--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বৃহস্পতিবাৰে (২৯ জুন) কাৰাগাৰত থকা মন্ত্ৰী ভি ছেন্থিল বালাজীক মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰে। তামিলনাডু ৰাজভৱনে এক বিবৃতি প্ৰকাশ কৰি কয় যে ধন সৰবৰাহকে ধৰি কেইবাটাও দুৰ্নীতিৰ গোচৰত মন্ত্ৰী ভি ছেন্থিল বালাজী গুৰুতৰ অপৰাধমূলক কাৰ্য্যবিধিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ৰাজ্যপালে তেওঁক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰিছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে মন্ত্ৰী বালাজীয়ে মন্ত্ৰী হিচাপে নিজৰ পদৰ অপব্যৱহাৰ কৰি তদন্তত প্ৰভাৱ পেলাই আইন আৰু ন্যায়ৰ যথাযথ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে। বৰ্তমান তেওঁ প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্ত চলি থকা এটা অপৰাধমূলক গোচৰত ন্যায়িক জিম্মাত আছে। দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত তেওঁৰ বিৰুদ্ধে আৰু কিছু অপৰাধমূলক গোচৰৰ তদন্ত ৰাজ্য আৰক্ষীয়ে অব্যাহত ৰাখিছে।
 
উল্লেখযোগ্য যে তাৎপৰ্যপূৰ্ণভাৱে প্ৰৱৰ্তন সঞ্চালকালয়ে ১৪ জুনত ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত বালাজীক গ্ৰেপ্তাৰ কৰিছিল। পাছত তদন্তৰ সময়ত অস্বস্তি আৰু বুকুৰ বিষৰ বাবে তেওঁক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে ছেন্থিল বালাজীক কাবেৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হয়। বুধবাৰে চেন্নাইৰ এখন আদালতে বালাজীৰ ন্যায়িক জিম্মা ১২ জুলাইলৈ বৃদ্ধি কৰে। চিকিৎসালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ হয় মন্ত্ৰীগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ