--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৃষ্টি হ’ল এক নতুন নজিৰ। দেশৰ প্ৰথমগৰাকী  মুছলমান   যুৱতী হিচাবে ছানিয়া মিৰ্জাই  ফাইটাৰ জেটৰ  পাইলটৰ আসনত বহাৰ সুযোগ লাভ কৰিলে। উত্তৰ প্ৰদেশৰ ছানিয়া মিৰ্জা  হৈছে  যুঁজাৰু  বিমানৰ   প্ৰথমগৰাকী  মুছলমান মহিলা পাইলট। 

এগৰাকী টিভি মেৰামতি কৰা মেকানিকৰ কন্যা  ছানিয়াই চৰকাৰী বিদ্যালয়ত পঢ়ি আকাশ স্পৰ্শ কৰিছে। তেওঁ যুঁজাৰু বিমানৰ পাইলট হোৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সকলোকে আনন্দিত কৰি তুলিছে। ছানিয়াই  ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ সপোনৰ কামটোত যোগদান কৰিব। ছানিয়াৰ মাক- দেউতাক তেওঁলোকৰ কন্যাৰ সফলতাকলৈ গৌৰৱান্বিত। দেশত মহিলাসকলৰ বাবে যুঁজাৰু বিমানৰ পাইলট হিচাবে  মাত্ৰ দুখন আসন আছে। ছানিয়াই সেই দুখনৰ মাজৰে এখনত যোগদানৰ সুযোগ পাইছে। 

উত্তৰ প্ৰদেশৰ জাছোভাৰ গাঁৱৰ বাসিন্দা ছানিয়াই সৰুৰে পৰা যুঁজাৰু বিমান উৰুওৱাৰ  সপোন দেখিছিল। তেওঁ  গাওঁখনৰ এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। ছানিয়াই চৰকাৰী হিন্দী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। 

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হৈ তেওঁ   যুঁজাৰু বিমান পাইলট হোৱাৰ সপোন পূৰণ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। তেওঁ চেঞ্চুৰিয়ান ডিফেন্স একাডেমীলৈ গৈছিল আৰু সেনাত যোগদান কৰিবলৈ যাৱতীয় প্ৰশিক্ষণ আৰম্ভ কৰিছিল। 

 ছানিয়াই প্ৰথমবাৰত   ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। তেওঁৰ যুঁজাৰু বিমানৰ  পাইলট হোৱাৰ সপোন দ্বিতীয় প্ৰচেষ্টাত পূৰণ হৈছিল। এন ডি এৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছানিয়াই কয় যে কেৱল ইংৰাজী মাধ্যমত পঢ়িলেই সপোন পূৰণ নহয়। আনকি মাতৃভাষাৰ  মাধ্যমত অধ্যয়ন কৰাৰ পাছতো ইচ্ছাশক্তি থাকিলে সকলো বাধা অতিক্ৰম কৰিব পাৰি।

ছানিয়াৰ  মাতৃয়ে কয়, "ছোৱালীজনীয়ে আমাক গৌৰৱান্বিত কৰিলে। তেওঁৰ সফলতাই গাওঁখনৰ সকলো ছোৱালীক অনুপ্ৰাণিত কৰিব। ছানিয়াৰ দেউতাকে কয় , " যুঁজাৰু বিমানৰ দেশৰ প্ৰথম মহিলা পাইলট অৱনী চতুৰ্বেদীৰ   আদৰ্শ ছানিয়াই অনুসৰণ কৰিছে। " 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু