--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সামৰিক তথা প্ৰতিৰক্ষাৰ দিশৰ পৰা এই ৰাডাৰ প্রণালীটো অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে। চীনে বিগত বৰ্ষবোৰত নিজৰ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰি তুলিছে। ইয়াৰ ভিতৰত ম্যানমাৰ সীমান্তৰ ইউনান প্রদেশত এতিয়া সক্ৰিয় কৰা এই ৰাডাৰ প্ৰণালীও অন্যতম।

ডিজিটেল ডেস্ক: চীনে ম্যানমাৰ সীমান্তত স্থাপন কৰা এটা বিশাল ৰাডাৰ প্ৰণালী কার্যক্ষম কৰি তোলা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ-পূব আৰু পূব সীমান্তক ঘেৰি চীন-ম্যানমাৰ-বাংলাদেশ কৰিডৰ গঠনৰ প্ৰস্তাৱ কৰাৰ সময়তে এই বিশাল ৰাডাৰ প্ৰণালী সক্ৰিয় কৰাৰ বাতৰিয়ে ভাৰতৰ বাবে গভীৰ উদ্বেগৰ সৃষ্টি কৰাটো নিশ্চিত। 


উক্ত কৰিডৰৰ জৰিয়তে চীনৰ বংগোপসাগৰৰ পৰা ভাৰত মহাসাগৰলৈকে সামৰিক উপস্থিতি শক্তিশালী কৰাৰ ষড়যন্ত্ৰ কৰিছে। সেই সময়তে এই ৰাডাৰ প্ৰণালীক সক্ৰিয় কৰি চীনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ এক গভীৰ জাল পেলাইছে। এই লার্জ ফেড্ড এৰে ৰাডাৰৰ (এল পি এ আৰ) ক্ষমতা ৫ হাজাৰ কিল'মিটাৰতকৈ অধিক। আন কথাত এই ৰাডাৰৰ জৰিয়তে চীনে পাঁচ হাজাৰ কিল'মিটাৰতকৈ অধিক ব্যাসার্ধৰ এলেকাত ভাৰতৰ সামৰিক কাম-কাজসমূহ নিৰীক্ষণ কৰিব পাৰিব। দাবী কৰা অনুসৰি চীনে এই ৰাডাৰ প্ৰণালীৰ জৰিয়তে ভাৰতৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ওপৰত চকু ৰাখিব পাৰিব। ইয়াৰ লগতে ভাৰত মহাসাগৰলৈকে এটা বিশাল এলেকাত ভাৰতৰ সামৰিক উপস্থিতি তথা সামৰিক কাম-কাজত চীনে সূক্ষ্মভাৱে চকু ৰাখিব পাৰিব। 


ভাৰতৰ সামৰিক তথা প্ৰতিৰক্ষাৰ দিশৰ পৰা এই ৰাডাৰ প্রণালীটো অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে। চীনে বিগত বৰ্ষবোৰত নিজৰ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰি তুলিছে। ইয়াৰ ভিতৰত ম্যানমাৰ সীমান্তৰ ইউনান প্রদেশত এতিয়া সক্ৰিয় কৰা এই ৰাডাৰ প্ৰণালীও অন্যতম। এই ৰাডাৰে ভাৰতৰ পূব অংশৰ লগতে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ এটা বিশাল এলেকাত চকু ৰাখিব। এই ৰাডাৰ প্ৰণালীৰ সহায়ত চীনে ওড়িশাৰ ড° এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কৰা ক্ষেপণাস্ত্ৰ পৰীক্ষাত সূক্ষ্মভাৱে দৃষ্টি ৰাখিবলৈ সক্ষম হ'ল। যদিহে কোনো এখন দেশে ক্ষেপণাস্ত্র প্রণালীৰ পৰীক্ষাৰ পৰা ইয়াক উৰণ ক্ষমতা তথা মাৰণাস্ত্র ক্ষমতাৰ বিষয়ে তথ্য লাভকৰিব পাৰে, তেতিয়া সেই অনুসাৰে নিজৰ প্ৰতিৰক্ষা সঁজুলি সাজু কৰিব পাৰে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সময়ত লাভ কৰা তথ্য কোনো এখন দেশৰ পৰা গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে ক্ষেপণাস্ত্র শক্তিৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, চীনে এল পি এ আৰৰ জৰিয়তে চীনে ভাৰতৰ অগ্নি-৪ আৰু অগ্নি-৫ৰ দৰে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ ওপৰত চকু ৰাখিব পাৰিব। 


উল্লেখযোগ্য যে ভাৰত মহাসাগৰত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ইয়াতে ভাৰতীয় নৌ সেনাৰ শক্তিশালী উপস্থিতি আছে আৰু বিশ্বৰ কেইবাটাও বাণিজ্যিক সামুদ্রিক পথো পাৰ হৈছে। এনে অৱস্থাত ভাৰত মহাসাগৰত চীনৰ সতর্ক দৃষ্টিয়ে ভাৰতৰ উদ্বেগ অধিক বৃদ্ধি কৰিব। উল্লেখযোগ্য যে শ্বিনজিয়াং প্রদেশত চীনৰ আগৰে পৰাই এনেধৰণৰ এটা শক্তিশালী ৰাডাৰ প্রণালী আছেই। এনে অৱস্থাত ইউনান প্রদেশত সক্ৰিয় কৰা এই নতুন ৰাডাৰ প্রণালীয়ে দেশখনৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিব। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনৰ এনে ধৰণৰ ষড়যন্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতেও নিজৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ