--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আত্মহত্যাৰ সময়ত তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল। সুস্মিতাৰ মাতৃ জি জনাৰায়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে তেওঁৰ কন্যাক স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।

ডিজিটেল ডেস্ক: স্বামীয়ে গৰ্ভস্থ সন্তানৰ DNA পৰীক্ষা বিচৰাৰ পিছত ২৩ বছৰীয়া গৰ্ভৱতী মহিলাৰ আত্মহত্যা। এই ঘটনাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে। ঘটনাটো সংঘটিত হৈছে তেলেংগানাত। মৃত মহিলাগৰাকীৰ নাম জি সুস্মিতা।


জি সুস্মিতাই (২৩) মেদক জিলাৰ আল্লাদুৰ্গ মণ্ডলৰ গাডীপেদ্দাপুৰ গাঁৱত থকা নিজ গৃহত ডিঙিত চিপ লগাই আত্মহত্যা কৰে। ৱিকাৰাবাদ জিলাৰ মথকুপল্লী গাঁৱৰ বাসিন্দা সুস্মিতাৰ প্ৰায় ১৮ মাহ পূৰ্বে গাডীপেদ্দাপুৰৰ এগৰাকী খাৰু বিক্ৰেতা জি অভিলাষৰ সৈতে বিবাহ হৈছিল।


আত্মহত্যাৰ সময়ত তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল। সুস্মিতাৰ মাতৃ জি জনাৰায়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে তেওঁৰ কন্যাক স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।


মাতৃয়ে কয় যে ২৩ জুনত মই আৰু মোৰ স্বামীয়ে সুস্মিতাৰ ঘৰলৈ গৰ্ভধাৰণ উৎসৱৰ (Baby shower) যা-যোগাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈছিলোঁ। আমি তাত থকা অৱস্থাতে অভিলাষে উৎসৱটোক লৈ তৰ্কাতৰ্কি কৰে আৰু গৰ্ভস্থ সন্তানটোৰ ডি.এন.এ. পৰীক্ষাৰ দাবী কৰে। ইয়াৰ পিছত সমাজৰ জ্যেষ্ঠ লোকসকলে মধ্যস্থতা কৰে আৰু আমি ঘৰলৈ উভতি আহোঁ।"


এই অপমানজনক অভিজ্ঞতাৰ দুদিন পিছত, ২৫ জুনৰ সন্ধিয়া সুস্মিতাই গাডীপেদ্দাপুৰৰ নিজ ঘৰত ডিঙিত চিপ লগাই আত্মহত্যা কৰে। গাঁৱৰ ৰাইজে তেওঁৰ পিতৃ-মাতৃক এই কথা অৱগত কৰে। পুলিচৰ এজাহাৰত সুস্মিতাৰ মাতৃয়ে অভিযোগ কৰে যে স্বামী আৰু শাহুৱেকৰ ধাৰাবাহিক নিৰ্যাতনৰ বাবেই তেওঁৰ কন্যাৰ মৃত্যু হৈছে।


এই অভিযোগৰ ভিত্তিত আল্লাদুৰ্গ আৰক্ষীয়ে ২৬ জুনত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ৮৫ (মহিলাৰ ওপৰত স্বামী বা স্বামীৰ আত্মীয়ই চলোৱা ক্ৰুৰতা) আৰু ১০৮ (আত্মহত্যাৰ প্ৰৰোচনা), লগতে ধাৰা ৩(৫) (যুটীয়া উদ্দেশ্য)ৰ অধীনত এটা গোচৰ ৰুজু কৰে।


মৰণোত্তৰ পৰীক্ষাৰ অন্তত সুস্মিতাৰ মৃতদেহ পিতৃ-মাতৃক গতাই দিয়া হয়। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু