--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ  উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবীছৰ পত্নী অম্ৰূতা ফাড়নবীছক ১ কোটি টকাৰ উৎকোচ প্ৰস্তাৱ কৰা মহাৰাষ্ট্ৰৰ এগৰাকী পোছাক শিল্পী অনীক্ষা জয়সিংহানী আৰু তেওঁৰ পিতৃ অনিল জয়সিংহানীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এটা অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে৷

অনীক্ষা নামৰ এগৰাকী নিজকে পোছাক শিল্পী বুলি পৰিচয় দিয়া মহিলাই এটি পুৰণি ফৌজদাৰী গোচৰৰ মীমাংসাৰ বাবে অম্ৰূতাক ১ কোটি টকাৰ উৎকোচ প্ৰদান কৰাৰ প্ৰস্তাৱ প্ৰদান কৰিছিল৷ উল্লেখযোগ্য যে তেওঁৰ পিতৃ অনিল জয়সিংহানীৰ বিৰুদ্ধে জুৱা,ধনদাবী, ক্ৰিকেট বেটিং আৰু ভুল তথ্যৰে চৰকাৰী কৰ্মচাৰীক পথভ্ৰষ্ট কৰাৰ অপৰাধত মহাৰাষ্ট্ৰ, গোৱা আৰু অসমত গোচৰ ৰুজু হৈ আছে৷

মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন শিৱসেনা (সিন্ধে) আৰু বিজেপিৰ মৰ্চা চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছৰ হাতত আছে গৃহ মন্ত্ৰালয়৷ সেই ক্ষমতা প্ৰয়োগ কৰি অম্ৰূতাক অনীক্ষাৰ বিৰুদ্ধে থকা ফৌজদাৰী গোচৰৰ মীমাংসাৰ বাবে বাৰে বাৰে অনুৰোধ জনাইছিল৷

মুম্বাই আৰক্ষীৰ এটা সূত্ৰই জনোৱা অনুসৰি, গত ১৬ মাহত অনীক্ষা আৰু তেওঁৰ পিতৃয়ে অম্ৰূতাৰ লগত একাধিকবাৰ যোগাযোগ কৰিছিল৷ তদুপৰি ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত এটা অজ্ঞাত নম্বৰৰ পৰা মন্ত্ৰী পত্নী অম্ৰূতাক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল৷ উক্ত  বাৰ্তাটো টকা দিয়া আৰু লোৱাৰ বহু তথ্য উৎঘাটিত গৈছে৷ সেইসমূহ তথ্যৰ ভিত্তিত ইতিমধ্যেই আৰক্ষীয়ে অনীক্ষাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক