--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সামৰিক তথা প্ৰতিৰক্ষাৰ দিশৰ পৰা এই ৰাডাৰ প্রণালীটো অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে। চীনে বিগত বৰ্ষবোৰত নিজৰ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰি তুলিছে। ইয়াৰ ভিতৰত ম্যানমাৰ সীমান্তৰ ইউনান প্রদেশত এতিয়া সক্ৰিয় কৰা এই ৰাডাৰ প্ৰণালীও অন্যতম।

ডিজিটেল ডেস্ক: চীনে ম্যানমাৰ সীমান্তত স্থাপন কৰা এটা বিশাল ৰাডাৰ প্ৰণালী কার্যক্ষম কৰি তোলা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ-পূব আৰু পূব সীমান্তক ঘেৰি চীন-ম্যানমাৰ-বাংলাদেশ কৰিডৰ গঠনৰ প্ৰস্তাৱ কৰাৰ সময়তে এই বিশাল ৰাডাৰ প্ৰণালী সক্ৰিয় কৰাৰ বাতৰিয়ে ভাৰতৰ বাবে গভীৰ উদ্বেগৰ সৃষ্টি কৰাটো নিশ্চিত। 


উক্ত কৰিডৰৰ জৰিয়তে চীনৰ বংগোপসাগৰৰ পৰা ভাৰত মহাসাগৰলৈকে সামৰিক উপস্থিতি শক্তিশালী কৰাৰ ষড়যন্ত্ৰ কৰিছে। সেই সময়তে এই ৰাডাৰ প্ৰণালীক সক্ৰিয় কৰি চীনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ এক গভীৰ জাল পেলাইছে। এই লার্জ ফেড্ড এৰে ৰাডাৰৰ (এল পি এ আৰ) ক্ষমতা ৫ হাজাৰ কিল'মিটাৰতকৈ অধিক। আন কথাত এই ৰাডাৰৰ জৰিয়তে চীনে পাঁচ হাজাৰ কিল'মিটাৰতকৈ অধিক ব্যাসার্ধৰ এলেকাত ভাৰতৰ সামৰিক কাম-কাজসমূহ নিৰীক্ষণ কৰিব পাৰিব। দাবী কৰা অনুসৰি চীনে এই ৰাডাৰ প্ৰণালীৰ জৰিয়তে ভাৰতৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ওপৰত চকু ৰাখিব পাৰিব। ইয়াৰ লগতে ভাৰত মহাসাগৰলৈকে এটা বিশাল এলেকাত ভাৰতৰ সামৰিক উপস্থিতি তথা সামৰিক কাম-কাজত চীনে সূক্ষ্মভাৱে চকু ৰাখিব পাৰিব। 


ভাৰতৰ সামৰিক তথা প্ৰতিৰক্ষাৰ দিশৰ পৰা এই ৰাডাৰ প্রণালীটো অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে। চীনে বিগত বৰ্ষবোৰত নিজৰ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰি তুলিছে। ইয়াৰ ভিতৰত ম্যানমাৰ সীমান্তৰ ইউনান প্রদেশত এতিয়া সক্ৰিয় কৰা এই ৰাডাৰ প্ৰণালীও অন্যতম। এই ৰাডাৰে ভাৰতৰ পূব অংশৰ লগতে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ এটা বিশাল এলেকাত চকু ৰাখিব। এই ৰাডাৰ প্ৰণালীৰ সহায়ত চীনে ওড়িশাৰ ড° এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কৰা ক্ষেপণাস্ত্ৰ পৰীক্ষাত সূক্ষ্মভাৱে দৃষ্টি ৰাখিবলৈ সক্ষম হ'ল। যদিহে কোনো এখন দেশে ক্ষেপণাস্ত্র প্রণালীৰ পৰীক্ষাৰ পৰা ইয়াক উৰণ ক্ষমতা তথা মাৰণাস্ত্র ক্ষমতাৰ বিষয়ে তথ্য লাভকৰিব পাৰে, তেতিয়া সেই অনুসাৰে নিজৰ প্ৰতিৰক্ষা সঁজুলি সাজু কৰিব পাৰে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সময়ত লাভ কৰা তথ্য কোনো এখন দেশৰ পৰা গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে ক্ষেপণাস্ত্র শক্তিৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, চীনে এল পি এ আৰৰ জৰিয়তে চীনে ভাৰতৰ অগ্নি-৪ আৰু অগ্নি-৫ৰ দৰে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ ওপৰত চকু ৰাখিব পাৰিব। 


উল্লেখযোগ্য যে ভাৰত মহাসাগৰত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ইয়াতে ভাৰতীয় নৌ সেনাৰ শক্তিশালী উপস্থিতি আছে আৰু বিশ্বৰ কেইবাটাও বাণিজ্যিক সামুদ্রিক পথো পাৰ হৈছে। এনে অৱস্থাত ভাৰত মহাসাগৰত চীনৰ সতর্ক দৃষ্টিয়ে ভাৰতৰ উদ্বেগ অধিক বৃদ্ধি কৰিব। উল্লেখযোগ্য যে শ্বিনজিয়াং প্রদেশত চীনৰ আগৰে পৰাই এনেধৰণৰ এটা শক্তিশালী ৰাডাৰ প্রণালী আছেই। এনে অৱস্থাত ইউনান প্রদেশত সক্ৰিয় কৰা এই নতুন ৰাডাৰ প্রণালীয়ে দেশখনৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিব। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনৰ এনে ধৰণৰ ষড়যন্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতেও নিজৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু