--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বৃহস্পতিবাৰে (২৯ জুন) কাৰাগাৰত থকা মন্ত্ৰী ভি ছেন্থিল বালাজীক মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰে। তামিলনাডু ৰাজভৱনে এক বিবৃতি প্ৰকাশ কৰি কয় যে ধন সৰবৰাহকে ধৰি কেইবাটাও দুৰ্নীতিৰ গোচৰত মন্ত্ৰী ভি ছেন্থিল বালাজী গুৰুতৰ অপৰাধমূলক কাৰ্য্যবিধিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ৰাজ্যপালে তেওঁক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰিছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে মন্ত্ৰী বালাজীয়ে মন্ত্ৰী হিচাপে নিজৰ পদৰ অপব্যৱহাৰ কৰি তদন্তত প্ৰভাৱ পেলাই আইন আৰু ন্যায়ৰ যথাযথ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে। বৰ্তমান তেওঁ প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্ত চলি থকা এটা অপৰাধমূলক গোচৰত ন্যায়িক জিম্মাত আছে। দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত তেওঁৰ বিৰুদ্ধে আৰু কিছু অপৰাধমূলক গোচৰৰ তদন্ত ৰাজ্য আৰক্ষীয়ে অব্যাহত ৰাখিছে।
 
উল্লেখযোগ্য যে তাৎপৰ্যপূৰ্ণভাৱে প্ৰৱৰ্তন সঞ্চালকালয়ে ১৪ জুনত ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত বালাজীক গ্ৰেপ্তাৰ কৰিছিল। পাছত তদন্তৰ সময়ত অস্বস্তি আৰু বুকুৰ বিষৰ বাবে তেওঁক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে ছেন্থিল বালাজীক কাবেৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হয়। বুধবাৰে চেন্নাইৰ এখন আদালতে বালাজীৰ ন্যায়িক জিম্মা ১২ জুলাইলৈ বৃদ্ধি কৰে। চিকিৎসালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ হয় মন্ত্ৰীগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান