--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু দিন ধৰি অৱহেলিত হৈ আছিল তেওঁ। ঘৰুৱা ক্ৰিকেটত ভাল ফৰ্মত থকা স্বত্বেও তেওঁ ৰাষ্ট্ৰীয় টেষ্ট দলত খেলিবলৈ সুযোগ পোৱা নাছিল। তেওঁ ছৰফৰাজ খান। অৱশেষত  ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ খলাৰ সুযোগ পাইছিল ছৰফৰাজে। সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছিল খেলুৱৈগৰাকীয়ে।   যুৱ বেটছমেনজনৰ চমকপ্ৰদ ইনিংছ চাই  বাৰুকৈয়ে আপ্লুত হৈ পৰে আনন্দ মহিন্দ্ৰা। মহিন্দ্ৰা গ্ৰুপৰ মুৰব্বীগৰাকীয়ে সেয়ে ছৰফৰাজৰ অনবদ্য প্ৰদৰ্শনৰ আঁৰত  থকা মানুহজনক অভিবাদন জনাইছে। তেওঁ আন কোনো নহয়, তেওঁ  ছৰফৰাজৰ পিতৃ নৌছাদ খান। পুত্ৰৰ কৃতিত্বৰ বাবে সেয়ে আনন্দ মহিন্দ্ৰাই  নৌছাদক  এখন নতুন গাড়ী উপহাৰ দিছে।


ছৰফৰাজ খানে ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ অভিষেক টেষ্টত ৬৬ টা বলত ৬২ ৰাণ কৰে। তেওঁৰ ইনিংছত ৯ টা চাৰি আৰু ১ টা ছয় আছিল। গেলেৰীত বহি যুৱ তাৰকাগৰাকীৰ মাতৃ আৰু পিতৃয়ে  পুত্ৰৰ অনবদ্য ইনিংছ চাইছিল।  অৱশ্যে, ছৰফৰাজ অভিষেকতে দুৰ্ভাগ্যৰো ভুক্তভোগী হৈছিল। শতকৰ পথত থকা ৰবীন্দ্ৰ জাদেজাৰ সামান্য ভুলৰ বাবেই ছৰফৰাজ ৰাণ আউট হয়। কিন্তু তেওঁৰ আত্মবিশ্বাসী ইনিংছে ক্ৰিকেট অনুৰাগীসকলক প্ৰভাৱান্বিত নকৰাকৈ নাথাকিল। 

 ছৰফৰাজৰ খেলত মুগ্ধ হোৱাসকলৰ তালিকাত আনন্দ মহিন্দ্ৰাও  আছে। ক্ৰিকেটৰ পৰা এথলেটিকছলৈকে তেওঁ সকলো ধৰণৰ ক্ৰীড়া উপভোগ কৰি আহিছে। মহিন্দ্ৰাই উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিবলৈ নিজৰ কোম্পানীৰ পৰা গাড়ীও উপহাৰ দি আহিছে। কিন্তু এইবাৰ ক্ৰিকেটাৰ নহয়, উদ্যোগপতিজনে ছৰফৰাজৰ পিতৃৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমক সন্মান জনাই তেওঁক গাড়ী দিছে।

শুকুৰবাৰে এক্স হেণ্ডেলত ছৰফৰাজৰ ইনিংছৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি মহিন্দ্ৰাই লিখিছে, "কঠোৰ পৰিশ্ৰম, সাহস আৰু ধৈৰ্য্য। পুত্ৰক অনুপ্ৰাণিত কৰিবলৈ পিতৃৰ ইয়াতকৈ  ভাল গুণ কি হ'ব পাৰে! মই অনুপ্ৰেৰণাৰ বাবে নৌছাদ খানক 'থৰ' গাড়ী উপহাৰ দিব বিচাৰো। যদি তেওঁ এয়া  গ্ৰহণ কৰে তেন্তে ভাল লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু