--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে বিষাক্ত গেছ সম্ভৱতঃ কাৰ্বন মনোক্সাইডৰ বাবে শ্বাসৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হৈছিল।

ডিজিটেল ডেস্ক : কুঁৱাত পৰা এটা গৰু পোৱালিক বচাবলৈ গৈ ৫ জন লোকে সাৱটিলে কৰুণ মৃত্যুক। মধ্যপ্ৰদেশৰ গুনা জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে বিষাক্ত গেছ সম্ভৱতঃ কাৰ্বন মনোক্সাইডৰ বাবে শ্বাসৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হৈছিল।


জিলা উপায়ুক্ত কিশোৰ কন্যালে এই ঘটনা মঙলবাৰে পুৱা প্ৰায় ১১ বজাত সংঘটিত হোৱা বুলি অৱগত কৰে। প্ৰাথমিক তথ্য অনুসৰি কুঁৱাত পৰা গৰু পোৱালিটোক উদ্ধাৰ কৰিবলৈ ৬ জন লোক এটা কুঁৱাটোত নামিছিল। ইয়াৰে তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত গুনা জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তো তেওঁলোকৰ মৃত্যু হয়। মাত্ৰ এজন ব্যক্তিয়েহে নিৰাপদে ওলাই আহিব পাৰিলে।


তেওঁ কয় যে কুঁৱাটো প্ৰায় ১২ ফুট পানীৰে ভৰি পৰিছিল, যাৰ বাবে উদ্ধাৰ কামত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছিল। চিআইএছএফৰ গেইল ইউনিট, এছডিইআৰএফ আৰু অন্যান্য সংস্থাৰ দলসমূহে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও তেতিয়ালৈকে পাঁচজন লোকে প্ৰাণ হেৰুৱাইছিল।


ঘটনাৰ তদন্ত কৰি মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে। জল্পনা-কল্পনা কৰা হৈছে যে কুঁৱাটোত জমা হোৱা গেছৰ ফলত শ্বাসৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক