--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনে এই প্রতিকূল বতৰৰ পৰিস্থিতি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই প্রকাশ কৰা মতে, অহা পাঁচ বছৰত ইউৰোপীয় দেশসমূহত অতিপাত গৰম হ'ব।

ডিজিটেল ডেস্ক: ইউৰোপৰ অধিকাংশ দেশত বর্তমান প্রবল গ্রীষ্মপ্ৰৱাহে জনজীৱনত ব্যাপক প্রভাৱ পেলাইছে। সমগ্র ফ্রান্সত উষ্ণতা অভিলেখ মাত্রাত বৃদ্ধি পাইছে। সোমবাৰে নিশা ফ্রান্সত উষ্ণতাই অভিলেখ গঢ়ে।


৪৩ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা হোৱা ফ্ৰান্সৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ 'ৰেড এলার্ট' ঘোষণা কৰিবলৈ বাধ্য হৈছে দেশখনৰ চৰকাৰ। যোৱা সপ্তাহত গৰম সম্বন্ধীয় ঘটনাত দেশখনত ২৫জন লোকৰ মৃত্যু হৈছে। ৰাজধানী পেৰিছত প্ৰবল গ্রীষ্ম প্ৰৱাহৰ বাবে বিদ্যালয়, ৰে'লসেৱা, বিভিন্ন চৰকাৰী কাৰ্যসূচী ব্যাহত হৈছে। 


মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনে এই প্রতিকূল বতৰৰ পৰিস্থিতি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই প্রকাশ কৰা মতে, অহা পাঁচ বছৰত ইউৰোপীয় দেশসমূহত অতিপাত গৰম হ'ব। ইউৰোপ বিশ্বৰ দ্রুতভাৱে উষ্ণতা বৃদ্ধি হোৱা অন্যতম মহাদেশ হিচাপে পৰিগণিত হৈছে। যোৱা ৪ বছৰত সমগ্ৰ ইউৰোপত গৰম সম্বন্ধীয় ঘটনাত প্রায় ২ লাখ লোকৰ মৃত্যু হৈছে। সোমবাৰে ফ্ৰান্সৰ বৰডুৱেক্সত ৪৩ ডিগ্রী চেলছিয়াছ, পইটায়াৰ্ছত ৪২ ডিগ্রী চেলছিয়াছ উষ্ণতাৰ অভিলেখ হয়। 


তদুপৰি স্পেইনৰো বিভিন্ন অঞ্চলত তাপমাত্রাই অভিলেখ গঢ়িছে। ছান ছে বাষ্টিয়ানত ৪১ ডিগ্রী চেলছিয়াছপর্যন্ত উষ্ণতা বৃদ্ধি পাইছে। ঠিক সেইদৰে ব্রিটেইনত উষ্ণতা বৃদ্ধিৰ অভিলেখ হৈছে। দেশখনৰ বিভিন্ন অঞ্চলত তাপমাত্রা ৩৯ ডিগ্রী চেলছিয়াছপর্যন্ত বৃদ্ধি পাইছে। ইটালিত সোমবাৰে ১২খন মহানগৰত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি কৰিছে। বেলজিয়ামতো প্রবল গ্রীষ্মপ্রৱাহে জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু