--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই ৰেষ্টুৰেণ্টত ডোচা খাবলৈ বহিল। ডোচাত তেওঁ কেইবাটাও ক’লা দাগ আৱিষ্কাৰ কৰে। তেওঁ এই ক’লা দাগবোৰ দেখি আচৰিত হৈ পৰে। পাছত সেই ক’লা দাগবোৰ পইতাচোৰা বুলি ধৰা পৰে।

যোৱা ৭ মাৰ্চত নতুন দিল্লীৰ কন’ট প্লেচত থকা মাদ্ৰাজ কফি হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে।

ঈশানী নামৰ মহিলাগৰাকীয়ে ক’লা ক’লা দাগ থকা ডোচাৰ ভিডিঅ’ ৰেকৰ্ড কৰে। অৱশ্যে ষ্টাফৰ এজনে আহি ৰেকৰ্ডিং শেষ কৰাৰ আগতেই প্লেটখন লৈ যায়। ইয়াৰ পিছতে ঈশানীয়ে আৰক্ষীক ফোন কৰি ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিব বুলি আশ্বাস দিলে।

তদন্তত সেই ডোচাত এটা নহয়, দুটা নহয় আঠটাকৈ পঁইতাচোৰা পোৱা যায়।

মহিলাগৰাকীয়ে কয় যে “এতিয়া যিকোনো ৰেষ্টুৰেণ্টত খাদ্য অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত মই সদায় আশংকা কৰি থাকিম। মই সদায় ভাবিম যে তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্তৰ বজাই ৰাখিছে নে নাই? কৰ্তৃপক্ষই নিয়মিতভাৱে ৰেষ্টুৰেণ্টসমূহলৈ গৈ তেওঁলোকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্তৰ আৰু অনুজ্ঞাপত্ৰ পৰীক্ষা কৰেনে? যদি কৰে তেনেহ’লে এনে ঘটনা সংঘটিত নহ’লহেঁতেন।”

এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে মাদ্ৰাজ কফি হাউছ পৰিচালনা কৰা অনুভৱ নন্দই কয় যে, ‘আমাৰ ৰেষ্টুৰেণ্টত এই ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। এই অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক