--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে ভুক্তভোগীসকলক সাক্ষাৎ কৰি ৰাজ্যবাসীক এক বাৰ্তা প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে কয়, হিংসাৰ পৰা কোনো ধৰণৰ সমাধান ওলাই নাহে, কেৱল শান্তিৰেহে সমাধান সম্ভৱ।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাহুল গান্ধীয়ে কয়, "মণিপুৰত শান্তিৰ প্ৰয়োজন। সাহায্য শিবিৰলৈ গৈ প্ৰতিটো সম্প্ৰদায়ৰ মানুহ লগ পাইছিলো। সাহায্য শিবিৰত ঔষধ আৰু খাদ্যৰ নাটনি, যাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। মণিপুৰৰ প্ৰতিজন ব্যক্তিক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছো। মই ইয়াত উপস্থিত আছো আৰু শান্তিৰ বাবে যি পাৰো কৰিম।"

উল্লেখযোগ্য যে মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিন অৰ্থাৎ শুকুৰবাৰে ৰাহুল গান্ধীয়ে বিষ্ণুপুৰ জিলাৰ মৈৰাং চহৰৰ দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁ হিংসাৰ ফলত স্থানচ্যুত হোৱা ভুক্তভোগীসকলক সাক্ষাৎ কৰে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীয়ে পুৱা প্ৰায় ৯.৩০ বজাত হেলিকপ্টাৰেৰে মৈৰাঙত উপস্থিত হৈ ইয়াত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগ শুনিবলৈ চেষ্টা কৰে। ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিং, কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, পিচিচিৰ সভাপতি কিশম মেঘচন্দ্ৰ সিং আৰু প্ৰাক্তন সাংসদ অজয় ​​কুমাৰে সংগ দিয়ে।

স্মৰ্ত্তব্য যে মৈৰাং এখন ঐতিহাসিক চহৰ য’ত ১৯৪৪ চনত আই এন এ (আজাদ হিন্দ ফৌজে) ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। ভ্ৰমণৰ প্ৰথম দিনাই ৰাহুল গান্ধীয়ে জাতিগত হিংসাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ চুৰাচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু