--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন-২০২৪ত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা বিৰোধী দলসমূহৰ পৰৱৰ্তী বৈঠক বেংগালুৰুত অনুষ্ঠিত হ’ব। পূৰ্বে কোৱা হৈছিল যে এই বৈঠক ছিমলাত অনুষ্ঠিত হ’ব । কিন্তু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে বৃহস্পতিবাৰে কয় যে বিৰোধীৰ পৰৱৰ্তী বৈঠক ১৩ আৰু ১৪ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব। বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে সভাস্থলী সলনি কৰা হৈছে।

পাৱাৰে কয় যে এই বৈঠকখন পাটনাত জেডিইউৰ নেতৃত্বত অনুষ্ঠিত হোৱাৰ বিপৰীতে বেংগালুৰুত কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বৈঠক। পৰৱৰ্তী বৈঠকত মিত্ৰতাৰ নাম আৰু সমিতি গঠনৰ বিষয়ে বিবেচনা কৰিব পাৰি। পাৱাৰে কয় যে পাটনাত বিৰোধী দলৰ বৈঠকৰ পাছতে অস্থিৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী। বিৰোধী একত্ৰিত হ’ল, গতিকে ব্যক্তিগতভাৱে বিজেপিৰ হৈ মন্তব্য কৰা হৈছে। য'ত বিজেপি চৰকাৰ আছে তাতেই হৈছে জাতিগত সংঘৰ্ষ।এতিয়াও জাতি ধৰ্মৰ নামত মহাৰাষ্ট্ৰত সংঘৰ্ষ সংঘটিত হৈছে ।

তদুপৰি তেওঁ কয় যে মোৰ জী সুপ্ৰিয়াই নিজৰ কৰ্মৰ বলত তিনিবাৰকৈ লোকসভা নিৰ্বাচনত জয়ী হৈছে। মহাৰাষ্ট্ৰত জিলা পঞ্চায়ত, গ্ৰাম পঞ্চায়ত, পৌৰ নিগম পৰ্যায়ত মহিলাৰ বাবে সংৰক্ষণ আছে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন হৈছে যে দেশে বিধানসভা আৰু লোকসভাতো মহিলাক সংৰক্ষণ দিয়াৰ সিদ্ধান্ত লওক। তেতিয়া বিজেপিৰ সৈতে থিয় দিব এনচিপি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু