--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ  উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবীছৰ পত্নী অম্ৰূতা ফাড়নবীছক ১ কোটি টকাৰ উৎকোচ প্ৰস্তাৱ কৰা মহাৰাষ্ট্ৰৰ এগৰাকী পোছাক শিল্পী অনীক্ষা জয়সিংহানী আৰু তেওঁৰ পিতৃ অনিল জয়সিংহানীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এটা অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে৷

অনীক্ষা নামৰ এগৰাকী নিজকে পোছাক শিল্পী বুলি পৰিচয় দিয়া মহিলাই এটি পুৰণি ফৌজদাৰী গোচৰৰ মীমাংসাৰ বাবে অম্ৰূতাক ১ কোটি টকাৰ উৎকোচ প্ৰদান কৰাৰ প্ৰস্তাৱ প্ৰদান কৰিছিল৷ উল্লেখযোগ্য যে তেওঁৰ পিতৃ অনিল জয়সিংহানীৰ বিৰুদ্ধে জুৱা,ধনদাবী, ক্ৰিকেট বেটিং আৰু ভুল তথ্যৰে চৰকাৰী কৰ্মচাৰীক পথভ্ৰষ্ট কৰাৰ অপৰাধত মহাৰাষ্ট্ৰ, গোৱা আৰু অসমত গোচৰ ৰুজু হৈ আছে৷

মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন শিৱসেনা (সিন্ধে) আৰু বিজেপিৰ মৰ্চা চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছৰ হাতত আছে গৃহ মন্ত্ৰালয়৷ সেই ক্ষমতা প্ৰয়োগ কৰি অম্ৰূতাক অনীক্ষাৰ বিৰুদ্ধে থকা ফৌজদাৰী গোচৰৰ মীমাংসাৰ বাবে বাৰে বাৰে অনুৰোধ জনাইছিল৷

মুম্বাই আৰক্ষীৰ এটা সূত্ৰই জনোৱা অনুসৰি, গত ১৬ মাহত অনীক্ষা আৰু তেওঁৰ পিতৃয়ে অম্ৰূতাৰ লগত একাধিকবাৰ যোগাযোগ কৰিছিল৷ তদুপৰি ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত এটা অজ্ঞাত নম্বৰৰ পৰা মন্ত্ৰী পত্নী অম্ৰূতাক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল৷ উক্ত  বাৰ্তাটো টকা দিয়া আৰু লোৱাৰ বহু তথ্য উৎঘাটিত গৈছে৷ সেইসমূহ তথ্যৰ ভিত্তিত ইতিমধ্যেই আৰক্ষীয়ে অনীক্ষাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু