--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষী আৰু প্ৰতিবাদী ৰাইজৰ মাজত হতাহতি। কভিডৰ সময়ত মহিশাষণ-শিলচৰ পথত চলা দৈনিক ৰে'লখন বন্ধ কৰি দিয়ে ৰে'ল কর্তৃপক্ষই।

ডিজিটেল ডেস্ক : এখন যাত্রীবাহী ৰে'লৰ দাবীত ৰাইজৰ 'ৰে'ল ৰোক' আন্দোলন। অসমৰ প্ৰথমটো ৰে'ল ষ্টেছন মহিশাষণত ৰাইজৰ প্ৰতিবাদ। ৰে'ল চলাচল নিয়মিত কৰাৰ দাবীত এই প্রতিবাদ। হাতে হাতে বেনাৰ, প'ষ্টাৰ লৈ শ শ লোকৰ প্ৰতিবাদ।


আৰক্ষী আৰু প্ৰতিবাদী ৰাইজৰ মাজত হতাহতি। কভিডৰ সময়ত মহিশাষণ-শিলচৰ পথত চলা দৈনিক ৰে'লখন বন্ধ কৰি দিয়ে ৰে'ল কর্তৃপক্ষই। তেতিয়াৰে পৰা মহিশাষণ-শিলচৰৰ মাজত ৰে'লখন প্ৰতিদিনে নচলাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰ বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ কৃষক-শ্রমিক লোকে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। অঞ্চলবাসীয়ে ৰে'ল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিফল হয়। এখন যাত্রীবাহী ৰে'লৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱৰ সাধাৰণ দুখীয়া ৰাইজে।


স্থানীয় সাংসদ কৃপানাথ মাল্লাৰ সৈতেও যোগাযোগ কৰি কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰিলে ৰাইজে। নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ সাংসদ কৃপানাথে ৰাইজক আশ্বাস দিছিল যে ফলাফল ঘোষণা কৰাৰ লগে লগে মহিশাষণলৈ ৰে'ল চলাচল কৰাই দিব। কিন্তু আজি পর্যন্ত ৰে'ল দূৰৈৰে কথা, খোদ সাংসদগৰাকীকো দেখা নাপালে। অৱশেষত অঞ্চলটোৰ ৰাইজে সোমবাৰে 'ৰে'ল ৰোক' আন্দোলন কৰে। পুৱা সাত বজাৰ পৰা অঞ্চলটোৰ ৰাইজ মহিশাষণ ৰে'ল ষ্টেছনত আহি গোট খায়। সপ্তাহত এবাৰকৈ প্ৰতি সোমবাৰে পুৱা আঠ বজাত আহে এখন ৰে'ল। ৰাইজে এই ৰে'লখনকে ৰখোৱাৰ সিদ্ধান্ত লয়। সেইমতে কালি 'ৰে'ল ৰোক' আন্দোলন কৰে। ইপিনে ৰে'ল ৰোক আন্দোলনৰ খবৰ পাই কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুই-আঢ়ৈশ আৰক্ষী-কর্মী উপস্থিত হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে। অসম আৰক্ষী, চি আৰ পি এফ, আৰ পি এফ, জি আৰ পি এফ উপস্থিত হৈ প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ চেষ্টা চলায় যদিও প্রতিবাদকাৰীয়ে আৰক্ষীৰ বাধা নেওচি ৰে'লপথত বহি পৰে।


পুৱা ৯ বজাৰ পৰা ১০-৩০ বজালৈকে ৰে'ল ষ্টেছনত ৰে'লখন আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীয়ে। ইপিনে আৰক্ষী অধীক্ষক পার্থ প্রতিম দাসে ৰে'ল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত বদৰপুৰৰ পৰা এৰিয়া মেনেজাৰ উপস্থিত হৈ ৰাইজৰ সৈতে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে অহা এসপ্তাহৰ ভিতৰত বিষয়টো ৰে'ল বিভাগৰ উচ্চ পৰ্যায়ৰ কাৰ্যালয়লৈ পঠিয়াব। তাৰ পৰা ৰে'লৱে ব'ৰ্ডলৈ পঠিয়াই দিব। এৰিয়া মেনেজাৰৰ এই আশ্বাস পাই প্রতিবাদকাৰীয়ে আন্দোলন প্রত্যাহাৰ কৰে। পিছে আন্দোলনকাৰীয়ে ৰে'ল বিভাগৰ বিষয়াগৰাকীক জনাই দিয়ে যে যদি তেওঁলোকৰ দাবী পূৰণ নহয়, তেন্তে তেওঁলোকে পুনৰ আন্দোলনত নামিব।


উল্লেখযোগ্য যে অবিভক্ত ভাৰতৰ ইংৰাজ শাসনকালত উজনি অসমৰ পৰা চাহপাত কঢ়িয়াই নিয়াৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বর্তমান বাংলাদেশৰ চট্টগ্রাম বন্দৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ বাবে ১৮৯৬ চনত আখাউৰা -কুলাউৰা- চাবাজপুৰ- মহিশাষণ-কৰিমগঞ্জ হৈ বদৰপুৰলৈকে ৰে'লপথ নিৰ্মাণৰ কাম আৰম্ভ কৰি ১৮৯৮ চনত সম্পূৰ্ণ কৰে। পৰৱৰ্তী ১৯০৩ চনত বদৰপুৰৰ পৰা লামডিঙলৈ সম্প্ৰসাৰণ কৰে। অবিভক্ত ভাৰতৰ, বর্তমান অসমৰ প্ৰথমটো ৰে'ল ষ্টেছন মহিশাষণ। বর্তমান কর্তৃপক্ষৰ হেমাহি আৰু জনপ্রতিনিধিসকলৰ অমনোযোগিতাৰ বাবে এলাগী হৈ পৰিছে। এসময়ত প্রাণৱন্ত হৈ থকা ৰে'ল ষ্টেছনটোত আজি এখন দৈনিক ৰে'ল ৰখোৱাৰ বাবে ৰাইজে হাবাথুৰি খাবলগীয়া হৈছে।




উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি