--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীনা বিদেশ মন্ত্রী বাং বিয়ে পাকিস্তানৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী মহম্মদ ইছাকডাৰ আৰু আফগান বিদেশ মন্ত্রী মাত্তালাওয়ি আমিৰ খান মুট্টাকিৰ সৈতে টেলিফ'নযোগে পৃথকে যুদ্ধ বন্ধ কৰা সন্দৰ্ভত কথাও পাতিছে।

ডিজিটেল ডেস্ক : পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ চীন। দেশখনে প্রকাশ কৰিছে যে এছিয়াৰ দুয়োখন দেশৰ মাজৰ যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ চীন সাজু আছে। চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে কয় যে পাকিস্তান-আফগানিস্তানৰ মাজৰ যুদ্ধ বন্ধ কৰাৰ বাবে চীনে নিজাকৈ প্রচেষ্টা অব্যাহত ৰাখিছে। 


চীনা বিদেশ মন্ত্রী বাং বিয়ে পাকিস্তানৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী মহম্মদ ইছাকডাৰ আৰু আফগান বিদেশ মন্ত্রী মাত্তালাওয়ি আমিৰ খান মুট্টাকিৰ সৈতে টেলিফ'নযোগে পৃথকে যুদ্ধ বন্ধ কৰা সন্দৰ্ভত কথাও পাতিছে। আফগানিস্তানত চীনৰ বিশেষ ৰাষ্ট্ৰদূতগৰাকীয়েও পাক-আফগান সম্পর্ক উন্নত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলি প্রকাশ। উল্লেখযোগ্য যে প্রায় তিনি সপ্তাহজুৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত যুদ্ধ আব্যাহত আছে। এই যুদ্ধত দুয়োপক্ষই বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। 


আফগান কর্তৃপক্ষই সোমবাৰে অভিযোগ কৰে যে পাকিস্তানৰ বিমান আক্রমণত দেওবাৰে নিশা পূব আফগানিস্তানত তিনিটা শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। বিগত এটা সপ্তাহত পাকিস্তানৰ আক্রমণত দেশখনত ১৮জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি সূত্ৰটোৱে প্রকাশ কৰে। ইফালে, পাকিস্তানত আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিছে আফগানিস্তানেও। 


সোমবাৰে নিচেই পুৱা আফগান বাহিনীয়েও পাকিস্তানৰ সামৰিক শিবিৰক লক্ষ্য কৰি বোমা বর্ষণ কৰে। আফগানিস্তানৰে যুদ্ধৰ ফলত পাকিস্তানৰ অৰ্থনীতিত ব্যাপক নেতিবাচক প্ৰভাৱ পৰা বুলি প্রকাশ পাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ