--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • আৰক্ষী আৰু প্ৰতিবাদী ৰাইজৰ মাজত হতাহতি। কভিডৰ সময়ত মহিশাষণ-শিলচৰ পথত চলা দৈনিক ৰে'লখন বন্ধ কৰি দিয়ে ৰে'ল কর্তৃপক্ষই।

ডিজিটেল ডেস্ক : এখন যাত্রীবাহী ৰে'লৰ দাবীত ৰাইজৰ 'ৰে'ল ৰোক' আন্দোলন। অসমৰ প্ৰথমটো ৰে'ল ষ্টেছন মহিশাষণত ৰাইজৰ প্ৰতিবাদ। ৰে'ল চলাচল নিয়মিত কৰাৰ দাবীত এই প্রতিবাদ। হাতে হাতে বেনাৰ, প'ষ্টাৰ লৈ শ শ লোকৰ প্ৰতিবাদ।


আৰক্ষী আৰু প্ৰতিবাদী ৰাইজৰ মাজত হতাহতি। কভিডৰ সময়ত মহিশাষণ-শিলচৰ পথত চলা দৈনিক ৰে'লখন বন্ধ কৰি দিয়ে ৰে'ল কর্তৃপক্ষই। তেতিয়াৰে পৰা মহিশাষণ-শিলচৰৰ মাজত ৰে'লখন প্ৰতিদিনে নচলাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰ বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ কৃষক-শ্রমিক লোকে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। অঞ্চলবাসীয়ে ৰে'ল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিফল হয়। এখন যাত্রীবাহী ৰে'লৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱৰ সাধাৰণ দুখীয়া ৰাইজে।


স্থানীয় সাংসদ কৃপানাথ মাল্লাৰ সৈতেও যোগাযোগ কৰি কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰিলে ৰাইজে। নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ সাংসদ কৃপানাথে ৰাইজক আশ্বাস দিছিল যে ফলাফল ঘোষণা কৰাৰ লগে লগে মহিশাষণলৈ ৰে'ল চলাচল কৰাই দিব। কিন্তু আজি পর্যন্ত ৰে'ল দূৰৈৰে কথা, খোদ সাংসদগৰাকীকো দেখা নাপালে। অৱশেষত অঞ্চলটোৰ ৰাইজে সোমবাৰে 'ৰে'ল ৰোক' আন্দোলন কৰে। পুৱা সাত বজাৰ পৰা অঞ্চলটোৰ ৰাইজ মহিশাষণ ৰে'ল ষ্টেছনত আহি গোট খায়। সপ্তাহত এবাৰকৈ প্ৰতি সোমবাৰে পুৱা আঠ বজাত আহে এখন ৰে'ল। ৰাইজে এই ৰে'লখনকে ৰখোৱাৰ সিদ্ধান্ত লয়। সেইমতে কালি 'ৰে'ল ৰোক' আন্দোলন কৰে। ইপিনে ৰে'ল ৰোক আন্দোলনৰ খবৰ পাই কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুই-আঢ়ৈশ আৰক্ষী-কর্মী উপস্থিত হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে। অসম আৰক্ষী, চি আৰ পি এফ, আৰ পি এফ, জি আৰ পি এফ উপস্থিত হৈ প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ চেষ্টা চলায় যদিও প্রতিবাদকাৰীয়ে আৰক্ষীৰ বাধা নেওচি ৰে'লপথত বহি পৰে।


পুৱা ৯ বজাৰ পৰা ১০-৩০ বজালৈকে ৰে'ল ষ্টেছনত ৰে'লখন আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীয়ে। ইপিনে আৰক্ষী অধীক্ষক পার্থ প্রতিম দাসে ৰে'ল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত বদৰপুৰৰ পৰা এৰিয়া মেনেজাৰ উপস্থিত হৈ ৰাইজৰ সৈতে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে অহা এসপ্তাহৰ ভিতৰত বিষয়টো ৰে'ল বিভাগৰ উচ্চ পৰ্যায়ৰ কাৰ্যালয়লৈ পঠিয়াব। তাৰ পৰা ৰে'লৱে ব'ৰ্ডলৈ পঠিয়াই দিব। এৰিয়া মেনেজাৰৰ এই আশ্বাস পাই প্রতিবাদকাৰীয়ে আন্দোলন প্রত্যাহাৰ কৰে। পিছে আন্দোলনকাৰীয়ে ৰে'ল বিভাগৰ বিষয়াগৰাকীক জনাই দিয়ে যে যদি তেওঁলোকৰ দাবী পূৰণ নহয়, তেন্তে তেওঁলোকে পুনৰ আন্দোলনত নামিব।


উল্লেখযোগ্য যে অবিভক্ত ভাৰতৰ ইংৰাজ শাসনকালত উজনি অসমৰ পৰা চাহপাত কঢ়িয়াই নিয়াৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বর্তমান বাংলাদেশৰ চট্টগ্রাম বন্দৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ বাবে ১৮৯৬ চনত আখাউৰা -কুলাউৰা- চাবাজপুৰ- মহিশাষণ-কৰিমগঞ্জ হৈ বদৰপুৰলৈকে ৰে'লপথ নিৰ্মাণৰ কাম আৰম্ভ কৰি ১৮৯৮ চনত সম্পূৰ্ণ কৰে। পৰৱৰ্তী ১৯০৩ চনত বদৰপুৰৰ পৰা লামডিঙলৈ সম্প্ৰসাৰণ কৰে। অবিভক্ত ভাৰতৰ, বর্তমান অসমৰ প্ৰথমটো ৰে'ল ষ্টেছন মহিশাষণ। বর্তমান কর্তৃপক্ষৰ হেমাহি আৰু জনপ্রতিনিধিসকলৰ অমনোযোগিতাৰ বাবে এলাগী হৈ পৰিছে। এসময়ত প্রাণৱন্ত হৈ থকা ৰে'ল ষ্টেছনটোত আজি এখন দৈনিক ৰে'ল ৰখোৱাৰ বাবে ৰাইজে হাবাথুৰি খাবলগীয়া হৈছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচীলৈ অহা বহিঃৰাজ্যৰ ভক্তক আদৰণি ; কামাখ্যা ষ্টেছনত ভক্তৰ সৈতে পৰ্যটন মন্ত্ৰীৰ মত-বিনিময়
সাধাৰণ জনতাৰ মূৰত মাধমাৰ ; ঔষধ-শিশু খাদ্যৰ ব্যাপক দাম বৃদ্ধি
কাছাৰত অঘটন গুটখা খাই প্রাণ গ'ল আৰক্ষী বিষয়াৰ
ভাৰত-বাংলাদেশ সীমান্তৰ মহিশাষণ ৰে'ল ষ্টেছনত উত্তাল প্রতিবাদ
কাটাৰ, ইৰাক, ছিৰিয়াৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্রমণ
আমলখি আৰু নৰসিংহ পাত চুলিৰ বাবে বৰ উপকাৰী
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ