--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জেন্সীৰ এই যাত্ৰা চিনেমাৰ কাহিনীতকৈও কম নহয়। তামিলনাডুৰ তিৰুটানি গাঁৱত জন্মগ্ৰহণ কৰা জেঞ্চীয়ে তৃতীয় লিংগৰ হোৱাৰ বাবে আৰম্ভণিতে সমাজ আৰু পৰিয়ালৰ সমৰ্থন পোৱা নাছিল।

ডিজিটেল ডেস্কঃ 'শিক্ষা হৈছে প্ৰতিটো সমস্যাক ছিন্নভিন্ন কৰা সবল অস্ত্ৰ!' দেশৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন PhD ধাৰী হৈ ইতিহাসৰ সৃষ্টি কৰা ড° এন জেন্সীয়ে ক'লে এই হৃদয়স্পৰ্শী কথা। চেন্নাইৰ বিখ্যাত লয়লা কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হৈ জেন্সীয়ে সকলোকে আচৰিত কৰি তুলিলে। সকলো অসুবিধাক প্ৰত্যাহ্বান জনাই তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰিলে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰশংসা কৰিছে ড° এন জেন্সীক।


জেন্সীৰ এই যাত্ৰা চিনেমাৰ কাহিনীতকৈও কম নহয়। তামিলনাডুৰ তিৰুটানি গাঁৱত জন্মগ্ৰহণ কৰা জেন্সীয়ে তৃতীয় লিংগৰ হোৱাৰ বাবে আৰম্ভণিতে সমাজ আৰু পৰিয়ালৰ সমৰ্থন পোৱা নাছিল। কিন্তু তেওঁ সাহস হেৰুৱা নাছিল। পঢ়া-শুনা ভালদৰে কৰি ইউ জি আৰু এম এত স্বৰ্ণ পদক লাভ কৰাৰ পিছত পি এইচ ডি সম্পূৰ্ণ কৰে। আজি তেওঁ লয়লা কলেজত অধ্যাপিকা হিচাপে কৰ্মৰত হৈ আছে। তেওঁৰ সফলতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ষ্টেলিনে এক্সত লিখিছে, ‘ড° জেন্সীলৈ বহুত অভিনন্দন! আপোনাৰ দৰে আন শ শ লোকে শিক্ষাৰ জৰিয়তে সফলতা লাভ কৰক। শিক্ষাৰ শক্তিয়ে প্ৰতিটো বাধাক পৰাস্ত কৰক!'


জেন্সীয়ে মুখ্যমন্ত্ৰী ষ্টেলিনক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ চৰকাৰৰ সামাজিক ন্যায়ৰ ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ''এইটো কেৱল মোৰ জয় নহয়, আমাৰ ট্ৰেন্স কমিউনিটিৰ জয়। বহুত সহ্য কৰিলোঁ কিন্তু শিক্ষাই মোক ইয়ালৈ লৈ আহিল। সমাজলৈ অনুৰোধ ট্ৰেন্স মানুহক ঘৰৰ পৰা খেদি নপঠিয়াব। মোক চাওক, মোৰ পৰিয়ালে প্ৰথমে মোক বুজিব পৰা নাছিল যদিও মই কষ্ট কৰি পঢ়া-শুনা কৰি সোণৰ পদক লাভ কৰিছিলো আৰু আজি মই এগৰাকী অধ্যাপিকা।''


ড° এন জেঞ্চীৰ এই সাফল্যই বহুতৰে জীৱনত প্ৰেৰণা সিঁচিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক