি এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত ইতিমধ্যে যোগদান কৰিছে বিকীয়ে। দীৰ্ঘ বিৰতিৰ অন্তত শ্বুটিং স্থলীলৈ গৈ বিকীৰ লাগিল কেনা। আৰক্ষী চকীত বিকীৰ নামত পঞ্জীয়ন হৈছে এটা অভিযোগ। ইন্দোৰৰ বাসিন্দা জয় সিং যাদৱ নামৰ এগৰাকী ব্যক্তিয়ে বিকীৰ বিৰুদ্ধে কৰিছে এই অভিযোগ। বলীউড লাইফৰ খবৰ অনুসৰি, অভিনেতাজনে অনুমতি অবিহনে এখন চলচ্চিত্ৰত যাদৱৰ মটৰ চাইকেলৰ নম্বৰপ্লেট ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল আৰক্ষী চকীত। যাদৱৰ অভিযোগ অনুসৰি সেই নম্বৰৰ মটৰচাইকেলখন তেওঁৰ আছিল। চলচ্চিত্ৰখনৰ নায়ক বিকী কৌশলক মটৰচাইকেলখন চলাই থকা দেখা গৈছে। অভিনেত্ৰী চাৰা আলীয়ো বিকীৰ পাছফালে আছিল। মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই স্বামীৰ বিৰুদ্ধে অহা এনে প্ৰতিকূল বাৰ্তাই উদ্বিগ্ন কৰি তুলিছে কেটৰিনাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ