--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু দিন ধৰি অৱহেলিত হৈ আছিল তেওঁ। ঘৰুৱা ক্ৰিকেটত ভাল ফৰ্মত থকা স্বত্বেও তেওঁ ৰাষ্ট্ৰীয় টেষ্ট দলত খেলিবলৈ সুযোগ পোৱা নাছিল। তেওঁ ছৰফৰাজ খান। অৱশেষত  ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ খলাৰ সুযোগ পাইছিল ছৰফৰাজে। সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছিল খেলুৱৈগৰাকীয়ে।   যুৱ বেটছমেনজনৰ চমকপ্ৰদ ইনিংছ চাই  বাৰুকৈয়ে আপ্লুত হৈ পৰে আনন্দ মহিন্দ্ৰা। মহিন্দ্ৰা গ্ৰুপৰ মুৰব্বীগৰাকীয়ে সেয়ে ছৰফৰাজৰ অনবদ্য প্ৰদৰ্শনৰ আঁৰত  থকা মানুহজনক অভিবাদন জনাইছে। তেওঁ আন কোনো নহয়, তেওঁ  ছৰফৰাজৰ পিতৃ নৌছাদ খান। পুত্ৰৰ কৃতিত্বৰ বাবে সেয়ে আনন্দ মহিন্দ্ৰাই  নৌছাদক  এখন নতুন গাড়ী উপহাৰ দিছে।


ছৰফৰাজ খানে ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ অভিষেক টেষ্টত ৬৬ টা বলত ৬২ ৰাণ কৰে। তেওঁৰ ইনিংছত ৯ টা চাৰি আৰু ১ টা ছয় আছিল। গেলেৰীত বহি যুৱ তাৰকাগৰাকীৰ মাতৃ আৰু পিতৃয়ে  পুত্ৰৰ অনবদ্য ইনিংছ চাইছিল।  অৱশ্যে, ছৰফৰাজ অভিষেকতে দুৰ্ভাগ্যৰো ভুক্তভোগী হৈছিল। শতকৰ পথত থকা ৰবীন্দ্ৰ জাদেজাৰ সামান্য ভুলৰ বাবেই ছৰফৰাজ ৰাণ আউট হয়। কিন্তু তেওঁৰ আত্মবিশ্বাসী ইনিংছে ক্ৰিকেট অনুৰাগীসকলক প্ৰভাৱান্বিত নকৰাকৈ নাথাকিল। 

 ছৰফৰাজৰ খেলত মুগ্ধ হোৱাসকলৰ তালিকাত আনন্দ মহিন্দ্ৰাও  আছে। ক্ৰিকেটৰ পৰা এথলেটিকছলৈকে তেওঁ সকলো ধৰণৰ ক্ৰীড়া উপভোগ কৰি আহিছে। মহিন্দ্ৰাই উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিবলৈ নিজৰ কোম্পানীৰ পৰা গাড়ীও উপহাৰ দি আহিছে। কিন্তু এইবাৰ ক্ৰিকেটাৰ নহয়, উদ্যোগপতিজনে ছৰফৰাজৰ পিতৃৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমক সন্মান জনাই তেওঁক গাড়ী দিছে।

শুকুৰবাৰে এক্স হেণ্ডেলত ছৰফৰাজৰ ইনিংছৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি মহিন্দ্ৰাই লিখিছে, "কঠোৰ পৰিশ্ৰম, সাহস আৰু ধৈৰ্য্য। পুত্ৰক অনুপ্ৰাণিত কৰিবলৈ পিতৃৰ ইয়াতকৈ  ভাল গুণ কি হ'ব পাৰে! মই অনুপ্ৰেৰণাৰ বাবে নৌছাদ খানক 'থৰ' গাড়ী উপহাৰ দিব বিচাৰো। যদি তেওঁ এয়া  গ্ৰহণ কৰে তেন্তে ভাল লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ