--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আত্মহত্যাৰ সময়ত তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল। সুস্মিতাৰ মাতৃ জি জনাৰায়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে তেওঁৰ কন্যাক স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।

ডিজিটেল ডেস্ক: স্বামীয়ে গৰ্ভস্থ সন্তানৰ DNA পৰীক্ষা বিচৰাৰ পিছত ২৩ বছৰীয়া গৰ্ভৱতী মহিলাৰ আত্মহত্যা। এই ঘটনাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে। ঘটনাটো সংঘটিত হৈছে তেলেংগানাত। মৃত মহিলাগৰাকীৰ নাম জি সুস্মিতা।


জি সুস্মিতাই (২৩) মেদক জিলাৰ আল্লাদুৰ্গ মণ্ডলৰ গাডীপেদ্দাপুৰ গাঁৱত থকা নিজ গৃহত ডিঙিত চিপ লগাই আত্মহত্যা কৰে। ৱিকাৰাবাদ জিলাৰ মথকুপল্লী গাঁৱৰ বাসিন্দা সুস্মিতাৰ প্ৰায় ১৮ মাহ পূৰ্বে গাডীপেদ্দাপুৰৰ এগৰাকী খাৰু বিক্ৰেতা জি অভিলাষৰ সৈতে বিবাহ হৈছিল।


আত্মহত্যাৰ সময়ত তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল। সুস্মিতাৰ মাতৃ জি জনাৰায়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে তেওঁৰ কন্যাক স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।


মাতৃয়ে কয় যে ২৩ জুনত মই আৰু মোৰ স্বামীয়ে সুস্মিতাৰ ঘৰলৈ গৰ্ভধাৰণ উৎসৱৰ (Baby shower) যা-যোগাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈছিলোঁ। আমি তাত থকা অৱস্থাতে অভিলাষে উৎসৱটোক লৈ তৰ্কাতৰ্কি কৰে আৰু গৰ্ভস্থ সন্তানটোৰ ডি.এন.এ. পৰীক্ষাৰ দাবী কৰে। ইয়াৰ পিছত সমাজৰ জ্যেষ্ঠ লোকসকলে মধ্যস্থতা কৰে আৰু আমি ঘৰলৈ উভতি আহোঁ।"


এই অপমানজনক অভিজ্ঞতাৰ দুদিন পিছত, ২৫ জুনৰ সন্ধিয়া সুস্মিতাই গাডীপেদ্দাপুৰৰ নিজ ঘৰত ডিঙিত চিপ লগাই আত্মহত্যা কৰে। গাঁৱৰ ৰাইজে তেওঁৰ পিতৃ-মাতৃক এই কথা অৱগত কৰে। পুলিচৰ এজাহাৰত সুস্মিতাৰ মাতৃয়ে অভিযোগ কৰে যে স্বামী আৰু শাহুৱেকৰ ধাৰাবাহিক নিৰ্যাতনৰ বাবেই তেওঁৰ কন্যাৰ মৃত্যু হৈছে।


এই অভিযোগৰ ভিত্তিত আল্লাদুৰ্গ আৰক্ষীয়ে ২৬ জুনত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ৮৫ (মহিলাৰ ওপৰত স্বামী বা স্বামীৰ আত্মীয়ই চলোৱা ক্ৰুৰতা) আৰু ১০৮ (আত্মহত্যাৰ প্ৰৰোচনা), লগতে ধাৰা ৩(৫) (যুটীয়া উদ্দেশ্য)ৰ অধীনত এটা গোচৰ ৰুজু কৰে।


মৰণোত্তৰ পৰীক্ষাৰ অন্তত সুস্মিতাৰ মৃতদেহ পিতৃ-মাতৃক গতাই দিয়া হয়। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ