--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই ৰেষ্টুৰেণ্টত ডোচা খাবলৈ বহিল। ডোচাত তেওঁ কেইবাটাও ক’লা দাগ আৱিষ্কাৰ কৰে। তেওঁ এই ক’লা দাগবোৰ দেখি আচৰিত হৈ পৰে। পাছত সেই ক’লা দাগবোৰ পইতাচোৰা বুলি ধৰা পৰে।

যোৱা ৭ মাৰ্চত নতুন দিল্লীৰ কন’ট প্লেচত থকা মাদ্ৰাজ কফি হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে।

ঈশানী নামৰ মহিলাগৰাকীয়ে ক’লা ক’লা দাগ থকা ডোচাৰ ভিডিঅ’ ৰেকৰ্ড কৰে। অৱশ্যে ষ্টাফৰ এজনে আহি ৰেকৰ্ডিং শেষ কৰাৰ আগতেই প্লেটখন লৈ যায়। ইয়াৰ পিছতে ঈশানীয়ে আৰক্ষীক ফোন কৰি ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিব বুলি আশ্বাস দিলে।

তদন্তত সেই ডোচাত এটা নহয়, দুটা নহয় আঠটাকৈ পঁইতাচোৰা পোৱা যায়।

মহিলাগৰাকীয়ে কয় যে “এতিয়া যিকোনো ৰেষ্টুৰেণ্টত খাদ্য অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত মই সদায় আশংকা কৰি থাকিম। মই সদায় ভাবিম যে তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্তৰ বজাই ৰাখিছে নে নাই? কৰ্তৃপক্ষই নিয়মিতভাৱে ৰেষ্টুৰেণ্টসমূহলৈ গৈ তেওঁলোকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্তৰ আৰু অনুজ্ঞাপত্ৰ পৰীক্ষা কৰেনে? যদি কৰে তেনেহ’লে এনে ঘটনা সংঘটিত নহ’লহেঁতেন।”

এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে মাদ্ৰাজ কফি হাউছ পৰিচালনা কৰা অনুভৱ নন্দই কয় যে, ‘আমাৰ ৰেষ্টুৰেণ্টত এই ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। এই অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো।”
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ