--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৃষ্টি হ’ল এক নতুন নজিৰ। দেশৰ প্ৰথমগৰাকী  মুছলমান   যুৱতী হিচাবে ছানিয়া মিৰ্জাই  ফাইটাৰ জেটৰ  পাইলটৰ আসনত বহাৰ সুযোগ লাভ কৰিলে। উত্তৰ প্ৰদেশৰ ছানিয়া মিৰ্জা  হৈছে  যুঁজাৰু  বিমানৰ   প্ৰথমগৰাকী  মুছলমান মহিলা পাইলট। 

এগৰাকী টিভি মেৰামতি কৰা মেকানিকৰ কন্যা  ছানিয়াই চৰকাৰী বিদ্যালয়ত পঢ়ি আকাশ স্পৰ্শ কৰিছে। তেওঁ যুঁজাৰু বিমানৰ পাইলট হোৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সকলোকে আনন্দিত কৰি তুলিছে। ছানিয়াই  ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ সপোনৰ কামটোত যোগদান কৰিব। ছানিয়াৰ মাক- দেউতাক তেওঁলোকৰ কন্যাৰ সফলতাকলৈ গৌৰৱান্বিত। দেশত মহিলাসকলৰ বাবে যুঁজাৰু বিমানৰ পাইলট হিচাবে  মাত্ৰ দুখন আসন আছে। ছানিয়াই সেই দুখনৰ মাজৰে এখনত যোগদানৰ সুযোগ পাইছে। 

উত্তৰ প্ৰদেশৰ জাছোভাৰ গাঁৱৰ বাসিন্দা ছানিয়াই সৰুৰে পৰা যুঁজাৰু বিমান উৰুওৱাৰ  সপোন দেখিছিল। তেওঁ  গাওঁখনৰ এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। ছানিয়াই চৰকাৰী হিন্দী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। 

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হৈ তেওঁ   যুঁজাৰু বিমান পাইলট হোৱাৰ সপোন পূৰণ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। তেওঁ চেঞ্চুৰিয়ান ডিফেন্স একাডেমীলৈ গৈছিল আৰু সেনাত যোগদান কৰিবলৈ যাৱতীয় প্ৰশিক্ষণ আৰম্ভ কৰিছিল। 

 ছানিয়াই প্ৰথমবাৰত   ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। তেওঁৰ যুঁজাৰু বিমানৰ  পাইলট হোৱাৰ সপোন দ্বিতীয় প্ৰচেষ্টাত পূৰণ হৈছিল। এন ডি এৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছানিয়াই কয় যে কেৱল ইংৰাজী মাধ্যমত পঢ়িলেই সপোন পূৰণ নহয়। আনকি মাতৃভাষাৰ  মাধ্যমত অধ্যয়ন কৰাৰ পাছতো ইচ্ছাশক্তি থাকিলে সকলো বাধা অতিক্ৰম কৰিব পাৰি।

ছানিয়াৰ  মাতৃয়ে কয়, "ছোৱালীজনীয়ে আমাক গৌৰৱান্বিত কৰিলে। তেওঁৰ সফলতাই গাওঁখনৰ সকলো ছোৱালীক অনুপ্ৰাণিত কৰিব। ছানিয়াৰ দেউতাকে কয় , " যুঁজাৰু বিমানৰ দেশৰ প্ৰথম মহিলা পাইলট অৱনী চতুৰ্বেদীৰ   আদৰ্শ ছানিয়াই অনুসৰণ কৰিছে। " 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক