--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰাবন্দী আপ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে চিবিআয়ে ৰুজু কৰিছে দুৰ্নীতিৰ নতুন গোচৰ। 

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফবিইউ)ত দুৰ্নীতিৰ অভিযোগত আজি কাৰাগাৰত বন্দী আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ২০১৫ চনত দিল্লীত ক্ষমতালৈ অহাৰ পিছত আপৰ দ্বাৰা এই ফিডবেক ইউনিট গঠন কৰা হৈছিল।

চিবিআইয়ে দাবী কৰে যে ফিডবেক ইউনিট সৃষ্টি আৰু কাম কৰাৰ বেআইনী পদ্ধতিৰ ফলত চৰকাৰী কোষাগাৰৰ প্ৰায় ৩৬ লাখ টকাৰ লোকচান হৈছে।

কাৰাগাৰত বন্দী আপ নেতাজনৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই পদক্ষেপক দেশৰ বাবে দুখজনক বুলি অভিহিত কৰে।

কেজৰিৱালে টুইট কৰি কয়, প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা হৈছে মনীষৰ বিৰুদ্ধে কেইবাটাও মিছা গোচৰ ৰুজু কৰা আৰু তেওঁক দীঘলীয়া সময়ৰ বাবে জিম্মাত ৰখা। এয়া দেশৰ বাবে দুখজনক!

ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ছিচোদিয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ আগবাঢ়ি গৈছিল। চিবিআইৰ এক প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে ছিচোদিয়াই ফিডবেক ইউনিটক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে৷ যদিও বিজেপিয়ে ছিচোদিয়া আৰু আপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছিল, তথাপি মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁলোকক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি অভিযোগসমূহ খণ্ডন কৰিছিল। 

২০২১-২২ বৰ্ষৰ বাবে এতিয়া বাতিল কৰা দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিচোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু