--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া একবিংশ শতিকাৰ সামাজিক মাধ্যমৰ যুগ,প্ৰতিজন ব্যক্তিৰে  আছে সামাজিক মাধ্যমত এটা একাউণ্ট৷ এই দৌৰত পিছ পৰি ৰোৱা নাই দেশৰ আইএএছ আৰু আইপিএছ বিষয়াসকল৷প্ৰতিদিনেই সাংঘাতিক ধৰণে প্ৰশাসনিক বিষয়াসকলৰ সামাজিক মাধ্যমত অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈছে৷

ইয়াৰ মাজতে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ  মহিলা বিষয়া সোণল গোৱেল,বিষয়াগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টত আছে ৭০০,০০০ অনুৰাগী৷ শেহতীয়াকৈ IASOWA আৰু Miss Shaina NC ৰ যৌথ উদ্যোগত অনুষ্ঠিত "ৱাক ফৰ এ ক’জ" শীৰ্ষক ফেশ্বন শ্বত এখন ৰঙা শাৰী পৰিধান কৰি বিষয়াগৰাকীয়ে সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷

উল্লেখযোগ্য যে সোণল গোৱেলৰ জন্ম হাৰিয়ানা ৰাজ্যৰ পাণিপথত৷ তেওঁ ২০০৮চনত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷

সোণলে দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ্ কমাৰ্চ,দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু তাৰপিছত তেওঁ আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷প্ৰথমে প্ৰশাসনিক সেৱাত যাবলৈ ইচ্ছা নাছিল যদিও আলোচনীত প্ৰকাশিত প্ৰবন্ধৰ পঢ়ি প্ৰশাসনিক সেৱাত আগ্ৰহ বৃদ্ধি পায় ৷

২০০৬ চনত ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰথমটো পৰীক্ষাত সোণল গোৱেল সফল নহয় যদিও ২০০৭চনত দ্বিতীয় প্ৰচেষ্টাত অৱতীৰ্ণ হৈ ত্ৰয়োদশ স্থান লাভ কৰে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক