--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনে এই প্রতিকূল বতৰৰ পৰিস্থিতি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই প্রকাশ কৰা মতে, অহা পাঁচ বছৰত ইউৰোপীয় দেশসমূহত অতিপাত গৰম হ'ব।

ডিজিটেল ডেস্ক: ইউৰোপৰ অধিকাংশ দেশত বর্তমান প্রবল গ্রীষ্মপ্ৰৱাহে জনজীৱনত ব্যাপক প্রভাৱ পেলাইছে। সমগ্র ফ্রান্সত উষ্ণতা অভিলেখ মাত্রাত বৃদ্ধি পাইছে। সোমবাৰে নিশা ফ্রান্সত উষ্ণতাই অভিলেখ গঢ়ে।


৪৩ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা হোৱা ফ্ৰান্সৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ 'ৰেড এলার্ট' ঘোষণা কৰিবলৈ বাধ্য হৈছে দেশখনৰ চৰকাৰ। যোৱা সপ্তাহত গৰম সম্বন্ধীয় ঘটনাত দেশখনত ২৫জন লোকৰ মৃত্যু হৈছে। ৰাজধানী পেৰিছত প্ৰবল গ্রীষ্ম প্ৰৱাহৰ বাবে বিদ্যালয়, ৰে'লসেৱা, বিভিন্ন চৰকাৰী কাৰ্যসূচী ব্যাহত হৈছে। 


মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনে এই প্রতিকূল বতৰৰ পৰিস্থিতি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই প্রকাশ কৰা মতে, অহা পাঁচ বছৰত ইউৰোপীয় দেশসমূহত অতিপাত গৰম হ'ব। ইউৰোপ বিশ্বৰ দ্রুতভাৱে উষ্ণতা বৃদ্ধি হোৱা অন্যতম মহাদেশ হিচাপে পৰিগণিত হৈছে। যোৱা ৪ বছৰত সমগ্ৰ ইউৰোপত গৰম সম্বন্ধীয় ঘটনাত প্রায় ২ লাখ লোকৰ মৃত্যু হৈছে। সোমবাৰে ফ্ৰান্সৰ বৰডুৱেক্সত ৪৩ ডিগ্রী চেলছিয়াছ, পইটায়াৰ্ছত ৪২ ডিগ্রী চেলছিয়াছ উষ্ণতাৰ অভিলেখ হয়। 


তদুপৰি স্পেইনৰো বিভিন্ন অঞ্চলত তাপমাত্রাই অভিলেখ গঢ়িছে। ছান ছে বাষ্টিয়ানত ৪১ ডিগ্রী চেলছিয়াছপর্যন্ত উষ্ণতা বৃদ্ধি পাইছে। ঠিক সেইদৰে ব্রিটেইনত উষ্ণতা বৃদ্ধিৰ অভিলেখ হৈছে। দেশখনৰ বিভিন্ন অঞ্চলত তাপমাত্রা ৩৯ ডিগ্রী চেলছিয়াছপর্যন্ত বৃদ্ধি পাইছে। ইটালিত সোমবাৰে ১২খন মহানগৰত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি কৰিছে। বেলজিয়ামতো প্রবল গ্রীষ্মপ্রৱাহে জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান