--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জেন্সীৰ এই যাত্ৰা চিনেমাৰ কাহিনীতকৈও কম নহয়। তামিলনাডুৰ তিৰুটানি গাঁৱত জন্মগ্ৰহণ কৰা জেঞ্চীয়ে তৃতীয় লিংগৰ হোৱাৰ বাবে আৰম্ভণিতে সমাজ আৰু পৰিয়ালৰ সমৰ্থন পোৱা নাছিল।

ডিজিটেল ডেস্কঃ 'শিক্ষা হৈছে প্ৰতিটো সমস্যাক ছিন্নভিন্ন কৰা সবল অস্ত্ৰ!' দেশৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন PhD ধাৰী হৈ ইতিহাসৰ সৃষ্টি কৰা ড° এন জেন্সীয়ে ক'লে এই হৃদয়স্পৰ্শী কথা। চেন্নাইৰ বিখ্যাত লয়লা কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হৈ জেন্সীয়ে সকলোকে আচৰিত কৰি তুলিলে। সকলো অসুবিধাক প্ৰত্যাহ্বান জনাই তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰিলে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰশংসা কৰিছে ড° এন জেন্সীক।


জেন্সীৰ এই যাত্ৰা চিনেমাৰ কাহিনীতকৈও কম নহয়। তামিলনাডুৰ তিৰুটানি গাঁৱত জন্মগ্ৰহণ কৰা জেন্সীয়ে তৃতীয় লিংগৰ হোৱাৰ বাবে আৰম্ভণিতে সমাজ আৰু পৰিয়ালৰ সমৰ্থন পোৱা নাছিল। কিন্তু তেওঁ সাহস হেৰুৱা নাছিল। পঢ়া-শুনা ভালদৰে কৰি ইউ জি আৰু এম এত স্বৰ্ণ পদক লাভ কৰাৰ পিছত পি এইচ ডি সম্পূৰ্ণ কৰে। আজি তেওঁ লয়লা কলেজত অধ্যাপিকা হিচাপে কৰ্মৰত হৈ আছে। তেওঁৰ সফলতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ষ্টেলিনে এক্সত লিখিছে, ‘ড° জেন্সীলৈ বহুত অভিনন্দন! আপোনাৰ দৰে আন শ শ লোকে শিক্ষাৰ জৰিয়তে সফলতা লাভ কৰক। শিক্ষাৰ শক্তিয়ে প্ৰতিটো বাধাক পৰাস্ত কৰক!'


জেন্সীয়ে মুখ্যমন্ত্ৰী ষ্টেলিনক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ চৰকাৰৰ সামাজিক ন্যায়ৰ ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ''এইটো কেৱল মোৰ জয় নহয়, আমাৰ ট্ৰেন্স কমিউনিটিৰ জয়। বহুত সহ্য কৰিলোঁ কিন্তু শিক্ষাই মোক ইয়ালৈ লৈ আহিল। সমাজলৈ অনুৰোধ ট্ৰেন্স মানুহক ঘৰৰ পৰা খেদি নপঠিয়াব। মোক চাওক, মোৰ পৰিয়ালে প্ৰথমে মোক বুজিব পৰা নাছিল যদিও মই কষ্ট কৰি পঢ়া-শুনা কৰি সোণৰ পদক লাভ কৰিছিলো আৰু আজি মই এগৰাকী অধ্যাপিকা।''


ড° এন জেঞ্চীৰ এই সাফল্যই বহুতৰে জীৱনত প্ৰেৰণা সিঁচিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক