--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে ভুক্তভোগীসকলক সাক্ষাৎ কৰি ৰাজ্যবাসীক এক বাৰ্তা প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে কয়, হিংসাৰ পৰা কোনো ধৰণৰ সমাধান ওলাই নাহে, কেৱল শান্তিৰেহে সমাধান সম্ভৱ।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাহুল গান্ধীয়ে কয়, "মণিপুৰত শান্তিৰ প্ৰয়োজন। সাহায্য শিবিৰলৈ গৈ প্ৰতিটো সম্প্ৰদায়ৰ মানুহ লগ পাইছিলো। সাহায্য শিবিৰত ঔষধ আৰু খাদ্যৰ নাটনি, যাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। মণিপুৰৰ প্ৰতিজন ব্যক্তিক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছো। মই ইয়াত উপস্থিত আছো আৰু শান্তিৰ বাবে যি পাৰো কৰিম।"

উল্লেখযোগ্য যে মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিন অৰ্থাৎ শুকুৰবাৰে ৰাহুল গান্ধীয়ে বিষ্ণুপুৰ জিলাৰ মৈৰাং চহৰৰ দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁ হিংসাৰ ফলত স্থানচ্যুত হোৱা ভুক্তভোগীসকলক সাক্ষাৎ কৰে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীয়ে পুৱা প্ৰায় ৯.৩০ বজাত হেলিকপ্টাৰেৰে মৈৰাঙত উপস্থিত হৈ ইয়াত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগ শুনিবলৈ চেষ্টা কৰে। ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিং, কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, পিচিচিৰ সভাপতি কিশম মেঘচন্দ্ৰ সিং আৰু প্ৰাক্তন সাংসদ অজয় ​​কুমাৰে সংগ দিয়ে।

স্মৰ্ত্তব্য যে মৈৰাং এখন ঐতিহাসিক চহৰ য’ত ১৯৪৪ চনত আই এন এ (আজাদ হিন্দ ফৌজে) ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। ভ্ৰমণৰ প্ৰথম দিনাই ৰাহুল গান্ধীয়ে জাতিগত হিংসাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ চুৰাচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ